কামৰূপ,21এপ্ৰিল: "ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লে দেশলৈ নামি আহিব ঘোৰ অমাৱশ্যা । সত্য নাৰায়ণ পূজা কৰিবলৈ দিনবাৰ নাপাব দেশৰ জনতাই ।"- দেওবাৰে অন্তিমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷
দেওবাৰে আমিনগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অন্তিমখন নিৰ্বাচনী প্ৰচাৰ । অন্তিমখন নিৰ্বাচনী প্ৰচাৰ সভাত সমালোচনাৰে থকা-সৰকা কৰে বুদ্ধিজীৱি সকলক । ডঃ হীৰেণ গোঁহায়ে অসমীয়া সমাজক বিভাজিত কৰিব বিচাৰিছে বুলি কৈ হীৰেণ গোঁহাইৰ কথা শুনিলে বদৰুদ্দিন অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি এক বিস্ফোৰক মন্তব্য দাঙি ধৰে । ইপিনে এই সভাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো কটাক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । লোকসভা নিৰ্বাচনত ব্যাপক মাত্ৰাত কৰা মন্ত্ৰী গৰাকীৰ ৰোড শ্ব'ৰ শক্তিৰ উৎস সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই সভাতে মোডীক সূৰ্যৰে ৰিজাই নিজকে চন্দ্ৰৰে তুলনা কৰে মন্ত্ৰী শৰ্মাই । লগতে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লে দেশলৈ ঘোৰ অমাৱশ্যা নামি আহিব বুলি ৰাহুল গান্ধীক কটাক্ষ কৰি দেশৰ জনতাই সত্য নাৰায়ণ পূজা কৰিবলৈ দিন-বাৰ নাপাব বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । আনহাতে এই সভাত দহ দহস্ৰাধিক জনতাৰে সৈতে মঞ্চত পুনৰ হিমন্তই নৃত্য কৰি আমিনগাঁৱৰ সভাতে এইবেলি লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সামৰণি মাৰে ৷