ETV Bharat / state

Elephant Died at Dipor Bil : সন্তানক হেৰুৱাই দীপৰ বিলত কৰুণ মৃত্যু মমতাময়ী হস্তীৰ - mother elephant died at Dipor Bil

সন্তানক হেৰুওৱাৰ শোক সহিব নোৱাৰিলে এজনী মাতৃ হস্তীয়ে । সন্তানৰ কবৰৰ কাষত শোকত দগ্ধ হৈ থাকি মৃত্যুক সাবটিলে এজনী মাতৃ হাতীয়ে (Elephant Died at Dipor Bil) । এই ঘটনা দীপৰ বিলৰ পাৰৰ । চকুৰ সন্মুখতে সন্তানৰ মৃত্যু শোক সহিব নোৱাৰি মঙলবাৰে মাতৃ হাতীজনীয়ে মৃত্যুক সাবটি লয় ।

tragic death of elephant in deepar bil
সন্তানক হেৰুওৱাৰ শোক সহিব নোৱাৰিলে এজনী মাতৃ হস্তীয়ে
author img

By

Published : Feb 1, 2023, 3:36 PM IST

সন্তানক হেৰুওৱাৰ শোক সহিব নোৱাৰিলে এজনী মাতৃ হস্তীয়ে

গুৱাহাটী,১ ফেব্ৰুৱাৰী: সন্তানৰ অকাল মৃত্যু মাতৃৰ বাবে কিমান হৃদয় বিদাৰক হ'ব পাৰে সেয়া অনুভৱ কৰাটো কঠিন (wild elephant died at Dipor Bil) । সেয়া মানুহেই হওক বা অন্য প্ৰাণী । মুঠতে মাতৃৰ চকুৰ আগত সন্তানৰ অকাল মৃত্যু এক অসহনীয় বেদনা । ঠিক এই অসহনীয় বেদনাকে বুকুত বান্ধি দীপৰ বিলৰ পাৰত ছটফটাই আছিল এজনী হাতী । এই হাতীজনীৰ চকুৰ সন্মুখতে অকাল মৃত্যুক সাবটি ল'বলগা হৈছিল সন্তানে ।

কিন্তু সন্তানৰ অকাল মৃত্যুৰ দুখ সহিব নোৱাৰি মঙলবাৰে দীপৰ বিলৰ পাৰত মৃত্যুক সাবটি ল'লে এটা বন্যহস্তীয়ে । কেৱল মানুহৰে যে আৱেগ-অনুভুতি থাকে তেনে নহয়, অন্য জীৱ-জন্তুৰো মানুহৰ দৰে যে আৱেগ-অনুভূতি থাকে এয়া তাৰেই উদাহৰণ (mother elephant died at Dipor Bil) । মমতাময়ী মাতৃৰ সন্তানহাৰা হোৱা দুখৰ প্ৰমাণ পোৱা গ'ল সন্তানৰ অকাল মৃত্যুৰ দুখ সহিব নোৱাৰি মঙলবাৰে দীপৰ বিলৰ পাৰত দিনটো আৰ্তচিৎকাৰ কৰি অৱশেষত বন্যহস্তীটোৱে কৰুণভাৱে মৃত্যুক আকোঁৱালি লোৱাৰ হৃদয় বিদাৰক ঘটনাটোৱে (Dipor Bil Guwahati) ।

উল্লেখ্য যে এই ঘটনাটোৱে বন বিভাগৰ অৱহেলাৰ চূড়ান্ত নিদৰ্শনো দাঙি ধৰে । ঘটনাৰ বিৱৰণী মতে, যোৱা 28 জানুৱাৰীত গড়ভাঙ্গা বনাঞ্চলৰ পৰা দীপৰ বিললৈ নামি অহা এটা হাতীৰ পোৱালি বিলৰ বোকাত আবদ্ধ হৈ কৰুণভাৱে মৃত্যুক সাবটি লয় । তাৰপিছত পিছদিনা পুৱাৰ ভাগত বনকৰ্মীৰ এটা টহলদাৰী দলে বোকাপানীত আবদ্ধ হৈ থকা মৃত্যুক আঁকোৱালি লোৱা হাতী পোৱালিটোক দীপৰ বিলৰ কাষতে নিয়ম অনুসৰি পুতি থয় ।

