ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি... - top10 news

3 বজাৰ শীৰ্ষ 10 টা বাতৰি...

top10 news
মুখ্য সংবাদ
author img

By

Published : Mar 15, 2021, 3:05 PM IST

1. ৰঙিয়াৰ এগৰাকী প্ৰাৰ্থীৰ ব‍্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ

নতুন নতুন কৌশলেৰে ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে প্ৰতি গৰাকী প্ৰাৰ্থীয়ে ৷ তাৰ মাজতে ৰঙিয়া সমষ্টিত দেখিবলৈ পোৱা গ'ল এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থী ৷ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট সমৰ্থিত চিপিএমৰ প্ৰাৰ্থী ডা৹ ভগৱান দেৱ মিশ্ৰই ব্যতিক্ৰমী ধৰণে চলাইছে প্ৰচাৰ ৷ পেচাত এগৰাকী ডাক্তৰ মিশ্ৰই অভিযানৰ মাজতেই সমষ্টিৰ ৰোগীক দি গ'ল প্ৰাথমিক চিকিৎসা ৷

2. বিধানসভা নিৰ্বাচন: কাৰ হ'ব চৰকাৰ ?

২০১৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে গৰিষ্ঠসংখ্যক ভোটৰ অংশ দখল কৰিবলৈ সক্ষম হৈছিল । কিন্তু লাভ কৰিছিল কম সংখ্যক আসন । বহু কেইখন আসনত সামান্য সংখ্যক ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী ।

3. পানী দিয়ক আৰু ভোট লওক...

কাছাৰ জিলাৰ ধলাই সমষ্টিৰ দর্মিখাল অঞ্চলৰ ৰাইজ ভুগিছে তীব্র বিশুদ্ধ খোৱা পানীৰ সংকটত ৷ এটুপি বিশুদ্ধ খোৱা পানীৰ সংকটৰ ভোগা অঞ্চলটোৰ ৰাইজে ভোট বয়কটৰ ভাবুকি প্ৰদান কৰিছে । সাধাৰণ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি অঞ্চলবোৰত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৷

4. শিলঘাট ধিং মথাউৰি নিৰ্মাণত ব্যাপক অনিয়ম

শিলঘাট ধিং মথাউৰি মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি জলসম্পদ বিভাগৰ ৷ নিম্নমানৰ সামগ্ৰী ব্য়ৱহাৰ কৰি বৃহৎ পৰিমাণৰ টকা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ স্থানীয় ৰাইজক অন্ধকাৰত ৰাখি নিজৰ খেয়াল খুচি মতে নিৰ্মাণ কৰিছে মথাউৰি । যাক লৈ ধিঙত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

5. মাজদিয়াত দেশীয় আৰু বিলাতী সুৰা জব্দ

মাজদিয়া আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ অবৈধ দেশীয় আৰু বিলাতী সুৰা ৷ দেওবাৰে নিশা অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাইছিল মাজদিয়া আৰক্ষীয়ে ৷ অভিযানত গাদেশালী গাঁৱৰ ভূপেন দেউৰীৰ ঘৰৰ পৰা 65 টা দেশীয় আৰু বিলাতী সুৰাৰ বটল জব্দ ৷

6. নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত হোজাইৰ ডবকাত বৃহৎ পৰিমানৰ ধন জব্দ

SST টিমে ডবকাৰ টোলগেটত অভিযান চলায় জব্দ কৰে বৃহৎ পৰিমানৰ ধন ৷ ধনখিনি লৈ অহা দুজন যুৱককো আটক কৰে আৰক্ষীয়ে ৷

7. কোকৰাঝাৰ আৰক্ষী আৰু এছ এছ টিৰ অভিযানত জব্দ 40 কেজি গাঞ্জা

কোকৰাঝাৰ জিলাৰ কাৰিগাওঁ ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে আৰক্ষী আৰু এছএছটিৰ যুটীয়া অভিযানকাৰী দলে ৪০ কিলগ্ৰাম গাঞ্জা জব্দ কৰে ৷ গাঞ্জা সৰবৰাহকাৰী দুজনকৈ লোকক আটক কৰে আৰক্ষী আৰু এছ এছ টিৰ দলটোৱে ৷

8. জ্যোতিপ্ৰসাদ দাসক বিপুল আদৰণি অগপৰ কৰ্মী,সমৰ্থকৰ

বকো বিধানসভা সমষ্টিত মিত্ৰজোটৰ সমৰ্থিত অগপৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসক নিশা সমৰ্থকে বিপুল আদৰণি জনায় । গুৱাহাটীৰ পৰা টিকট লৈ সমষ্টিলৈ উভতি অহাৰ পিচতে দলীয় সমৰ্থকসকলে দলৰ কাৰ্যালয়ৰ সন্মুখত ফটকা ফুটাই আনন্দ-উল্লাস কৰে ।

9. ৰূপহীহাটত ৰাইজৰ দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

ৰাইজৰ বিপুল সহাঁৰিৰে ৰূপহীহাটত ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ । কংগ্ৰেছৰ লগতে বিজেপিকো ক্ষুৰধাৰ সমালোচনা ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীৰ ৷

10. অসম জাতীয় পৰিষদত খহনীয়া

অসম জাতীয় পৰিষদত ক্ৰমাৎ আৰম্ভ হৈছে খহনীয়াৰ ৷ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দলটোৰ ডিব্ৰুগড় জিলা যুটীয়া সম্পাদক, জিলা আহ্বায়ক, যুৱ শক্তি, মহিলা শক্তিকে ধৰি 19 গৰাকীকৈ দলীয় নেতাৰ পদত্যাগ ৷ দলৰ পৰা আঁতৰিব খোজাৰ কথা জনাই কেন্দ্ৰীয় সমিতিলৈ পত্ৰ প্ৰেৰণ এইসকল নেতাৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.