ETV Bharat / state

Death anniversary of Bhupen hazarika : আছুৰ উদ্যোগত ভূপেন হাজৰিকাৰ দ্বাদশ সংখ্যক মৃত্যু বাৰ্ষিকী পালন

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 1:43 PM IST

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দ্বাদশ সংখ্যক মৃত্যু বাৰ্ষিকী দীঘলী পুখুৰীপাৰত আছুৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ৷ মন্ত্ৰী বিমল বড়া, পৰিমল শুক্লবৈদ্য, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সমাধিত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায়।

TRIBUTES TO BHUPEN HAZARIKA IN DIGHOLIPUKHURI by aasu
আছুৰ উদ্যোগত ভূপেন হাজৰিকাৰ দ্বাদশ সংখ্যক মৃত্যু বাৰ্ষিকী পালন

গুৱাহাটী, 5 নৱেম্বৰ: বিশ্ববৰণ্য শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দেওবাৰে দ্বাদশ সংখ্যক মৃত্যু বাৰ্ষিকী । সুধাকণ্ঠৰ মৃত্যু তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীটো দল-সংগঠনৰ উদ্যোগত স্মৰণ কৰা হৈছে সুধাকণ্ঠক । দীঘলী পুখুৰীপাৰত সুধাকন্ঠৰ প্ৰতিমূৰ্তিত আছুৰ উদ্যোগত ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনোৱা হয় । অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল ভট্টাচাৰ্যকে ধৰি আছুৰ বিষয়ববীয়াসকলে শ্ৰদ্ধাঞ্জলি জনায় ।

সমুজ্জ্বল ভট্টাচাৰ্যই কয়, "আমি সদায় অসম চৰকাৰক সাতটা দাবী উত্থাপন কৰি আহিছো আৰু আজিও পুনৰ কৰিছো । ভূপেন দাৰ সৃষ্টিক জীয়াই ৰাখিবলৈ শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজন ৷ আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকাৰ সৃষ্টিৰাজীৰ গৱেষণাৰ বাবে গৱেষণা প্ৰতিষ্ঠান স্থাপনৰ পোষকতা কৰে আছুৱে । ভূপেন হাজৰিকাৰ নামত বিশ্ববিদ্যালয়সমূহত আসন সংৰক্ষণ কৰিব লাগে, টাইম কেপচুলৰ জৰিয়তে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজী সংৰক্ষণ কৰিব লাগে বুলি দাবী উত্থাপন কৰাৰ লগতে গণশিল্পীগৰাকীৰ নামত সাংস্কৃতিক ৰে'লৰ প্ৰৱৰ্তন হ’ব লাগে বুলিও কয় আছুৱে ৷ ইয়াৰোপৰি গণশিল্পীগৰাকীৰ সমাধিক্ষেত্ৰ বহল হোৱাৰ প্ৰয়োজন বুলি কয় সংগঠনটোৱে ।

সন্ধিয়া দীঘলীপুখুৰীৰ পাৰত 10 হাজাৰ বন্তি প্ৰজ্বলন কৰা হ'ব । আনহাতে বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দ্বাদশ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত জালুকবাৰীৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় । বিশেষ দিনটোত জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । স্মৃতিচাৰণ সভা, সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক স্মৰণ কৰা হয় ।

এই অনুষ্ঠানত মন্ত্ৰী বিমল বড়া, পৰিমল শুক্লবদ্য, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সমাধিত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায় ।

লগতে পঢ়ক: Loksabha election 2024: কংগ্ৰেছ দলৰ কোনো গণভিত্তি নাই; বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.