কিন্তু সোমবাৰে নিশা মৃত পোৱালিটোক বিচাৰি মাকজনীয়ে আহি পুতি থোৱা ঠাই টুকুৰাত অৱস্থান কৰে । আনহাতে, নিশাৰে পৰা বন্যহস্তীটোৱে আৰ্তচিৎকাৰ কৰি থকাৰ দৃশ্য মঙলবাৰে স্থানীয় ৰাইজে প্রত্যক্ষ কৰে । তাৰ পিছত বিয়লি ঘটনাস্থলীতে মাতৃ হাতীজনীয়ে ৰাউচি জুৰি অৱশেষত মৃত্যুক সাবটি লয় । এই সন্দৰ্ভত চকৰদৌ অঞ্চলৰ প্রকৃতিপ্রেমী আৰু দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্রমোদ কলিতাই জনায় যে মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ দিনাই সন্ধিয়াৰ পাছত মাকজনীয়ে পোৱালিটোক বিচাৰি আহি অশ্রুসিক্ত নয়নেৰে মাজনিশালৈ ঘটনাস্থলীৰ সমীপত অৱস্থান কৰিছিল ।

তাৰ পাছত সোমবাৰ আৰু মঙলবাৰে দিনৰ দিনটো তাতে থাকি সন্তানটোৰ শোকত মৃত্যু হয় মাতৃ হাতীজনীৰ । কাষত মৃত হাতী পোৱালিটো অৱস্থান কৰি বিলৰ পানীলৈ চাই চাই ৰাউচি জুৰি চিৎকাৰ কৰি আছিল হাতীজনীয়ে । স্বাভাৱিকতে এই কৰুণ দৃশ্যই সকলোকে ক্রন্দনৰত কৰি তুলিছিল । কিন্তু শোকত ভাগি পৰা হাতীজনীয়ে মঙলবাৰে মৃত্যুক আঁকোৱালি লয় । ইফালে স্থানীয় ৰাইজে অভিযোগ কৰা মতে, মাতৃ হাতীজনীয়ে উক্ত স্থানত ছটফটাই থকাৰ সময়ত বন বিভাগে যদি উপযুক্ত ব্যৱস্থা কৰিলেহেঁতেন, তেন্তে মাতৃ হাতীজনীয়ে হয়তো মৃত্যুক আঁকোৱালি ল'ব নালাগিলহেঁতেন ।

প্ৰমোদ কলিতাই লগতে কয় যে বন বিভাগৰ চিকিৎসকৰ দলে খবৰ পোৱাৰ পাঁচ ঘণ্টা পলমকৈ গৈ ঘটনাস্থলীত উপস্থিত হয় । প্ৰথমতে পুৱা স্থানীয় ৰাইজে খবৰ দিয়াতো বন বিভাগৰ চিকিৎসকৰ দলে গুৰুত্ব দিয়া নাছিল । পিছত দিনৰ 11 বজাত যেতিয়া স্থানীয় ৰাইজে ছটফটাই থকাৰ দৃশ্য মোবাইলত বন্দী কৰি বন বিভাগৰ চিকিৎসকৰ দললৈ প্ৰেৰণ কৰে, তাৰ পিছতহে বন বিভাগৰ চিকিৎসকৰ দলৰ গা লৰে । কিন্তু জাপৰিগোগৰ ৰাজ্যিক চিৰিয়াখানাৰ পৰা বন বিভাগৰ চিকিৎসকৰ দলে দীপৰ বিললৈ পাঁচ ঘণ্টা পলমকৈ আহে । তেতিয়ালৈকো মাকজনীয়ে কৰুণ মৃত্যুক সাবটি লৈছিল । উল্লেখযোগ্য যে এই ঘটনাক লৈ দীপৰ বিলৰ পাৰৰ একাংশ প্ৰকৃতিপ্ৰেমী লোকে বুধবাৰে আদালতত গোচৰ তৰিব ।

লগতে পঢ়ক: Electricity tariff hike in Assam: পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰাক লৈ সৰৱ আছু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.