ETV Bharat / state

বৰ্ষাপাৰাত সামৰণি পৰিল মহিলাৰ শাৰিৰীক তথা দক্ষতা বিকাশ শিবিৰ - ষ্টেডিয়াম

বৰ্ষাপাৰাত অনুষ্ঠিত মহিলাৰ শাৰিৰীক তথা দক্ষতা বিকাশ শিবিৰৰ সামৰণি ৷ পুৰুষৰ সমানেই মহিলা খেলুৱৈসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে অসম ক্ৰিকেট সন্থাই এই শিবিৰৰ আয়োজন কৰিছিল।

বৰ্ষাপাৰাত সামৰণি পৰিল মহিলাৰ শাৰিৰীক তথা দক্ষতা বিকাশ শিবিৰ

author img

By

Published : Dec 19, 2020, 7:33 AM IST

Updated : Dec 19, 2020, 7:43 AM IST

গুৱাহাটী, 19 ডিচেম্বৰ : শুকুৰবাৰে সামৰণি পৰে ৫ ডিচেম্বৰৰ পৰা অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰম্ভ হোৱা মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ১৪ দিনীয়া মহিলাৰ শাৰিৰীক তথা দক্ষতা বিকাশ শিবিৰৰ ।

এই শিবিৰত অংশগ্ৰহণ কৰে ৰাজ্যৰ ৫৪ গৰাকী মহিলা ক্ৰিকেটাৰে । ৰাজ্যিক ক্ৰিকেট একাডেমীৰ কাৰিকৰী সঞ্চালক গনেশ দত চোগ আৰু তিলক দাসে মহিলা ক্ৰিকেটাৰ সকলক অনুশীলন প্ৰদান কৰে। পুৰুষৰ সমানেই মহিলা খেলুৱৈসকল আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে অসম ক্ৰিকেট সন্থাই এই শিবিৰৰ আয়োজন কৰিছিল।

শাৰিৰীক তথা দক্ষতা বিকাশ শিবিৰৰ জৰিয়তে মহিলাসকল যথেষ্ট উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে। ইফালে সম্পূৰ্ণ ক'ভিড বিধি মানি এই শিবিৰ অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে, কৰ'ণা অতিমাৰীৰ বাবে প্ৰায় স্তব্ধ হৈ পৰিছিল ৷ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ লগতে একেদৰে ক্ৰিকেটৰ অনুশীলন তথা সকলো ধৰণৰ শাৰিৰীক শিবিৰ বন্ধ হৈ আছিল। বৰ্তমান পৰিস্থিতি সুস্থিৰ হোৱাৰ বাবে পৰ্যায় ক্ৰমে ক্ৰিকেটাৰসকলৰ অনুশীলন স্বাভাৱিক কৰাৰ ব্যৱস্থা কৰিছে অসম ক্ৰিকেট সন্থাই ।

লগতে পঢ়ক:SI কেলেংকাৰীৰ ২৬২১ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল চিআইডিৰ

Last Updated : Dec 19, 2020, 7:43 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.