গুৱাহাটী, ১৬ নৱেম্বৰ : গুৱাহাটী(Guwahati)ৰ গড়চুকৰ কাষৰীয়া আহোমগাঁও, কটকীপাৰা অঞ্চলত খাদ্যৰ সন্ধানত নিশা গড়ভঙা সংৰক্ষিত বনাঞ্চল(Garhbhanga reserve forest)ৰ পৰা ওলাই আহি নলাসদৃশ সৰু পিতনিত পৰি আৱদ্ধ হৈ পৰিছিল এটা বনৰীয়া হাতী(Wild elephant) । সোমবাৰে বহু সময় ধৰি চেষ্টা চলোৱাৰ অন্তত বন বিভাগে(Forest Department) স্থানীয় ৰাইজৰ সহযোগত নিৰাপদে হাতীটো উদ্ধাৰ(Wild elephant rescued) কৰিবলৈ সক্ষম হয় ।
সন্দেহ কৰা মতে, দেওবাৰে মাজনিশাৰ পাচত অঞ্চলটোৰ গাতে লাগি থকা গড়ভঙা বনাঞ্চলৰ পৰা প্ৰায় বাৰ বছৰ বয়সৰ হাতীটো ওলাই আহিছিল । পুৱতি নিশা উভতি যোৱাৰ সময়ত হাতীটো পিতনিত পৰি যোৱাৰ ধাৰণা কৰা হৈছে । পুৱা হাতীটো বোকাত আৱদ্ধ হৈ থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে নিকটৱৰ্তী মইনাখোৰোং খণ্ড বন বিষয়াৰ কাৰ্যালয়ক অৱগত কৰে ।
খণ্ড বন বিষয়াজনে বনকর্মীৰ এটা দল লগত লৈ ঘটনাস্থলীলৈ যায় যদিও হাতীটোৰ অৱস্থান দেখি লগে লগে দক্ষিণ গুৱাহাটীৰ বনাঞ্চলিক বিষয়া বীৰপী ইংতিপি আৰু পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিণী বল্লভ শইকীয়াক অৱগত কৰে । পাচত দুয়োজন উচ্চপদস্থ বিষয়াৰ নেতৃত্বত অতিৰিক্ত বনকৰ্মীৰ দল উপস্থিত হয় ।
তাৰ পাচত বিভিন্ন কৌশল প্ৰয়োগ কৰি ৰাইজৰ সহযোগত দিনজোৰা চেষ্টাৰ অন্তত বন বিভাগে সোমবাৰে নিশা হাতীটোক নিৰাপদে বোকাৰ পৰা পাৰলৈ উঠাবলৈ সক্ষম হয় । বন বিষয়া ৰোহিণী বল্লভ শইকীয়াই সদৰি কৰা অনুসৰি, হাতীটোক নিৰাপদে উদ্ধাৰ কৰিলেও বাৰ ঘন্টাতকৈ অধিক সময় বোকাত থাকি উঠিবলৈ আপ্ৰাণ চেষ্টা কৰা বাবে হাতীটো কিছু দুর্বল হৈ পৰিছে । যাৰ বাবে ৰাইজৰ সহযোগত বনকৰ্মীৰ দলে হাতীটোক খাদ্যৰ বাবে কলগছৰ যোগান ধৰিছে ।
লগতে পঢ়ক:Maligaon Foot Bridge : দুবছৰে পদদলংখন চোৱাচিতা কৰা নাই উন্নয়ন প্ৰাধিকৰণে