আজাৰা,8 নৱেম্বৰ : 21ৰ বিধানসভা নিৰ্বাচনক লৈ বিশেষ তৎপৰতা দেখা গৈছে পলাশবাৰী বিধাসভা সমষ্টিত । পলাশবাৰী সমষ্টিত বিভিন্ন গৰাকী নেতাই বিভিন্ন ধৰণেৰে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ । পলাশবাৰীত ভিৰ কৰিছে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে । বিগত নিৰ্বাচনত ছয়গাঁও সমষ্টিত দুবাৰকৈ পৰাজিত হোৱা প্ৰাক্তন মন্ত্ৰী তথা অগপৰ কেন্দ্ৰীয় সম্পাদক কমলা কলিতাই বিভিন্ন প্ৰকাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ।
দেওবাৰে পলাশবাৰী সমষ্টিৰ মিৰ্জাত অগপ নেত্ৰী কমলা কলিতাই অনুষ্ঠিত কৰে এখন কৰ্মী সভা ৷ এই কৰ্মী সভাত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াকে ধৰি অগপ নেতৃবৰ্গ ৷ কিন্তু অগপ কৰ্মীসভাৰ নামত নিৰ্বাচনী প্ৰচাৰ চলোৱাহে দেখা গ’ল ৷
সভাত অগপ দলৰ পলাশবাৰী সমষ্টিৰ হৈ কমলা কলিতাক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু মনোজ শইকীয়াই ৷ আনহাতে পলাশবাৰীত বৰ্তমান দুটা ভাগত বিভক্ত হৈছে অগপ । পুৰণি অগপ নেতা পংলোচন গোস্বামীক এলাগী কৰি অগপই ঠায়ে ঠায়ে অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা ।
লগতে পঢ়ক : আগন্তুক নিৰ্বাচনত চুতীয়া প্ৰাৰ্থীৰ দাবী চুতীয়া জাতি সন্মিলনৰ