ETV Bharat / state

বিয়লি 5 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Mar 15, 2021, 5:02 PM IST

বিয়লি 5 বজাৰ দহটা শীৰ্ষ সংবাদ

top10 news
মুখ্য সংবাদ

1. দিছপুৰত নিৰ্দলীয় প্ৰাৰ্থী হ’ব নেকি জয়ন্ত দাস ?

দিছপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হ’ব নেকি জয়ন্ত দাস ? মঙলবাৰে এই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ব জয়ন্ত দাসে । সোমবাৰে ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে ক্ষুব্ধ নেতাগৰাকীয়ে ।

2. মাহমৰাত যোগেন মহনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী সোণোৱাল

১০৫ নং মাহমৰা বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী যোগেন মহনৰ হৈ সোমবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মাহমৰাৰ জজলী পাঁচআলি খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সোণোৱালে যোগেন মহনক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় ।

3. নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল নৱ কুমাৰ শৰণীয়াৰ

বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বাবে সোমবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই শতাধিক সমৰ্থকক লগত লৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে ৷

4. মমতাৰ চিকিৎসাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী বিজেপিৰ

পশ্চিমবংগৰ বিজেপিৰ এটা প্ৰতিনিধি দলে কলকাতাৰ মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি মমতা বেনাৰ্জীৰ চিকিৎসাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী জনায় । বিজেপি সাংসদ অৰ্জুন সিঙে নিৰ্বাচনী বিষয়াৰে হোৱা সাক্ষাতৰ অন্তত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷

5. যোৰহাটত কেন্দ্ৰীয় মঘাই ওজা দিৱস উদযাপন

সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন কৰে 11 তম কেন্দ্ৰীয় মঘাই ওজা দিৱস ৷ শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় উক্ত অনুষ্ঠান ৷

6. বিজনীত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ অজয় কুমাৰ ৰয়ৰ

দেওবাৰে সন্ধিয়া উছৱমুখৰ হৈ পৰিল চিৰাং জিলাৰ বিজনী চহৰ । ৩৩ নং বিজনী বিধানসভা সমষ্টিত অজয় কুমাৰ ৰয়ে বিজেপি দলৰ পৰা লাভ কৰে প্ৰাৰ্থিত্ব ৷

7. বাঘবৰত চৰাঞ্চলৰ যুৱতীক প্ৰাৰ্থিত্ব প্ৰদান বিজেপিৰ

বিজেপি দলে হাচিনাৰা খাতুনক টিকট প্ৰদান কৰাৰ বাবে দলৰ নেতাসকলক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে এয়া সংখ্যালঘু সম্প্ৰদায়ৰ বাবে এক সুযোগ বুলি সমষ্টিৰ দলীয় নেতা-কৰ্মীসকলে মন্তব্য কৰে ৷ বাঘবৰৰ পৰা প্ৰাৰ্থীগৰাকীক বিজয়ী কৰি পঠাবলৈ ভোটাৰক আহ্বান জনায় দলীয় সমৰ্থকে ৷

8. জনীয়াত ছহিদুল ইছলামক উষ্ম আদৰণি সমৰ্থকৰ

জনীয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ছহিদুল ইছলামক সোমবাৰে শতাধিক দলীয় নেতা, কৰ্মী আৰু সমৰ্থকে আদৰণি জনায় ৷ প্ৰাৰ্থিত্ব লাভ কৰাৰ পাচতে সোমবাৰে গুৱাহাটীৰ পৰা সমষ্টিত উপস্থিত হয় ছহিদুল ইছলাম ৷

9. মমতাৰ চিকিৎসাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী বিজেপিৰ

পশ্চিমবংগৰ বিজেপিৰ এটা প্ৰতিনিধি দলে কলকাতাৰ মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি মমতা বেনাৰ্জীৰ চিকিৎসাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী জনায় । বিজেপি সাংসদ অৰ্জুন সিঙে নিৰ্বাচনী বিষয়াৰে হোৱা সাক্ষাতৰ অন্তত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ।

10. সঞ্জনা গণেশনৰ সৈতে যুগ্ম জীৱনৰ আৰম্ভণি যশপ্ৰীত বুমৰাহৰ

সোমবাৰে গোৱাত বিবাহপাশত আৱদ্ধ হয় ভাৰতীয় ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহ আৰু এংকৰ তথা মডেল সঞ্জনা গণেশন ৷ ইনষ্টাগ্ৰামযোগে বিবাহৰ মূহুৰ্তৰ ফটো শ্বেয়াৰ কৰিছে বুমৰাহে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.