ETV Bharat / state

আৰক্ষীৰ সৈতে হতাহতি বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ

বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈ ক’ভিডৰ নিয়ম ভংগ কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ ৷ শক্তি প্ৰদৰ্শন কৰি মহকুমাধিপতিৰ কাৰ্যালয়ত প্ৰৱেশ কৰে প্ৰাৰ্থী গৰাকীয়ে ৷ আৰক্ষী বিষয়াৰ সৈতে হতাহতি হয় দিগন্ত কলিতাৰ ৷

bjp-candidate-diganta-kalita-argument-with-police-officer
আৰক্ষীৰ সৈতে হতাহতি বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ
author img

By

Published : Mar 10, 2021, 7:00 PM IST

Updated : Mar 10, 2021, 9:18 PM IST

ৰঙিয়া,10 মাৰ্চ: নিৰ্বাচন আয়োগৰ বিধি উলংঘা কৰি বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হয় কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা । ক’ভিডৰ বাবে কাৰ্যালয়ৰ 100 মিটাৰৰ ভিতৰত প্ৰাৰ্থীগৰাকীৰ লগত মাত্ৰ দুজন ব্যক্তিক প্ৰৱেশৰ অনুমতি দিয়া হৈছে ৷

কিন্তু দিগন্ত কলিতাই এই নিয়ম ভংগ কৰি কাৰ্যালয়ত শক্তি প্ৰদৰ্শন কৰি সোমাবলৈ চেষ্টা কৰা পৰিলক্ষিত হয় ৷ আৰক্ষীৰ সৈতে শাৰীৰিক বল প্ৰয়োগ কৰে দিগন্ত কলিতাই ৷ আনকি ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকাকো দুৰ্ব্যৱহাৰ কৰে প্ৰাৰ্থী গৰাকীয়ে ৷

ইফালে জ্যেষ্ঠ নেতা সাংসদ ভূৱনেশ্বৰ কলিতাই আৰক্ষীৰ বাধা নামানি জোৰকৈ কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা কৰে । আৰক্ষীৰ বাধালৈ কেৰেপ নকৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ দিগন্ত কলিতাই ক্ষমতা পোৱাৰ আগতেই যেন ক্ষমতাৰ ৰাগীত মাতাল হৈ পৰা দেখা যায় । অৱশেষত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ প্ৰাৰ্থী গৰাকীয়ে দুগৰাকী লোক লগত লৈ কাৰ্যালয়ত সোমাবলৈ বাধ্য হয় ।

আৰক্ষীৰ সৈতে হতাহতি বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ

একে সময়তে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই দিগন্ত কলিতাৰ হৈ মনোনয়ন পত্ৰ গ্ৰহণ কৰা কক্ষত প্ৰৱেশ কৰাৰ চেষ্টা কৰে ৷ কিন্তু মহকুমাধিপতিৰ দেহৰক্ষী জোৱানে তেওঁক বাধা প্ৰদান কৰে । উপস্থিত থকা দুই এজন লোকে সাংসদ ভূৱনেশ্বৰ কলিতাৰ পৰিচয় দিয়ে যদিও দেহৰক্ষী জোৱানে কোনোপধ্যেই ভিতৰত প্ৰৱেশ কৰিব নিদিলে ৰাজ্যসভাৰ সাংসদ গৰাকীক ।

অৱশেষত দিগন্ত কলিতাৰ সৈতে ভিতৰত প্ৰৱেশ কৰা এগৰাকী মহিলা ওলাই অহাৰ পাচতহে প্ৰৱেশ কৰিবলৈ দিয়া হ’ল ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাক ।

লগতে পঢ়ক : পদুলিয়ে পদুলিয়ে নহয় ৰাইজৰ হৃদয়লৈ যাব বিজেপি: হিমন্ত বিশ্ব শৰ্মা

Last Updated : Mar 10, 2021, 9:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.