ETV Bharat / state

কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ? - next state BJP president Assam

নতুন সভাপতি বাচনিৰ বিষয়টোত গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্ব এখোজ আগুৱাই দুখোজ পিছুৱাব লগীয়া হৈছে ৷ কিয়নো 2024 ৰ লোকসভা নিৰ্বাচনত অসমত বিজেপি দল এইজন নতুন সভাপতিৰ নেতৃত্বতে অৱতীৰ্ণ হ'ব লাগিব ।

who-will-take-charge-as-next-state-bjp-president-assam
কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ?
author img

By

Published : Jun 25, 2021, 6:14 PM IST

গুৱাহাটী,25 জুন : বিজেপিৰ নতুন ৰাজ্যিক সভাপতি কোন হ'ব তাকে লৈ দলটোত ভিন্ন চৰ্চা অব্যাহত থাকিলেও এই পৰ্যন্ত দলৰ ৰাষ্ট্ৰীয় নেতৃত্বয়ো ঠিৰাং কৰিব পৰা নাই ৰঞ্জিৎ দাসৰ স্থলাভিষিক্ত হ'ব কোন ! ইতিমধ্যে সভাপতি পদক কেন্দ্ৰ কৰি গেৰুৱা দলটোৰ বাহিৰে ভিতৰে ব্যাপক জল্পনা কল্পনাও আৰম্ভ হৈছে ৷ চৰ্চিত হৈছে বিভিন্ন নেতাৰ নাম । আনকি স্বয়ং প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিজেও কেন্দ্ৰীয় মন্ত্ৰীৰ পৰিৱৰ্তে ৰাজ্যিক সভাপতি পদৰ বাবেহে অধিক আগ্ৰহী বুলি ইতিমধ্যে দলৰ কেন্দ্ৰীয় নেতৃত্বক জানিবলৈ দিছে ৷

মনকৰিবলগীয়া যে দলটোৰ নতুন ৰাজ্যিক সভাপতি হিচাপে যিয়েই অধিষ্ঠিত নহওক কিয়, তেওঁৰ ওপৰত থাকিব অত্যন্ত গুৰু দায়িত্ব ৷ কিয়নো 2024 ৰ লোকসভা নিৰ্বাচনত অসমত বিজেপি দল এইজন নতুন সভাপতিৰ নেতৃত্বতে অৱতীৰ্ণ হ'ব লাগিব । তেনেক্ষেত্ৰত এতিয়া নতুন সভাপতি বাচনিৰ বিষয়টোত গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্ব এখোজ আগুৱাই দুখোজ পিছুৱাব লগীয়া হৈছে ৷ ইপিনে ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে নিজেই সভাপতি পদৰ বাবে আগ্ৰহ প্ৰকাশ কৰিলেও দলৰ ৰাষ্ট্ৰীয় নেতৃত্ব কিম্বা মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা কোনেও এইয়া বিচৰা নাই ৷

সূত্ৰটোৱে প্ৰকাশ কৰা মতে, সভাপতি পদৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰথম পছন্দৰ নেতাজন হ'ল সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই কথা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাকো অৱগত কৰিছে ৷ মনকৰিবলগীয়া যে, ইতিপূৰ্বে দলৰ পৰবৰ্তী সভাপতি পদৰ বাবে বিধায়ক ৰঞ্জিৎ দত্ত, ভবেশ কলিতা, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আদিকে ধৰি কেইবাজনো নেতাৰ নাম চৰ্চিত হৈ আহিছে ৷

লগতে পঢ়কঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথত জাল পাতিলে কোনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.