ETV Bharat / state

Assam tourism : দেশী-বিদেশী পৰ্যটকৰ আগমন ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ সমূহলৈ - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰসমূহত নতুন আশাৰ সঞ্চাৰ হৈছে ৷ দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিছে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰসমূহত ৷

tourists-back-in-assam-after-long-break-by-covid-19
Assam tourism : দেশী-বিদেশী পৰ্যটকৰ আগমন ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ সমূহলৈ
author img

By

Published : Nov 22, 2021, 8:42 PM IST

গুৱাহাটী, ২২ নৱেম্বৰ : ক’ভিড সৃষ্ট পৰিৱেশৰ পিছত ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰসমূহত নতুন আশাৰ সঞ্চাৰ হৈছে । অক্টোবৰৰ পৰাই ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰসমূহলৈ বহু পৰ্যটকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে । অভয়াৰণ্য সমূহলৈ দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহিছে । বন বিভাগৰ পৰা পোৱা তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৭-১৮ চনত ভাৰতীয় পৰ্যটক ১,৭৯,৮৩৯ আৰু বিদেশী পৰ্যটক ৮,৫৩৭ গৰাকী ৷ মুঠ ১,৮৮, ৩৭৬ পৰ্যটকৰ বিপৰীতে কৰ সংগ্ৰহ হৈছে ৫,৬০,৬৬,৭৯৫ টকা।

২০১৮-১৯ ত ভাৰতীয় পৰ্যটক ১,৬৮,৯৭১ আৰু বিদেশী পৰ্যটক ৭,৪৪৩ ৷ মুঠ ১,৭৬,৪১৪ পৰ্যটকৰ বিপৰীতে কৰ সংগ্ৰহ হৈছে ৪,৮২,৭২,৭৮৯ টকা । ইপিনে ২০১৯-২০ বৰ্ষত ভাৰতীয় পৰ্যটক ১,৬২,৪১৮ আৰু বিদেশী পৰ্যটক ১১,৫৯৫ ৷ মুঠ পৰ্যটক ১,৭৪,০১৩ৰ বিপৰীতে কৰ সংগ্ৰহ হৈছে ৪,৮২,৫৬,৮৯১ টকা । ২০২০-২১ত ভাৰতীয় পৰ্যটক ১,৮১,৮১২ বিদেশী পৰ্যটক ৪৭৯ গৰাকী ৷ মুঠ পৰ্যটক ১,৮২,২৯১ গৰাকী অহাৰ লগতে কৰ সংগ্ৰহ হৈছে ৩, ৫৪,৩৯,২৭১ টকা। একেধৰণে ২০২১- ২২ বৰ্ষত বৰ্তমানলৈ ভাৰতীয় পৰ্যটক ৬০,০২৩ আৰু বিদেশী পৰ্যটক ২২৭ গৰাকী ৷ মুঠ ৬০,২৫০ গৰাকী পৰ্যটক অহাৰ লগতে কৰ সংগ্ৰহ হৈছে ১,৩৫,২১,৬৯১ টকা ।

Assam tourism : দেশী-বিদেশী পৰ্যটকৰ আগমন ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ সমূহলৈ
ইফালে, মানাহ ৰাষ্ট্ৰীয় উদ্যানত ২০১৮-১৯ বৰ্ষত ৪২,৯৮৭ গৰাকী পৰ্যটক আহিছিল আৰু তাৰ ভিতৰত ৬৫৮ গৰাকী আছিল বিদেশী পৰ্যটক ।

সেই বৰ্ষত ১,০৬,৬৩,৫০০ টকা কৰ সংগ্ৰহ হৈছিল । ইয়াৰ বিপৰীতে, ২০১৯-২০ বৰ্ষত মুঠ ৪৫,১৪৩ গৰাকী পৰ্যটক আহিছিল । তাৰ ভিতৰত ৭২১ গৰাকী আছিল বিদেশী পৰ্যটক । সেই বৰ্ষত ১,০২,০১,৯১৭ টকা কৰ সংগ্ৰহ হৈছিল । ২০২০- ২১ বৰ্ষত ৫৫২৭৯ পৰ্যটকৰ ভিতৰত ৭ গৰাকী বিদেশী পৰ্যটক আহিছে । সেই বৰ্ষত কৰ সংগ্ৰহ হৈছে ১,২৪,৯৭,২৯০ টকা।

এই বিষয়ে নেটৱৰ্ক ট্ৰেভেলচৰ বিষয়া (GM) হেমন্ত দাসে কয় যে, কা’ আন্দোলনৰ পিছত ক’ৰণাই সৃষ্টি কৰা পৰিৱেশৰ বাবে যোৱা দুবছৰ পৰ্যটন ক্ষেত্ৰখনত পৰ্যটকৰ সংখ্যা হ্ৰাস পাইছিল । কিন্তু এইবাৰ অক্টোবৰৰ পৰা পুণৰ পৰ্যটক অহা আৰম্ভ কৰিছে । পূৰ্বতে অক্টোবৰত ভাৰতীয় পৰ্যটক আৰু নৱেম্বৰত বিদেশী পৰ্যটক সকলে উত্তৰ-পূৱ চাবলৈ আহিছিল ।

এইবাৰ বিদেশী পৰ্যটকৰ সংখ্যা কম যদিও গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধপ্ৰদেশ আদি ৰাজ্যৰ পৰা দেশীয় পৰ্যটক যথেষ্ঠ পৰিমাণে আহিছে । কাজিৰঙা, মানাহ, পবিতৰা, মাজুলি, অৰুণাচল ,ছিলং আদিলৈ যাবলৈ খুব আগ্ৰহ দেখুৱাইছে পৰ্যটক সকলে । নৱেম্বৰ মাহত বৰ্তমান পৰ্যন্ত ১০০ ৰো অধিক পৰ্যটক আহিছে । পূৰ্বৰ তুলনাত এইবাৰ ভাৰতীয় পৰ্যটকৰ সংখ্যা বাঢ়িছে ৷ ইয়াৰোপৰি , ডিচেম্বৰত পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক বুলিও মন্তব্য কৰে বিষয়া গৰাকীয়ে ।

লগতে পঢ়ক : GMCH ত এতিয়াৰে পৰা আৰম্ভ হ’ব নতুন নিয়ম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.