দক্ষিণ কামৰূপ, 9 এপ্ৰিলঃ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ নৈপৰীয়া বৃহত্তৰ বৰটাৰী অঞ্চলত, হেজাৰ হেজাৰ বিঘা ভূমিত মালভোগ কলৰ খেতি কৰা খেতিয়কৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । লক্ ডাউনৰ ফলত বিক্ৰী কৰিব নোৱাৰি গছতেই পকি নষ্ট হ'বলৈ ধৰিছে কল । বৃহৎ লোকচানৰ সন্মুখীন হৈ এতিয়া খেতিয়কসকলে বজাৰৰ সু-ব্যৱস্থা কৰিবলৈ চৰকাৰলৈ অনুৰোধ জনাইছে ।
উল্লেখ্য যে, এসময়ত প্ৰৱল গৰাখহনীত বৃহত্তৰ বৰটাৰী গাঁৱৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি জাহ গৈছিল পানীত । কিন্তু কালৰ গতিত পুনৰ বৰটাৰী অঞ্চলত বিগত প্ৰায় ৮ বছৰৰ পৰা ৰাইজে নিজৰ নিজৰ কৃষিভূমিত শাক পাচলিৰ খেতি কৰাৰ লগতে আৰম্ভ কৰিছিল মালভোগ কলৰ খেতি । বৰটাৰী অঞ্চলৰ প্ৰায় ৪০০ পৰিয়ালে মালভোগ কলৰ খেতি কৰি পৰিয়াল পোহপাল দি আছে বুলি জানিব পৰা গৈছে ।