ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি - দহটা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

দহটা বাতৰি
দহটা বাতৰি
author img

By

Published : Dec 19, 2020, 9:06 AM IST

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি-

1. দুৰ্নীতিৰ ফাইল খোলাৰ ভয়ত বিজেপিমুখী অজন্তা নেওগ : ৰূপজ্যোতি কুৰ্মী

সংবাদ মাধ্যমক সম্বোধন কৰি অজন্তা নেওগৰ লগতে ৰাজদ্বীপ গোৱালাই বিজেপিত যোগদান কৰাৰ কথা স্পষ্ট কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । তেওঁ ক'লে, দুৰ্নীতি কৰাসকলে বিজেপিলৈ গমন কৰিছে ।

2. দুদিনীয়া কাৰ্যসূচীৰে কলকাতাত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

অমিত শ্বাহৰ কলকাতা ভ্ৰমণৰ সময়ছোৱাত তৃণমূল কংগ্রেছৰ সদ্য পদত্যাগী নেতা সুভেন্দু অধিকাৰীয়ে বিজেপি দলত যোগদান কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ।

3. কামপুৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড

কামপুৰ লুটুমাৰীত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনা ৷ অগ্নিকাণ্ডত প্ৰায় ১০ লাখৰো অধিক সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱাৰ ধাৰণা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

4. বৰ্ষাপাৰাত সামৰণি পৰিল মহিলাৰ শাৰিৰীক তথা দক্ষতা বিকাশ শিবিৰ

বৰ্ষাপাৰাত অনুষ্ঠিত মহিলাৰ শাৰিৰীক তথা দক্ষতা বিকাশ শিবিৰৰ সামৰণি ৷ পুৰুষৰ সমানেই মহিলা খেলুৱৈসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে অসম ক্ৰিকেট সন্থাই এই শিবিৰৰ আয়োজন কৰিছিল।

5. 30 বছৰ বিনা বেতনে কাম কৰা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক বিদায় সম্বৰ্ধনা

শুকুৰবাৰে ধেমাজিৰ জামুগুৰি পাঁচআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন চন্দ্ৰ বৰাক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন ৷ সুদীৰ্ঘ 37 বছৰীয়া চাকৰিৰ কাৰ্যকালত 30 বছৰ বিনা বেতনে নিষ্ঠাৰে দায়িত্ব পালন কৰি চলিত বছৰৰ 31 আগষ্টত অৱসৰ গ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীয়ে ৷

6. গোৱাৰ স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে 19 ডিচেম্বৰত উপস্থিত হ'ব ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দুদিনীয়া ভ্ৰমণৰ উদ্দেশ্যে শনিবাৰে গোৱাত উপস্থিত হ'ব ৷ গোৱাৰ 60 সংখ্যক স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উপস্থিত হ'ব ৰাষ্ট্ৰপতি গৰাকী ৷

7. লাওখোৱা অভয়াৰণ্যত বনৰীয়া গাহৰিৰ মৃতদেহ উদ্ধাৰ

বন বিভাগে গাহৰিটোৰ মৃতদেহ উদ্ধাৰ কৰি গড়াজান বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ আহে। গাহৰিটো বেমাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি বনাঞ্চলিক বিষয়াই জানিবলৈ দিয়ে ।

8. বেংগালুৰুত ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা ছাত্ৰীৰ অভিযুক্তক ফাঁচীৰ দাবীত প্ৰতিবাদ

হাতে হাতে মম লৈ হাউলীত প্ৰতিবাদ ৷ হাউলীৰ মেধাবী ছাত্ৰীক বেংগালুৰুত দলবন্ধ ধৰ্ষণ কৰি হত্যা কৰা অভিযুক্তৰ ফাঁচীৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷

9. বিটিআৰৰ প্ৰটেম অধ্যক্ষ হিচাপে শপত ল'লে কাতিৰাম বড়োৱে

শুকুৰবাৰে কাতিৰাম বড়োৱে প্ৰটেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে ৷ ইয়াৰোপৰি আন 4 গৰাকীকৈ নিৰ্বাচিত সদস্যই কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ একেটা দিনতেই ৷ ইয়াৰ লগে লগে বিটিচিত কাৰ্যবাহী সদস্যৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি পায় ৷

10. দিল্লীৰ হিংসাত্মক ঘটনাৰ অভিযুক্তক জামিনত মুক্তি দিলে আদালতে

অতিৰিক্ত সত্ৰ ন্যায়াধীশ বিনোদ যাদৱে ফেব্ৰুৱাৰীত গোকুলপুৰীত হোৱা সাম্প্ৰদায়িক হিংসাৰ সময়ত উপদ্ৰৱকাৰী সকলে দোকান ভঙা আৰু জ্বলোৱা সম্পৰ্কীয় এটা ঘটনাৰে জড়িত থকা এজন অভিযুক্তক এক নিশ্চিত পৰিমাণৰ সৈতে 20,000 টকাৰ বণ্ড অৰ্পণ কৰাৰ বাবে জামিন প্ৰদান কৰা হয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.