ETV Bharat / state

Jica water project in Guwahati: এহেজাৰ লিটাৰ পানী ক্ৰয় কৰিব লাগিব ২২ টকাত - 22 per 1000 liters of water

জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ যোগেদি পৰীক্ষামূলকভাৱে তিনি হাজাৰ পৰিয়াললৈ যোগান ধৰা হ’ব পানী (Water supply to 3000 families on trial basis through Jica)৷ ঘৰুৱা যোগানৰ বাবে শ্লেব অনুসৰি প্ৰতি এহেজাৰ লিটাৰ পানীৰ বাবদ ধাৰ্য কৰা হৈছে ২২ টকা ৷

এহেজাৰ লিটাৰ পানী ২২ টকাত ক্ৰয় কৰিব লাগিব
Water will be supplied experimentally through The Jica
author img

By

Published : Jul 22, 2022, 8:55 PM IST

গুৱাহাটী, ২২ জুলাই: জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ যোগেদি পৰীক্ষামূলকভাৱে তিনি হাজাৰ পৰিয়াললৈ যোগান ধৰা হব পানী (Water supply to 3000 families on trial basis through Jica)৷ ৫ টাকৈ ডিষ্ট্ৰিকেট মিটাৰ্ড এৰিয়াৰ (DMR) বহুৱাই পানী যোগানৰ বাবে বৃহস্পতিবাৰে অনলাইন আবেদনৰ এক ৱেবছাইট আৰু ম'বাইল এপ মুকলি কৰে সংশ্লিষ্ট বিভাগে । মুকলি কৰা ৱেবছাইট আৰু ম'বাইল এপটো হৈছে WWW.gmdwsb.in ৱেবছাইট আৰু জে জে বি (গুৱাহাটী জলবৰ্ড) ।

আনহাতে GMDW&SB ৱেবছাইট আৰু হেল্পলাইন নম্বৰ ৬০০৩৯২০৮৪৬ ৰ জৰিয়তে গ্ৰাহকে কিবা অভিযোগ থাকিলে সংশ্লিষ্ট কৰ্তৃপক্ষক জনাব পাৰিব । পানী যোগানৰ আবেদনৰ মাচুল ৯,৫০০ টকাৰ পৰা ১২,৫০০ টকা পৰ্যন্ত ধাৰ্য কৰা হৈছে । যদিহে অসুবিধাবশতঃ আবেদনকাৰীৰ গৃহত পানীৰ সংযোগ স্থাপন কৰিব নোৱাৰে তেন্তে তেওঁৰ পৰা লোৱা ধন ঘূৰাই দিয়া হ'ব । সম্ভাৱনীয়তা আদিৰ ওপৰত ভিত্তি কৰি ‘ট্ৰায়েল ৰান’ৰ সময়ছোৱাত সৰ্বোচ্চ ২১ দিনৰ ভিতৰত গৃহ সংযোগ প্ৰদান কৰা হ'ব ।

উল্লেখযোগ্য যে প্ৰথমাৱস্থাত পৰীক্ষামূলকভাৱে তিনি হেজাৰ পৰিয়ালক পানী যোগান ধৰা হ'ব যদিও আগষ্টৰ পৰা পানী নিয়মীয়াকৈ যোগান ধৰিব বুলি বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়ে । তদুপৰি দ্বিতীয় পৰ্যায়ত কেইবাটাও স্থানত পানী নিয়মীয়াকৈ যোগান ধৰাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হব ।

উল্লেখ্য যে প্ৰথম অৱস্থাত পূৱ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত অমিয় নগৰ, ৰুদ্ৰনগৰ, কৃষ্ণ নগৰ, মিলনপুৰ, চানমাৰি, বামুণীমৈদাম, ৰাজগড়, পূব শৰণীয়া আদি কৰি কেইবাটাও অঞ্চলৰ মুঠ তিনি হেজাৰ পৰিয়ালক প্ৰতিজন লোকৰ বিপৰীতে পৰীক্ষামূলকভাৱে দৈনিক ১৩৫ লিটাৰকৈ পানী যোগান ধৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে । অমিয়নগৰ আৰু ৰুদ্ৰনগৰৰ অঞ্চলবাসীয়ে দৈনিক বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ আৰু কৃষ্ণনগৰ, মিলনপুৰ, বামুণীমৈদাম, চানমাৰি, ৰাজগড় আৰু পূব শৰণীয়া অঞ্চলৰ লোকে পুৱা ৭ বজাৰ পৰা ৯ বজালৈ পানী লাভ কৰিব । ঘৰুৱা যোগানৰ বাবে শ্লেব অনুসৰি প্ৰতি এহেজাৰ লিটাৰ পানীৰ বাবদ ২২ টকা ধাৰ্য কৰা হৈছে (22 per 1000 liters of water)।

লগতে পঢ়ক: বিশুদ্ধ খোৱাপানী বিচাৰি শ্ৰেণীকোঠা এৰি প্ৰতিবাদত নামিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.