দিনৰ 11 বজাৰ শীৰ্ষ দহটা বাতৰি-
1. আগ্ৰাৰ ৰাজপথত দিনতে অধিবক্তাক গুলিয়াই হত্যা
আৰক্ষীয়ে ব্যক্তিগত শত্ৰুতাৰ ফলত কোনো লোকে অধিবক্তাজনক হত্যা কৰোৱাৰ সন্দেহ কৰিছে ।
2. পানীৰ যুঁৱলিত ওপঙি থকা অৱস্থাত উদ্ধাৰ এটি নৱজাতক
নতুন দিল্লীৰ পাটপৰগঞ্জৰ এটা নলাৰ পানীৰ যুঁৱলিত ওপঙি থকা অৱস্থাত উদ্ধাৰ এটি নৱজাতক ৷ বৰ্তমান চিকিৎসাধীন হৈ থকা শিশুটোৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ।
3. নিৰ্বাচনমুখী পাঁচ ৰাজ্যলৈ নিৰ্বাচনী আয়োগৰ পৰামৰ্শ জাৰি
নিৰ্বাচনমুখী পাঁচ ৰাজ্যৰ মুখ্য সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়ালৈ ভাৰতৰ নিৰ্বাচনী আয়োগৰ পৰামৰ্শ ৷ নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ বদলি তথা নিয়োগ সন্দৰ্ভত নিৰ্বাচনী আয়োগৰ পৰামৰ্শ ৷ নিজ গৃহ জিলা বা দীৰ্ঘদিন সেৱা আগবঢ়োৱা ঠাইত নিয়োগ কৰা নহয় বিষয়া কৰ্মচাৰীক ৷
4. 25 ডিচেম্বৰত কৃষকৰ সৈতে মোডীৰ বাৰ্তালাপ
উত্তৰ প্ৰদেশৰ 2500 ৰো অধিক ঠাইত কৃষক সম্বাদ আয়োজন কৰাৰ বাবে সাজু হৈছে বিজেপি ৷ 25 ডিচেম্বৰত কৃষকৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম বাৰ্ষিকী উপলক্ষে বিজেপিৰ এই আয়োজন ৷
5. 2021 চনৰ নিৰ্বাচনত কংগ্ৰেছ নি:শেষ হৈ যাব অসমত:পীয়ূষ হাজৰিকা
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 36 টাকৈ পৰিষদীয় সমষ্টিত শাসকীয় দল বিজেপিয়ে ৩৩ খন পৰিষদীয় আসনত বিজয়ী হোৱাৰ পাচতে নিজৰ নিজৰ মন্তব্য আগবঢ়াইছে ৰাজনৈতিক নেতাসকলে ৷ অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে, আগন্তুক 2021 চনৰ নিৰ্বাচনত কংগ্ৰেছ নি:শেষ হৈ যাব ৷
6. তিৱা পৰিষদৰ নিৰ্বাচনৰ সফল সমাপ্তিত জিলা প্ৰশাসনৰ ধন্যবাদ জ্ঞাপন
শনিবাৰে শান্তি পূৰ্ণ ভাৱে সম্পন্ন হ'ল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচন ৷ প্ৰায় এমাহজোৰা নিৰ্বাচনী প্ৰস্তুতিৰে সম্পন্ন হোৱা তিৱা পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচতে নিৰ্বাচনী বিষয়া তথা স্থানীয় ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
7. পিতৃৰ সম্পত্তি সন্দৰ্ভত এনফৰ্চমেন্ট ডিৰেক্টৰেটৰ আদেশক ভিত্তিহীন আখ্যা ওমৰ আব্দুলাৰ
পিতৃৰ সম্পত্তি সন্দৰ্ভত এনফৰ্চমেন্ট ডিৰেক্টৰেটে জাৰি কৰা অস্থায়ী আদেশক ভিত্তিহীন আখ্যা ওমৰ আব্দুলাৰ ৷ অভিযোগ খণ্ডনৰ বাবে আদালতত যুদ্ধ কৰিব ওমৰৰ পিতৃ ফাৰুক আব্দুলাই ৷ 1970 ৰ পৰা 2003 বৰ্ষৰ ভিতৰত নিৰ্মিত পৈতৃক সম্পত্তিক কেনেকৈ অপৰাধমূলক আয় হিচাপে গণ্য কৰিব পাৰি সেই লৈ আশ্চৰ্য প্ৰকাশ ওমৰ আব্দুলাৰ ৷
8. ক’ভিড-19ৰ প্ৰতিষেধক গ্ৰহণ ইজৰাইলী প্ৰধানমন্ত্ৰীৰ
ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে শনিবাৰে ক’ভিড-19ৰ প্ৰতিষেধক গ্ৰহণ কৰে ৷ ইজৰাইলৰ প্ৰথম গৰাকী ক’ভিড-19ৰ প্ৰতিষেধক লোৱা ব্যক্তি হিচাপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী নেটান্য়াহু ৷
9. 2021 বৰ্ষত প্ৰতিমাহে 850 টন Covax প্ৰদান কৰিব UNICEFয়ে
UNICEFয়ে আগন্তুক বৰ্ষত প্ৰতিমাহে মুঠ 850 টন ক’ভিড-19ৰ প্ৰতিষেধক Covax প্ৰদান কৰাৰ সম্ভাৱনা ৷ এই পদক্ষেপক এক ঐতিহাসিক পদক্ষেপ আখ্যা UNICEFৰ কাৰ্যবাহী নিৰ্দেশক হেনৰিটা ফ’ৰৰ ৷
10. শ্বাইন চোনীৰ মিছ ট্ৰান্সকুইন ইণ্ডিয়া 2020ৰ খিতাপ লাভ
2020 বৰ্ষৰ মিছ ট্ৰান্সকুইন ইণ্ডিয়াৰ খিতাপ লাভ কৰিছে শ্বাইন চোনীয়ে ৷ চলিত বৰ্ষত চতুৰ্থবাৰৰ বাবে অনুষ্ঠিত হয় মিছ ট্ৰান্সকুইন ইণ্ডিয়া প্ৰতিযোগিতা ৷