ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি - দহটা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

দহটা বাতৰি
দহটা বাতৰি
author img

By

Published : Dec 14, 2020, 9:01 AM IST

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি-

1. মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি তুংগত

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ মৰিগাঁৱত বলিছে ৰাজনৈতিক গৰম বতাহ ৷ সকলো দলৰ নেতাই নিজ নিজ কাৰ্যসূচীৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷

2. হাতে হাতে খালী কলহ লৈ খোৱা পানী বিচাৰি শিলচৰত পথ অৱৰোধ

খোৱা পানী বিচাৰি হাহাকাৰ শিলচৰবাসীৰ ৷ খোৱা পানী যোগানৰ দাবীত শিলচৰৰ বদৰপুৰত পথ অৱৰোধ ৷ হাতে হাতে খালী কহল লৈ পানী বিচাৰি প্ৰতিবাদ ৰাইজৰ ৷ বিগত 30 বছৰে খোৱা পানীৰ সমস্যাত ভুগি অহাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷

3. জে পি নাড্ডাৰ আশু আৰোগ্য কামনা মন্ত্ৰী ৰঞ্জিত দত্তৰ

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাচত তেওঁৰ আশু আৰোগ্যৰ লগতে সোনকালে সুস্থ হোৱাৰ কামনা কৰিছে বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ৷

4. বিশ্বনাথৰ বাঘমাৰী চাহ বাগিচাত বিজেপি চাহ মৰ্চাৰ সমিতি গঠন

দেওবাৰে বিশ্বনাথ জিলাৰ বাঘমাৰী চাহ বাগিচাত গঠন হয় এখন শক্তিশালী লাইন সমিতি ৷ ভাৰতীয় জনতা পাৰ্টিৰ চাহ মৰ্চা বাঘমৰা মণ্ডল সমিতিৰ উদ্যোগত গঠন কৰা হয় 51 জনীয়া শক্তিশালী সমিতি গঠন ৷

5. বিশ্বনাথত কা আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি

নাগৰিকত্ব সংশোধনী বিধেয়ক নাগৰিকত্ব সংশোধনী আইনত পৰিণত হোৱাৰ এবছৰ সম্পূৰ্ণ ৷ এনএছইউআই গোটৰ উদ্যোগত বিশ্বনাথ মহাবিদ্যালয় প্ৰাংগনত 'কা' আন্দোলনত প্ৰাণ হেৰুওৱা পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি ৷

6. ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হ’ল দিহিং-পাটকাই

অসমবাসীৰ বাবে এটা ভাল খবৰ । ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হ’ল দিহিং-পাটকাই । পূৰ্বৰে পৰা দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে জনাজাত আছিল ৷ এই অভয়াৰণ্যখন এতিয়াৰেপৰা স্বীকৃত হ’ল দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে ৷

7. উড়িশাত যাত্ৰীবাহী বাছ বাগৰি পৰি আহত 30

উড়িশাৰ কালাহান্দী জিলাত দেওবাৰে এখন যাত্ৰীবাহী বাছ বাগৰি পৰি আহত হয় 30 জনকৈ লোক ৷ বাছখন হায়দৰাবাদলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা ৷

8. বিটিচিৰ নতুন মুৰব্বী প্ৰমোদ বড়োঃমুখ্যমন্ত্ৰী সোণোৱাল

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত হ’ল ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো ৷ নৱ নিৰ্বাচিত বিটিচি প্ৰধান হিচাপে প্ৰমোদ বড়োৰ নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

9. বেংগালুৰুত মাতৃৰ হাতত প্ৰাণ হেৰুৱালে 6 বছৰীয়া শিশুৱে

পুত্ৰক গাৰুৰে উশাহ বন্ধ কৰি হত্যা কৰিলে এগৰাকী মহিলাই ৷ বেংগালুৰুত সংঘটিত হ'ল এই ঘটনা ৷

10. আফগান ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীৰ আক্ৰমণত 63 জন তালিবানী সন্ত্ৰাসবাদী নিহত

9 ডিচেম্বৰলৈকে 150 গৰাকী সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে বুলি প্ৰকাশ কৰিছে আফগান প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.