ETV Bharat / state

Bhupen Bora Vs Pijush Hazarika: ড৹ ভূপেন বৰা বনাম গাইড পীযুষ হাজৰীকা ! - Bhupen Bora Slams Minister Pijush Hazarika

তুংগত উঠিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মন্ত্ৰী পীযুষ হাজৰীকাৰ বাক যুদ্ধ ৷ কমিছনক লৈ আক্ৰমণ-প্ৰত্যাক্ৰমণ দুয়োজনৰে ৷

Bhupen Bora Vs Pijush Hazarika
আক্ৰমণ-প্ৰত্যাক্ৰমণ
author img

By

Published : Jul 11, 2023, 9:40 PM IST

তুংগত উঠিছে ভূপেন বৰা আৰু পীযুষ হাজৰীকাৰ বাক যুদ্ধ

গুৱাহাটী, 11 জুলাই : এইবাৰৰ বিষয়-ছিণ্ডিকেট ৷ কোন কমিচনৰ ডক্টৰেট? কোন কমিচনৰ ডক্টৰেট ডিগ্ৰী দিব খোজা গৱেষক গাইড ? পুনৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মন্ত্ৰী পীযুষ হাজৰীকাৰ মাজত আৰম্ভ হৈছে ৰাজনৈতিক বাক যুদ্ধ ৷ তুংগত উঠিছে দুয়োজনৰে কমিছনক লৈ আক্ৰমণ-প্ৰত্যাক্ৰমণ ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু পীযুষ হাজৰীকাৰ ৰাজনৈতিক বাক যুদ্ধ আৰু শ্লেষ, উপহাসে সময়ে সময়ে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰি আহিছে ৷ শেহতীয়াকৈ ছিণ্ডিকেট আৰু কমিছনক লৈ আৰম্ভ হোৱা তৰ্ক যুদ্ধৰ মাজতে মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ওপৰত পুনৰবাৰ আক্ৰমণৰ বাণ বৰষিলে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ মন্ত্ৰী হাজৰিকাই ক’লে-"ভূপেন বৰাৰ নামটো ড৹ ভূপেন বৰাহে হ'ব লাগে ৷ সমষ্টিৰ মানুহে কমিচন বৰা বুলি জানে তেওঁক ৷ কমিচনতেই ব্যস্ত থাকে ভূপেন বৰা ৷ মই তেঁওৰ নামৰ আগত লগাই দিছো কমিচন বৰা ৷ কমিচন লোৱাত তেঁও পি এইচ ডি ৷ কমিচন অফ্ কালেকচনৰ ওপৰত থেচিছ লিখি ডক্টৰেট ডিগ্ৰী লাভ কৰিছে ভূপেন বৰাই ৷ কমিচন লোৱাৰ বাবেই তেঁও নিজৰ পুৰণি সমষ্টি এৰি নতুন সমষ্টিলৈ যাব বিচাৰিছে ৷”

আনহাতে পীযুষ হাজৰিকাৰ কটাক্ষ ভৰা মন্তব্যৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ভূপেন বৰাইয়ো সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শ্লেষেৰে ক’লে- “পীযুষ হাজৰিকাই এটা বিষয়ত ডক্টৰেট দিব পৰা হৈছে, বিশেষ বিষয় এটাত যে তেওঁ বিশেষজ্ঞ হৈছে সেইটো তেখেতে নিজেই আজি স্বীকাৰ কৰিছে ৷ তেওঁ ছিণ্ডিকেট কমিছনৰ গাইড ৷ পি এইছ ডি কৰিবলৈ এজন ছাত্ৰক এগৰাকী গাইড লাগিব ৷ অসমত যদি কোনোবাই কমিচন বিষয়ত গৱেষণা কৰিব খোজে তেন্তে পীযুষ হাজৰীকা গাইড হ’বলৈ সক্ষম; অভিজ্ঞতা আছে তেখেতৰ ৷ এই ক্ষেত্ৰত তেওঁ যে এজন ভেটাৰ্ণ, এক্সপাৰ্ট গাইড সেই কথা তেওঁ নিজেই স্বীকাৰ কৰিছে ৷”

প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতা ভূপেন বৰা আৰু ভূপেন বৰাৰেই এসময়ৰ অনুজ সতীৰ্থ, বৰ্তমানৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ এই বাক যুদ্ধই জনসাধাৰণৰ ওচৰত কাক কোনে কিমান উদঙাইছে সেয়া অনুমেয় নহ’লেও এইটো নিশ্চিত যে ৰাজনৈতিক ক্ষেত্ৰখনত এই বাক যুদ্ধই যথেষ্ট আমোদ দিছে ৰাইজক ৷

লগতে পঢ়ক: Assam government griha pravesh ceremony: 13 জুলাইত 3 লাখ ঘৰৰ গৃহ প্ৰৱেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.