দিনৰ 11 বজাৰ শীৰ্ষ দহটা বাতৰি-
1. মন্ত্ৰী সন্তোষ মোহন দেবে বৰাকত সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিছিল : আমিনুল হক লস্কৰ
বৰাকৰ প্ৰয়াত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী সন্তোষ মোহন দেবক সমালোচনা বিধায়ক আমিনুল হক লস্কৰৰ ৷ 80ৰ দশকত প্ৰয়াত দেবে বৰাক উপত্যকাত সাম্প্রদায়িকতাৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে বিধায়ক আমিনুল হক লস্কৰে ৷
2. বৰমাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী
বৰমাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী ৷ সংকটজনক অৱস্থাত আনজনক ভৰ্তি নলবাৰী শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৷
3. ধেমাজিত ই-ৰিক্সাৰ বেটাৰী লৈ উধাও চোৰ
ধেমাজিৰ তুলসীবাৰীত পুৱতি নিশা এঘৰ দৰিদ্ৰ মানুহৰ দুটাকৈ ই-ৰিক্সাৰ বেটাৰী চুৰি কৰে বাইকেৰে অহা চোৰে ৷ ঘটনা সন্দৰ্ভত দৰিদ্ৰ পৰিয়ালটোৱে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ কথা উল্লেখ কৰে ৷
4. কলিতা জনগোষ্ঠীক অৱহেলা কৰাৰ অভিযোগেৰে ডুমডুমাত ৰাজহুৱা সভা
দেওবাৰে ডুমডুমা নাট্যমন্দিৰ প্ৰাংগণত কলিতা জনগোষ্ঠীৰ জনগোষ্ঠীয় জাগৰণমূলক ৰাজহুৱা সভাৰ আয়োজন ৷ সভাত কলিতাসকলক চৰকাৰে কৰি অহা অৱহেলা তথা প্ৰৱঞ্চনাৰ বিৰুদ্ধে থিয় হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
উদ্বোধন কৰা হ'ল বহু প্ৰত্যাশিত পাথাৰকান্দি বাইপাছ ৷ 72 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই পথ উদ্বোধন বিজেপিৰ বিধায়ক কৃশেন্দু পালৰ ৷
6. কৃষক বিদ্ৰোহৰ 19 দিন , এইবাৰ অনশনত কৃষক
নতুন কৃষি আইনৰ বিৰুদ্ধে অপ্ৰতিৰোধ্য কৃষকৰ বিদ্ৰোহ ৷ নতুন কৃষি আইন প্ৰত্যাহাৰৰ দাবীৰে সোমবাৰে এদিনীয়া অনশন পালন কৃষক নেতাৰ ৷ কৃষকৰ এই বিদ্ৰোহৰ প্ৰতি সমৰ্থন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৷ কৃষকৰ বিদ্ৰোহক মাওবাদী, বাওঁপন্থী আৰু ৰাষ্ট্ৰদ্ৰোহী শক্তিয়ে হাইজেক কৰাৰ অভিযোগ বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ ৷
7. উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত পথ দুৰ্ঘটনাত নিহত 5
উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত পথ দুৰ্ঘটনাত নিহত 5 ৷ নিয়ন্ত্ৰণহীন বাহনে গছত খুন্দা মৰাৰ ফলত সংঘটিত পথ দুৰ্ঘটনা ৷
8. টীয়কত নিশা পথ দুৰ্ঘটনাত নিহত যুৱক
টীয়কত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত এজন যুৱক ৷
9. বেংগালুৰুত মাতৃৰ হাতত প্ৰাণ হেৰুৱালে 6 বছৰীয়া শিশুৱে
পুত্ৰক গাৰুৰে উশাহ বন্ধ কৰি হত্যা কৰিলে এগৰাকী মহিলাই ৷ বেংগালুৰুত সংঘটিত হ'ল এই ঘটনা ৷
10. হাতে হাতে খালী কলহ লৈ খোৱা পানী বিচাৰি শিলচৰত পথ অৱৰোধ
খোৱা পানী বিচাৰি হাহাকাৰ শিলচৰবাসীৰ ৷ খোৱা পানী যোগানৰ দাবীত শিলচৰৰ বদৰপুৰত পথ অৱৰোধ ৷ হাতে হাতে খালী কহল লৈ পানী বিচাৰি প্ৰতিবাদ ৰাইজৰ ৷ বিগত 30 বছৰে খোৱা পানীৰ সমস্যাত ভুগি অহাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