ETV Bharat / state

Tribute to CAA martyrs : গুৱাহাটীত কা’ বিৰোধী আন্দোলনৰ পঞ্চশ্বহীদক শ্ৰদ্ধাঞ্জলি

author img

By

Published : Dec 12, 2022, 9:02 PM IST

‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ডাঙৰ মেনেজাৰ, কা’ আন্দোলনেৰে জড়িত একাংশ নেতাৰ চৰকাৰৰ সৈতে গোপন বুজা-বুজি আছে ৷ 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে এখন ডাঙৰ সাম্প্ৰদায়িক খেল খেলিব পাৰে’’ ৷ কা’ বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই (Tribute to CAA martyrs) গুৱাহাটীত এই মন্তব্য দেশৰ বিশিষ্ট সমাজ বিজ্ঞানী যোগেন্দ্ৰ যাদৱৰ ৷

Tribute to CAA martyrs
গুৱাহাটীত ‘কা’ বিৰোধী আন্দোলনৰ পঞ্চশ্বহীদক শ্ৰদ্ধাঞ্জলি

গুৱাহাটী, 12 ডিচেম্বৰ: অসমৰ কা’ বিৰোধী আন্দোলনে অতিক্ৰম কৰিলে তিনিটা বছৰ (Assam CAA protest) ৷ সোমবাৰে কা’ বিৰোধী সমন্বয় সমিতি‍ অসমৰ উদ্যোগত কা’ বিৰোধী আন্দোলনৰ বীৰ শ্বহীদসকলক জনোৱা হয় শ্ৰদ্ধাঞ্জলি ৷ মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট বুদ্ধিজীৱি ড৹ হীৰেন গোহাঁই, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট সমাজ বিজ্ঞানী তথা শিক্ষাবিদ যোগেন্দ্ৰ যাদৱকে ধৰি বহু গণ্য-মান্য ব্যক্তি আৰু শতাধিক ৰাইজ ৷

কা’ বিৰোধী আন্দোলনত চৰকাৰৰ গুলীত নিহত হোৱা 5 শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কা' বাতিলৰ দাবীত অনুষ্ঠিত হয় গণসমাৱেশ (Protest for repeal CAA) ৷ য’ত অংশ গ্ৰহণ কৰে বহু কেইটা দল-সংগঠনে ৷ বিশিষ্ট শিক্ষাবিদ যোগেন্দ্ৰ যাদৱে শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে- ‘‘অসমলৈ আহিলেই চিন্তাৰ এটা নতুন দিশ বিচাৰি পাওঁ ৷ অসমৰ কা’ আন্দোলন কেৱল মাত্ৰ আন্দোলন নাছিল, সেয়া আছিল বিদ্ৰোহ ৷ অসমত কা’ আন্দোলনে ইতিহাস ৰচনা কৰিছিল ৷ কা' বিৰোধী আন্দোলনৰ আৰম্ভণি হৈছিল অসমৰ পৰা ’’৷

পুনৰ ‘কা’ বিৰোধী আন্দোলনত অসমে অগ্ৰণী ভূমিকা ল’ব লাগিব বুলিও মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে (Jogendra Jadav on CAA protest) ৷ লগতে তেওঁ কয় যে- ‘‘যিকোনো মুহূৰ্তত কা'ৰ বিধি কাৰ্যকৰী কৰিব পাৰে চৰকাৰে ৷ এই এবছৰত পুনৰ কা’ বলবৎ কৰাৰ বাবে চৰকাৰে চেষ্টা চলাব বুলি মোৰ ধাৰণা হয় ৷ যেতিয়া আন্দোলন হৈছিল চৰকাৰেও ভয় খাইছিল ৷ এই আন্দোলনক মষিমূৰ কৰিবলৈ চৰকাৰ উঠি-পৰি লাগিলছিল’’ ।

ইফালে, দেশত বুলডজাৰৰ জৰিয়তে ন্যায় ব্যৱস্থা চলিছে ৷ দেশত স্ব-ধৰ্মৰ ওপৰত আক্ৰমণ চলিছে ৷ নিৰাপত্তা ব্যৱস্থাও এতিয়া নাগপুৰীয়াৰ হাতত, দেশত সংবাদমাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰা হৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিশিষ্ট সমাজ বিজ্ঞানীগৰাকীয়ে ৷ আনহাতে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে সাম্প্ৰদায়িকতাৰ এখন ডাঙৰ খেল খেলিব বুলিও আংশকা ব্যক্ত কৰে যোগেন্দ্ৰ যাদৱে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা যোগেন্দ্ৰ যাদৱৰ (Jogendra Jadav criticized CM Himanta Biswa Sarma) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ডাঙৰ মেনেজাৰ আখ্যা যোগেন্দ্ৰ যাদৱৰ ৷ কা’ আন্দোলনেৰে জড়িত একাংশ নেতাৰ চৰকাৰৰ সৈতে গোপন বুজা-বুজি আছে বুলিও মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে ৷

আনহাতে অনুষ্ঠানত বিশিষ্ট বুদ্ধিজীৱি ড৹ হীৰেন গোহাঁইয়ে (Dr Hiren Gohain) বক্তব্য প্ৰদান কৰি কয়, ‘‘কা’ আন্দোলনৰ শ্বহীদৰ মৃত্যুক অপব্যাখ্যা কৰাৰ চেষ্টা কৰিছে চৰকাৰে ৷ আমি তেওঁলোকৰ প্ৰকৃত ভূমিকা প্ৰতিষ্ঠা কৰিব লাগিব ৷ কা’ আন্দোলন চলাই যাব লাগিব আৰু ইয়াৰ জৰিয়তে চৰকাৰক উৎখাত কৰিব লাগিব’’ ৷

লগতে পঢ়ক: Pranjal Ghatowar : বিজেপিত যোগদানৰ সন্দৰ্ভত মন্তব্য প্ৰাঞ্জল ঘাটোৱাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.