দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি-
1. তিৱা পৰিষদীয় নিৰ্বাচনৰ ফলাফল: দুজন বিজেপি প্ৰাৰ্থীৰ জয়
তিৱা পৰিষদীয় নিৰ্বাচনত ইতিমধ্যে দুজনকৈ বিজেপি প্ৰাৰ্থীয়ে জয় লাভ কৰিছে ৷ নগাঁৱৰ লালুংপাৰ পৰিষদীয় সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী মদন বৰদলৈয়ে জয় লাভ কৰাৰ বিপৰীতে নগাঁৱৰ জৰাবৰী পৰিষদীয় সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী গিতামণি কলিতা ভূঞাই জয় লাভ কৰিছে ৷
2. AUS বনাম IND প্ৰথম টেষ্ট : টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বনিম্ন ৰাণ ভাৰতৰ
হেজলওদৰ 5 টা আৰু পেট কামিনছৰ 4 টাকৈ উইকেট দখল ৷
3. মিদনাপুৰত আজি জনসভা সম্বোধন কৰিব অমিত শ্বাহে
মিদনাপুৰতে আজি সুভেন্দু অধিকাৰীয়ে বিজেপি দলত যোগদান কৰিব বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
4. মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ ঘেৰাও জোনাই থানা
জোনাইত শুকুৰবাৰে এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ জোনাই থানাত উত্তপ্ত পৰিস্থিতি ৷ স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজত হতাহতি ৷ চ’ছিয়েল মিডিয়াত পোষ্ট ভাইৰেল ৷
5. মালিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা
মহানগৰীৰ মালিগাঁৱৰ ৩ নং গেটত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ডাম্পাৰত খুন্দিয়াই গুৰুতৰভাৱে আহত হয় এজন বাইক আৰোহী ।
6. 'বাজিৰাও মাষ্টানি'ৰ পাঁচটা বছৰ : অভিজ্ঞতা শ্বেয়াৰ কৰিলে প্ৰিয়ংকা চোপ্ৰাই
'বাজিৰাও মাষ্টানি'ৰ মুক্তিলাভৰ সম্পূৰ্ণ পাঁচটা বছৰ । প্ৰিয়ংকা চোপ্ৰাই টুইটাৰযোগে শ্বেয়াৰ কৰিলে সুন্দৰ অভিজ্ঞতা ।
7. 'Jug Jug Jeeyo'ৰ দৃশ্যগ্ৰহণৰ বাবে কিয়াৰাৰ সৈতে সাজু বৰুণ
ক’ভিডৰ পৰা আৰোগ্য লাভ কৰি 'Jug Jug Jeeyo' ছবিখনৰ দৃশ্যগ্ৰহণ থলীত কিয়াৰা আদৱানীৰ সৈতে যোগ দিছে বৰুণ ধৱনে ৷ ইনষ্টাগ্ৰামযোগে ফটো শ্বেয়াৰ কৰি এই কথা জানিবলৈ দিয়ে ৷
8. 'আই এম বেক' : হাস্পতালৰ পৰা ঘৰলৈ উভতিল ৰেমো ডিছুজা
হৃদৰোগত আক্ৰান্ত হোৱাৰ পাচত এতিয়া সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছে কৰিঅ’গ্ৰাফাৰ তথা প্ৰযোজক ৰেমো ডিছুজাই ৷ ইনষ্টাগ্ৰামযোগে এক প’ষ্ট শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে ৰেমোৱে ৷
9. ফিফা মহিলা ৰেংকিঙৰ 53 সংখ্যক স্থানলৈ উন্নীত ভাৰত
ফিফা মহিলা আন্তৰাষ্ট্ৰীয় ৰেংকিঙৰ 53 সংখ্যক স্থানলৈ উন্নীত হৈছে ভাৰতীয় দল ৷ শীৰ্ষ স্থান আমেৰিকাই অব্যাহত ৰখাৰ লগতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে জাৰ্মানী আৰু ফ্ৰান্স ৷
10. নাইজেৰিয়াত বকো হাৰামে অপহৰণ কৰা 300ৰো অধিক ছাত্ৰক মুকলি
বকো হাৰামে চৰকাৰী বিজ্ঞান মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীসকলক অপহৰণ কৰাৰ দায়িত্ব স্বীকাৰ কৰি চলিত সপ্তাহৰ আৰম্ভণিতে এটা ভিডিঅ‘ মুকলি কৰে। ভিডিঅ'ত সংগঠনটোৱে কয় যে,পশ্চিমীয়া শিক্ষা ইছলাম বিৰোধী বুলি সংগঠনটোৱে বিশ্বাস কৰে ৷ যাৰ বাবে তেওঁলোকে এই আক্ৰমণ কৰিছিল।