নিউজ ডেস্ক, 21 ফেব্ৰুৱাৰী : অইল কুইপ’ৰ দুই বিষয়াৰ শাস্তি সাময়িকভাৱে স্থগিত ৰাখিছে আলফা স্বাধীনে ৷ চৰম সীমাৰ কথা একাংশ সংবাদ মাধ্যমে অপ ব্যাখ্যা আগবঢ়াইছে বুলি জনালে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ৷ পৰৱৰ্তী সময়ত NSCNৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰা হ’ব ৷ সভ্য সমাজে দিয়া পৰামৰ্শৰ প্ৰতি সন্মান জনাইছে আলফা স্বাধীনৰ সেনাধ্য গৰাকীয়ে ৷ ফোনযোগে সাংবাদিকক জনালে পৰেশ বৰুৱাই ৷
উল্লেখ্য যে, আলফা স্বাধীনে অপহৰণ কৰা অইল কুইপ’ৰ দুই বিষয়াৰ মুক্তিৰ বাবে পৰিয়াল বৰ্গৰ লগতে ৰাজ্যৰ বিভিন্ন মহলে আহ্বান জনাইছিল মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক ৷ আলফা স্বাধীনে বান্ধি দিয়া সময় সীমা উকলি যোৱাৰ পাচত চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছিল পৰেশ বৰুৱাই ৷ কিন্তু অৱশেষত দেওবাৰে তেওঁ উল্লেখ কৰে যে, বৰ্তমানেও সুৰক্ষিতভাৱে আছে বিষয়া দুগৰাকী ৷
লগতে পঢ়ক : আৰক্ষীৰ বাধাৰ বাবে অনুষ্ঠিত নহ’ল পৰেশ বৰুৱাৰ সংবাদমেল