ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি - top10 news

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

top10 news
দহটা বাতৰি
author img

By

Published : Dec 23, 2020, 9:08 AM IST

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি-

1. পুনৰ সংস্থাপনৰ দাবীত লাইকা-দধিয়াবাসীৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট

মঙলবাৰৰে পৰা বৰগুৰিত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে লাইকা-দধিয়াবাসীয়ে ৷ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা আৰু লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ দাবীত ৰূপায়ন এই প্ৰতিবাদী কাৰ্যসূচী ৷

2. জানুৱাৰী পৰা খুলিব প্ৰাথমিক বিদ্যালয়ঃধেমাজিত বিদ্য়ালয় কৰ্তৃপক্ষৰ তৎপৰতা

ক'ৰণা ভাইৰাছৰ বাবে দীঘলীয়া বন্ধৰ অন্তত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পৰ্যায়ক্ৰমে আৰম্ভ হৈছে পাঠদান প্ৰক্ৰিয়া ৷ এইবাৰ দীৰ্ঘদিন ধৰি শিক্ষাৰ পৰা বঞ্চিত হৈ থকা কণ কণ শিক্ষাৰ্থীৰ বাবে প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ ঘোষণা কৰিছে শিক্ষা বিভাগে ৷ সেয়ে প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান প্ৰক্ৰিয়া পুনৰ আৰম্ভ হোৱাৰ খবৰে কণ কণ শিক্ষাৰ্থী, অভিভাৱকৰ সমানেই উৎফুল্লিত কৰি তুলিছে শিক্ষকসকলকো ৷

3. আদ্ৰ বায়ুৰ পৰা পানী সংগ্ৰহ কৰিবলৈ ন-পদ্ধতিৰ উদ্ধাৱন আইআইটি গুৱাহাটীৰ গৱেষকৰ

পানীৰ অপাৰস্পৰিক উৎস আদ্ৰ বায়ুৰ পৰা পানী সংগ্ৰহ কৰাৰ লক্ষ্যৰে এক নতুন পদ্ধতিৰ বিকাশ সাধন কৰে আইআইটি গুৱাহাটীৰ গৱেষকৰ এটা দলে ৷ এই পদ্ধতিয়ে দেশত খোৱাপানীৰ সমস্যা নিৰ্মূল কৰিব বুলি মন্তব্য কৰে গৱেষকৰ দলটোৱে ৷

4. অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী লুৰিণজ্যোতি গগৈৰ

অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব লৈ প্ৰথমবাৰৰ বাবে নগাঁৱত উপস্থিত হয় সদ্য প্ৰাক্তন আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। আঞ্চলিক দলটোৰ নেতাগৰাকী উপস্থিত হোৱাৰ লগে লগে ফটকা আতচবাজিৰে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে নগাঁও চহৰত। আনহাতে,কৃষক নেতা অখিল গগৈক চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰখা বুলি মন্তব্য কৰি অতি শীঘ্ৰে অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী উত্থাপন কৰে লুৰিণজ্যোতি গগৈয়ে।

5. নগাঁও মহাবিদ্যালয়লৈ অটোন'মাছ কলেজৰ স্বীকৃতি

বিশ্ববিদ্যালয় অনুদান আয়োগে ১০ বছৰৰ বাবে নগাঁও মহাবিদ্যালয়ক অটোন'মাছ কলেজৰ স্বীকৃতি প্ৰদান কৰিছে ৷ মঙলবাৰে সন্ধিয়া এই খবৰ লাভ কৰাৰ পাচৰে পৰা উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষকসকলে ৷

6. চাকৰিত নিযুক্তিকৰণৰ দাবীৰে ছাত্ৰ ফেডাৰেশ্যনৰ উত্তাল প্ৰতিবাদ

মঙলবাৰে সৰভোগত ভাৰত ছাত্ৰ ফেডাৰেশ্যন আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ প্ৰতিবাদ ৷ ৰাজ্যৰ বিভিন্ন খালী হৈ থকা পদ পূৰণ,অসমীয়া যুৱক-যুৱতীক চাকৰিত নিযুক্তি দিয়া আদি ভিন্ন দাবীৰে প্ৰায় 5 কিলোমিটাৰ পথ অতিক্ৰম কৰি 5 শতাধিকৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে বাহিৰ কৰে প্ৰতিবাদী সমদল ৷

7. মঙলদৈ বি এড মহাবিদ্যালয়ৰ NCTE পঞ্জীয়ন বাতিল

প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ অভাৱ আৰু দুৰ্বল আন্ত:গাঠনিৰ বাবে দৰং জিলাৰ একমাত্ৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় মঙলদৈ বি এড মহাবিদ্যালয়ৰ NCTE পঞ্জীয়ন বাতিল কৰা হৈছে ৷ যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অধ্যয়নৰ অনুমতি প্ৰাপ্ত শিক্ষকসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে ৷

8. মজুৰি নাপাই আত্মহত্যা ক'ভিড চিকিৎসালয়ত কৰ্মৰত অস্থায়ী চাফাই কৰ্মীৰ

এগৰাকী অস্থায়ী চাফাই কৰ্মীয়ে আত্মহত্যা কৰাৰ পিচতে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্তাপিত কৰিছে শোণিতপুৰ জিলাৰ ক'ভিড চিকিৎসালয়ত কৰ্মৰত অন্যান্য চাফাই কৰ্মীৰ লগতে চুপাৰভাইজাৰ সকলে ৷ অভিযোগ অনুসৰি অমৃত বাহাদুৰে ক'ভিড চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ পৰা প্ৰায় 50 হাজাৰ টকা কামৰ মজুৰি পাবলৈ বাকী আছিল ৷

9. মোৰ চাকৰি ক’তঃ SFIৰ প্ৰতিবাদত উত্তাল বিশ্বনাথ

মোৰ চাকৰি ক’ত ? এই প্ৰশ্ন লৈ মঙলবাৰে বিশ্বনাথৰ চাপ্লাইৰ সমীপত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ভাৰত ছাত্ৰ ফেডাৰেচন আৰু ভাৰত গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ বিশ্বনাথ জিলা শাখাৰ কৰ্মীয়ে ৷ 5শতাধিক সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অসমত খালী হৈ থকা পদসমূহ অতিশীঘ্ৰে পূৰণ কৰিবলৈ দাবী জনায় ৷

10. শেহতীয়াকৈ ব্ৰিটেইনলৈ যাত্ৰা কৰা কৰ্ণাটকৰ 5 যাত্ৰীক কোৱাৰেণ্টাইন

কৰ্ণাটকৰ পৰা ব্ৰিটেইনলৈ যাত্ৰা কৰা সকলো যাত্ৰীকে কোৱাৰেণ্টাইনত ৰখা হৈছে ৷ ইংলেণ্ডত উদ্ভৱ হোৱা নতুন ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰ্ণাটক চৰকাৰৰ ৷ ৰাজ্যখনৰ 5 গৰাকী যাত্ৰীক ইতিমধ্যে কোৱাৰেণ্টাইনত ৰাখি শ্বাৱ টেষ্ট কৰোৱা বুলি কৰ্ণাটকৰ চৰকাৰী কৰ্তৃপক্ষই উল্লেখ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.