বাইহাটা, 3 জুন : ফেনে ফুটুকাৰে বাঢ়ি আহিল পুঠিমাৰী নৈৰ পানী । ভূতৰ ওপৰত দানহ পৰাদি অব্যাহত ৰূপত আছে প্ৰতিৱেশী ভূটানৰ পানী এৰি দিয়া কাৰ্য । ইফালে, নৈপৰীয়া ৰাইজে পাহৰা নাই বিগত বৰ্ষ সমূহত মথাউৰি ভঙা দিনৰ বিভীষিকাময় পৰিৱেশৰ কথা । একেসময়তে, বান সমস্যাৰ ওপৰত নতুন মন্ত্ৰী সভাৰ উদ্যমতাক পোনচাটেই বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰিছে এচাম ঠিকাদাৰে । পুঠিমাৰী নৈৰ আজাৰা অঞ্চলত দিনক দিনে বেয়ালৈ গতি কৰিছে ৰাইজৰ একমাত্ৰ ভৰষা মথাউৰিটোৰ অৱস্থা । উল্লেখ্য যে, উক্ত মথাউৰিটো মেৰামতিৰ বাবদ বিভাগীয়ভাৱে আবণ্টন কৰা হৈছিল প্ৰায় এক কোটি আশী লাখ টকা।
কিন্তু, ঠিকাদাৰ গৰাকীৰ মইমতালি তথা হেমাহিৰ বাবে পিছ পৰি ৰৈছে মথাউৰি নিৰ্মাণৰ কাম । বিগত মাহত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই অতি শীঘ্ৰে অৰ্থাৎ 20 দিনৰ সময় নিৰ্ধাৰণ কৰি মথাউৰিৰ কাম সম্পূৰ্ণ কৰিবলৈ মৌখিকভাৱে নিৰ্দেশ দিছিল ঠিকাদাৰ গৰাকীক ।
প্ৰতিটো মূহুৰ্ততে বিপদৰ আগজাননী অনুভৱ কৰি থকা নৈপৰীয়া ৰাইজ এতিয়া অসহায় অৱস্থাত পৰিছে । শংকিত ৰাইজে অতিশীঘ্ৰে মথাউৰি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিবলৈ আহ্বান জনাইছে দায়িত্বত থকা সকলক । এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে, মন্ত্ৰী বিধায়ক আৰু জলসম্পদ বিভাগৰ অভিযন্তা কৰ্মচাৰীয়ে কৰ্মত হেমাহি কৰা ঠিকাদাৰ জনক কামত লগাবলৈ সক্ষম হয় নে নহয় ।
লগতে পঢ়ক : কন্টেইনমেন্ট জ’নত আৱদ্ধ মহাৰাণী বাসীয়ে পোৱা নাই পৰ্যাপ্ত খাদ্য