ৰঙিয়া, 8 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগতে বোকা ছটিওৱা ৰাজনীতি তুংগত উঠিছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত ৷ দেওবাৰে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা ৷ ভুৱনেশ্বৰ কলিতাক এগৰাকী ব্যৰ্থ নেতা বুলি বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই আক্ৰমণ কৰি কলিতাৰ কামৰ হিচাপ বিচাৰিছিল । ইয়াৰে প্ৰত্যুত্তৰত ভুৱনেশ্বৰ কলিতাই তেওঁৰ কামৰ খতিয়ান বিচৰাৰ নৈতিক অধিকাৰ বিজেপিৰ নাই বুলি প্ৰত্যাক্ৰমণ কৰে ৷ বিজেপিয়ে শাসনৰ গাদীত বহাৰ পিছৰ পৰা বিৰোধীক প্ৰশ্ন কৰাৰ অধিকাৰ হেৰুৱাইছে । এতিয়া বিজেপিয়ে ওলোটাই কংগ্ৰেছক প্ৰশ্ন কৰাটো হাস্যকৰ আখ্যা দিয়ে । এতিয়া বিৰোধীয়ে প্ৰশ্ন কৰিব আৰু শাসনাধিস্থ বিজেপি চৰকাৰে ইয়াৰ উত্তৰ দিব লাগিব ৷
ইয়াৰ লগতে তেওঁৰ কাৰ্যকালত ৰাস্তা-ঘাট নিৰ্মাণ কৰাকে ধৰি বিভিন্ন উন্নয়নয়নমূলক কামৰ বিষয়েও উল্লেখ কৰে নেতাগৰাকীয়ে ৷ কিন্তু চকুত ক'লা চশমা পৰিধান কৰা বিজেপিৰ নেতাসকলে সেই উন্নয়নমূলক কামসমূহ দেখা নাপায় বুলি কটাক্ষ কৰে ভুৱনেশ্বৰ কলিতাই ৷