ETV Bharat / state

পত্নীক খবৰ নিদিয়াকৈ ক’ভিডত মৃত স্বামীৰ সৎকাৰ স্বাস্থ্য বিভাগৰ

author img

By

Published : Jul 29, 2021, 5:44 PM IST

ক’ভিড-১৯ ত স্বামীৰ মৃত্যু হোৱাৰ ১৮ দিন পিছতহে খবৰ দিয়া হ’ল পত্নীক । নিতৌ খবৰ লোৱাৰ পিছতো পৰিয়ালৰ লোকে খবৰ নোলোৱা বুলি পৰিয়ালৰ অজ্ঞাতে সৎকাৰ কৰা হ’ল ক’ভিডত মৃত্যুবৰণ কৰা ধ্বজেন শৰ্মাৰ ৷

wife remained unaware about husbands death due to health departments negligence
পত্নীক খবৰ নিদিয়াকৈ ক’ভিডত মৃত স্বামীৰ সৎকাৰ কৰিলে স্বাস্থ্য বিভাগে

ৰঙিয়া, 29 জুলাই : স্বাস্থ্য বিভাগ(health department)ৰ খেলিমেলিৰ বাবে ৰঙিয়াৰ এগৰাকী মহিলাই স্বামীৰ শেষকৃত‍্যৰ পৰা বঞ্চিত হ'ল ৷ শৰীৰত ক'ভিডৰ অৱস্থিতি ধৰা পৰাত ২৪ দিনৰ পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল মহিলাগৰাকীৰ স্বামীক । ৰঙিয়াৰ মিলনপুৰ নিবাসী ধ্বজেন শৰ্মাই ২৪ দিনৰ পূৰ্বে ৰঙিয়াৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰেপিড এণ্টিজেন টেষ্ট(rapid antizen test) কৰিছিল । শৰীৰত কভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে ৰঙিয়া স্বাস্থ্য খণ্ডৰ ফালৰ পৰা মিলনপুৰৰ নিবাসী ই-ৰিক্সা চালক ধ্বজেন শৰ্মাক সৰুসজাইৰ ক’ভিড হাস্পতললৈ প্ৰেৰণ কৰা হৈছিল ৷

ইয়াৰ পিছৰে পৰা পৰিয়ালৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰে শৰ্মাৰ । এসপ্তাহ অতিক্ৰম কৰাৰ পিছতো স্বামীৰ কোনো খবৰ লাভ নকৰাত পত্নী মুনু দেৱীয়ে ৰঙিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত যোগাযোগ কৰে । ধ্বজেন শৰ্মাক উন্নত চিকিৎসাৰ বাবে সৰুসজাইৰ ক’ভিড হাস্পতালৰ (covid hospital Sarusajai) পৰা আমিনগাঁও কভিড হাস্পতাললৈ প্ৰেৰণ কৰা বুলি স্বাস্থ্য বিভাগৰ পৰা জনোৱা হয় ।

লগতে পঢ়ক : অসমীয়া লোকক ঘৰৰ পৰা উচ্ছেদ কৰি বাংকাৰ বনাইছে মিজো আৰক্ষীয়ে

কিন্তু ১৪ দিন অতিক্ৰম কৰাৰ পিছতো স্বামী উভতি নহাত চিন্তিত হৈ পৰে লোকজনৰ পত্নী আৰু দুই কন্যা । স্বামীক বিচাৰি প্ৰত্যেক দিনাই যোগাযোগ কৰে ৰঙিয়াৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত । কিন্তু গা এৰা মন্তব্যৰে স্বাস্থ্য কৰ্মীয়ে ওভতাই পঠিয়াই দিয়ে ব্যক্তিগৰাকীৰ পত্নীক । অৱশেষত উপায়বিহীন পত্নীয়ে ৰঙিয়া আৰক্ষীৰ কাষ চাপে ।

স্বামী ধ্বজেন শৰ্মাৰ ১৮ দিন পূৰ্বেই মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । পৰিয়ালৰ লোকে যোগাযোগ নকৰাৰ বাবেই মৃত্যুৰ ৫ দিন পিছত ইতিমধ্যে তেওঁৰ মৃতদেহ সৎকাৰ কৰা হৈছে বুলি জনায় । এই খবৰ পোৱাৰ পিছতে পৰিয়ালটোৰ মূৰত সৰগ ভাঙি পৰে ৷ প্ৰতিদিনে ৰঙিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰাৰ পিছতো স্বামীৰ অন্তিম সৎকাৰৰ পৰা বঞ্চিত হোৱা পৰিয়ালটোৱে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগৰ ওপৰত ৷

লগতে পঢ়ক : সীমান্তমুখী মন্ত্ৰী অতুল বৰাৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত : 5 নিৰাপত্তাৰক্ষী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.