গুৱাহাটী, 10 মে': লক্ ডাউনৰ মাজতে পাণ্ডু পোৰ্টত উপস্থিত হৈছে দুখনকৈ কয়লা ভৰ্তি জাহাজ । জানিব পৰা মতে, ১৭৫৩ মেট্ৰিক টন কয়লা আছে জাহাজ দুখনত। বাংলাদেশৰ পৰা পশ্চিম বংগৰ হ'গলী নদী হৈ অসমত প্ৰৱেশ কৰিছে এই জাহাজ দুখনে । বৰ্তমান ব্ৰহ্মপুত্ৰৰ বক্ষত ৰখাই থোৱা আছে কয়লা ভৰ্তি জাহাজ দুখন । জাহাজ দুখনৰ লোকসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ পাছতহে গুৱাহাটীত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব বুলি অৱগত কৰে প্ৰশাসনে । সম্প্ৰতি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাৰ কথা জানিব পৰা গৈছে । উল্লেখযোগ্য যে, সামগ্ৰী সৰবৰাহৰ ব্যয় কম হোৱা হেতুকে ব্যৱসায়ীসকলে জল পৰিবহণ সেৱা বাচি লৈছে । বিগত সময়টো জল পথেৰে কেবাটাও কোম্পানীয়ে সামগ্ৰী আমদানি - ৰপ্তানি কৰিছিল ।
পাণ্ডু পোৰ্টত বাংলাদেশৰ দুখন কয়লা ভৰ্তি জাহাজ - Two Bangladeshi coal-laden ships in Pandu Port etv Bharat Assam
বাংলাদেশৰ পৰা পশ্চিম বংগৰ হ'গলী নদী হৈ অসমত প্ৰৱেশ কৰিছে এই দুখন জাহাজে । বৰ্তমান ব্ৰহ্মপুত্ৰৰ বক্ষত ৰখাই থোৱা আছে কয়লা ভৰ্তি জাহাজ দুখন।
গুৱাহাটী, 10 মে': লক্ ডাউনৰ মাজতে পাণ্ডু পোৰ্টত উপস্থিত হৈছে দুখনকৈ কয়লা ভৰ্তি জাহাজ । জানিব পৰা মতে, ১৭৫৩ মেট্ৰিক টন কয়লা আছে জাহাজ দুখনত। বাংলাদেশৰ পৰা পশ্চিম বংগৰ হ'গলী নদী হৈ অসমত প্ৰৱেশ কৰিছে এই জাহাজ দুখনে । বৰ্তমান ব্ৰহ্মপুত্ৰৰ বক্ষত ৰখাই থোৱা আছে কয়লা ভৰ্তি জাহাজ দুখন । জাহাজ দুখনৰ লোকসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ পাছতহে গুৱাহাটীত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব বুলি অৱগত কৰে প্ৰশাসনে । সম্প্ৰতি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাৰ কথা জানিব পৰা গৈছে । উল্লেখযোগ্য যে, সামগ্ৰী সৰবৰাহৰ ব্যয় কম হোৱা হেতুকে ব্যৱসায়ীসকলে জল পৰিবহণ সেৱা বাচি লৈছে । বিগত সময়টো জল পথেৰে কেবাটাও কোম্পানীয়ে সামগ্ৰী আমদানি - ৰপ্তানি কৰিছিল ।
TAGGED:
Coal Ship