পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি-
1. প্ৰতিবাদী কৃষকক টোমৰৰ পত্ৰ পঢ়িবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰক প্ৰশংসা আগবঢ়ায় ৷ এখন মুকলি পত্ৰৰ জৰিয়তে কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰা টোমৰক প্ৰশংসা কৰি মোডীয়ে এই পত্ৰ কৃষকসকলক পঢ়িবলৈ আহ্বান জনায় ৷
2. ক'ভিড-19 প্ৰতিষেধকৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে ভাৰত সুৰক্ষিত অৱস্থাত আছে
ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ৰ ডাইৰেক্টৰ জেনেৰেল ড৹ শীতল গাৰ্গে কয় যে, দেশত প্ৰস্তুত কৰা বহুকেইটা ক'ভিড প্ৰতিষেধকৰ প্ৰস্তুতি যথেষ্ট আগবাঢ়ি আছে আৰু সেই অনুসৰি দেশত এই প্ৰতিষেধকৰ উপলব্ধতা সুনিশ্চিত কৰাৰ বাবে ভাৰত সুৰক্ষিত অৱস্থাত আছে ৷
3. COVID-19ত আক্ৰান্ত হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজৰ অৱস্থা সুস্থিৰ
COVID-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷ আম্বালাৰ এখন চিকিৎসালয়ত ভাৰত বায়'টেকৰ COVID-19 ভেকচিন পৰীক্ষণ টিকা গ্ৰহণৰ পাচতে ৫ ডিচেম্বৰত COVID-19ত আক্ৰান্ত হৈছিল স্বাস্থ্য মন্ত্ৰী গৰাকী ৷
4. জম্মু-কাশ্মীৰৰ ডাল হ্ৰদত উপলব্ধ হ’ব নাও এম্বুলেন্স সেৱা
পোনপ্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ ডাল হ্ৰদত মুকলি হ’ব নাও এম্বুলেন্স সেৱা ৷ তাৰিক আহমেদ পাট্লো নামৰ লোকজনৰ তত্বাৱধানত নিৰ্মাণ কৰি উলিওৱা হৈছে এই এম্বুলেন্সখন ৷ এম্বুলেন্সখনে জৰুৰীকালীন অৱস্থাত ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়াব ৷
5. বিজেপি কৰ্মীও এতিয়া নামি পৰিছে সুৰাৰ অবৈধ ব্যৱসায়ত !
বৃহস্পতিবাৰে নগাঁও আৱকাৰী বিভাগে আটক কৰে এগৰাকী বিজেপি কৰ্মীক ৷ ড্ৰাই ডে'ত অবৈধভাৱে বিলাতী সুৰা বিক্ৰী কৰিছিল শেনচোৱা গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ মেম্বাৰ তুলন দাসে ৷
6. বিটিআৰ পৰিষদৰ কাৰ্যবাহী সদস্য পদত পুনৰ চাৰিগৰাকীক মনোনিত
পুনৰ চাৰিগৰাকী নিৰ্বাচিত সদস্যক বিটিআৰ পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে মনোনিত কৰা হয় । কাৰ্যবাহী সদস্যৰ পদ লাভ কৰা এই চাৰিগৰাকী সদস্যই ১৮ ডিচেম্বৰত বিটিচিৰ বিধান পৰিষদত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব ।
7. বৰদিনত অসমলৈ আহি আছে অমিত শ্বাহ
কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ২৬ ডিচেম্বৰত বিজেপিৰ ৰাজ্যিক সভাপতি,মুখ্যমন্ত্ৰী সমন্বিতে দলৰ শীৰ্ষ ৰাজ্যিক নেতাসকলৰ সৈতে আলোচনাত মিলিত হ'ব।
8. 11 খন নৌসেনাৰ অত্যাধুনিক জাহাজ,6 খন বায়ুসেনাৰ বিমানৰ অনুমোদন
প্ৰতিৰক্ষা মন্ত্ৰালয়ে অলপতে ডেলিভাৰী সূচীত দীঘলীয়া বিলম্বৰ পিছত অনিল আম্বানীৰ মালিকানাধীন পিপাভাভ শ্বিপয়াৰ্ডক পৰা পাঁচখন নৌসেনাৰ ৱেষ্ট পেট্ৰল জাহাজ অধিগ্ৰহণ কৰাৰ বাবে টেণ্ডাৰক অনুমোদন দিছিল।
9. নিজ সমষ্টিবাসীক আকৰ্ষিত কৰাত ব্যস্ত এতিয়া মন্ত্ৰী-বিধায়ক
বৃহস্পতিবাৰে মালিগাঁও বেংগলী এম. ই. বিদ্যালয় চৌহদৰ চাৰিবেৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ৫ লাখ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব বেংগলী এম. ই. বিদ্যালয় চৌহদৰ চাৰিবেৰ ৷
10. গুপ্তকাশী বিশ্বনাথ ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত তৰুণ গগৈৰ অস্থি বিসৰ্জন
যোৰহাট পৰা সদ্ভাৱনা যাত্ৰা কৰি বিশ্বনাথ চাৰিআলি লৈ অনা হয় প্ৰয়াত তৰুণ গগৈৰ অস্থি । প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে লখিমপুৰ জিলা প্ৰদেশ কংগ্ৰেছ কমিতি আৰু দৰং জিলা প্ৰদেশ কংগ্ৰেছ কমিতিক প্ৰয়াত তৰুণ গগৈৰ অস্থি বিতৰণ প্ৰদান কৰে । গায়ন-বায়নৰ সৈতে এখন সু-সজ্জিত যন্ত্ৰ চালিত নাৱেৰে অস্থি বিসৰ্জন দিয়া হয় বৰলুইতত ।