ETV Bharat / state

নিৰাপদ দূৰত্বত অৱস্থান কৰি কামকাজ চলাইছে নেকি এন এইছ এমে ? - কৰ‘ণা মহামাৰী

প্ৰতিষেধক গ্ৰহণ কৰিবলৈ যোৱা প্ৰতিটো প্ৰতিষেধক প্ৰদান কেন্দ্ৰত আগ্ৰহী লোক সকলৰ মাজত দেখা পোৱা গল মিশ্ৰিত প্ৰতিক্ৰিয়াৰ । কোনো কোনো লোকে চাৰি পাঁচ দিন আহিও ভেকচিন লাভ কৰিবলৈ সক্ষম নোহোৱাত ক্ষোভৰ বহিঃপ্ৰকাশ দেখুওৱা পৰিলক্ষিত হল । তেনে পৰিপ্ৰেক্ষিতত এন এইছ এম কৰ্তৃপক্ষ কিয় সাংবাদিকৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান গ্ৰহণ কৰি কাম কাজ কায চলাই গৈছে সেয়াও এক ৰহস্যৰ বিষয় ।

vaccination-camp-story
নিৰাপদ দূৰত্বত অৱস্থান কৰি কামকাজ চলাইছে নেকি এনএইছএমে ?
author img

By

Published : Apr 29, 2021, 10:23 PM IST

গুৱাহাটী, 29 এপ্ৰিল : সম্প্ৰতি ৰাজ্যত দ্ৰুত গতিত চলিছে কৰ’ণাৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া । চৰকাৰী ভাবে পোৱা এই বিনামূলীয়া ভেকচিন গ্ৰহণ কৰিবলৈ দৈনিক যথেষ্ট সংখ্যক লোকে ভিৰ কৰা পৰলিক্ষিত হৈছে প্ৰতিটো প্ৰতিষেধক প্ৰদান কেন্দ্ৰত । অৱশ্যে চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰা এই ভেকচিন মাত্ৰ চল্লিছ ঊৰ্ধৰ ব্যক্তিসকলকহে প্ৰদান কৰি থকা হৈছে ।

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি, মে মাহৰ পহিলা তাৰিখৰ পৰা ১৮ বছৰৰ উৰ্ধৰ সকলো লোককে প্ৰদান কৰা হব ভেকচিন । ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এক কোটি প্ৰতিষেধক বিচাৰি কেন্দ্ৰীয় চৰকাৰলৈ আবদেন কৰা খবৰো পোহৰলৈ আহিছে ।

এই প্ৰসংগত ইটিভি ভাৰতৰ ফালৰ পৰা এন এইছ এম কৰ্তৃপক্ষক একাধিকবাৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও তাৎপৰ্যপূৰ্ণ ভাৱে কোনো ধৰণৰ যোগাযোগ ৰক্ষা কৰাৰ পৰা বিৰত থাকে এন এইছ এম কৰ্তৃপক্ষ । আন এক উল্লেখনীয় কথা যে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ যোৱা প্ৰতিটো প্ৰতিষেধক প্ৰদান কেন্দ্ৰত আগ্ৰহী লোক সকলৰ মাজত দেখা পোৱা গল মিশ্ৰিত প্ৰতিক্ৰিয়াৰ । কোনো কোনো লোকে চাৰি পাঁচ দিন আহিও ভেকচিন লাভ কৰিবলৈ সক্ষম নোহোৱাত ক্ষোভৰ বহিঃপ্ৰকাশ দেখুওৱা পৰিলক্ষিত হল । তেনে পৰিপ্ৰেক্ষিতত এন এইছ এম কৰ্তৃপক্ষ কিয় সাংবাদিকৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান গ্ৰহণ কৰি কাম কাজ কায চলাই গৈছে সেয়াও এক ৰহস্যৰ বিষয় । কিয়নো বিভিন্ন সূত্ৰত সঘনে প্ৰকাশ পোৱা অনুসৰি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আগ্ৰহী লোকৰ সংখ্যাতকৈ স্বাস্থ্য বিভাগৰ হাতত বহু পৰিমাণে প্ৰতিষেধকৰ পৰিমাণ কমি আছে । যদি সেয়েই হয় তেনেহলে আগন্তুক দিনত যেন কৰ‘ণা মহামাৰীয়ে আৰু অধিক জটিল ৰূপ ধাৰণ কৰিব সেয়া ধূৰূপ ।

লগতে পঢ়ক: জীৱন মৰাণৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল ক’ভিড নিগেটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.