বাইহাটা,31 আগষ্ট: কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত বৰুৱাজানীত বাস কৰে প্ৰায় চাৰিশ পৰিয়ালে ৷ আটাইবোৰ পৰিয়াল কম-বেছি পৰিমাণে জড়িত কঠ ব্যৱসায়ত ৷ গাঁওবাসীয়ে এনেদৰে ধৰি ৰাখিছে প্ৰায় পাঁচশ বছৰ পুৰণি এই পৰম্পৰা ৷
সকলো ঠিকেই আছিল ৷ পিছে এই ব্যৱসায়ত কেণা লাগিল কৰ’ণা মহামাৰী আৰম্ভ হোৱাৰ পৰাহে ৷ তাতে আৰু দীৰ্ঘদিনীয়া লক্ ডাউন ৷ মানে একপ্ৰকাৰ ভূতৰ ওপৰত দানহ ৷ লক্ ডাউনৰ পূৰ্বে উৎপাদিত কঠ পৰি ৰ’ল ঘৰৰ চুকতে ৷ খাদ্য হৈ পৰিল নিগনি,পইতাচোঁৰাৰ ৷ এই ব্যৱসায়ত জড়িত গাঁওবাসীৰ সন্মুখত সৃষ্টি হ’ল নতুন প্ৰত্যাহ্বানৰ ৷ যথেষ্ঠ কষ্টৰে দূৰণিৰ পৰা সংগ্ৰহ কৰা কেঁচামালসমূহ আনিবলৈও এতিয়া এইসকল লোকৰ হাতত মজুত নাই পৰ্যাপ্ত ধন ৷ চাহিদা থকা সত্বেও কঠসমূহ বজাৰত বিক্ৰী কৰিব পৰা নাই ব্যৱসায়ীসকলে ৷
একপ্ৰকাৰ পৰিত্যক্ত অৱস্থাত আছে সম্প্ৰতি উৎপাদিত কঠসমূহ ৷ লক ডাউনৰ বাবে তীব্ৰ লোকচানৰ সন্মুখীন হোৱা কঠ ব্যৱসায়ীসকলৰ অসুবিধাৰ প্ৰতি সঁহাৰি জনাবলৈ বৰ্তমান আহৰি নাই স্থানীয় জন প্ৰতিনিধিসকলৰ ৷ প্ৰতিনিধিসকলৰ এনে মনোভাৱৰ বাবে চৰকাৰে গ্ৰহণ কৰা ভকেল ফৰ লকেল নীতি ফাইলতে সীমাবদ্ধ থকাৰ আশংকা কৰিব পাৰি ৷
লগতে চাওকঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান