দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি-
1. মধ্য অসমৰ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ
মধ্য অসমৰ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ ৷ বিগত তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈৰ ভোটদান ৷
2. নতুন দলে বিজেপিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় : যোগেন মহন
2021 ৰ নিৰ্বাচনত পূৰ্বতকৈও বেছি ভোটত জয়লাভ কৰিব বুলি নিশ্চিত মন্ত্ৰী যোগেন মহন ৷ মৰাণত অনুষ্ঠিত এক অনুষ্ঠানত ভাগ লৈ মন্ত্ৰী মহনৰ মন্তব্য নতুন দলে বিজেপিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে ৷ উজনি অসমত কংগ্ৰেছ প্ৰায় শূণ্য হৈ পৰিছে বুলিও মন্তব্য মন্ত্ৰী গৰাকীৰ ৷
3. ধোঁৱা চাঙত মাজুলী সুৰক্ষাৰ 237 কোটি টকীয়া আঁচনি
চপৰা চপৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে মাজুলী ৷ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ কবলত মাজুলী শালমৰাৰ বৃহত্তৰ অঞ্চল ৷ কাষৰীয়া অঞ্চলবাসীৰ জীৱন আৰু সম্পত্তিলৈ ভাবুকি ৷ মাজুলী সুৰক্ষাৰ নামত অহা 237 কোটি টকীয়া আঁচনি ধোঁৱা চাঙত উঠাৰ অভিযোগ ৷
4. লক্ষীপুৰত আৰক্ষীয়ে আটক কৰিলে শিশু অপহৰণকাৰী
শিমুলকান্দী গাওঁত বৃহস্পতিবীৰে পূৱা দুটা কণমানি শিশুক টকাৰ প্ৰলোভন দি বাইকত উঠাবলৈ চেষ্টা চলাওতেই ৰাইজৰ হাতত ধৰা পৰে দুই অপহৰণকাৰী । কিছু দিনৰ পৰা শিমুলকান্দী- জলডোবা অঞ্চলত সন্দেহজনক ভাবে ঘুৰাফুৰা কৰিছিল দুয়োজন লোকে ।
5. চিৰাঙৰ দংশীয়াপাৰাত নিশা বন্যহস্তীৰ তাণ্ডৱ
হাতী-মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে চিৰাঙত ৷ চিৰাঙৰ দংশীয়াপাৰাত বনৰীয়া হাতীৰ জাকে নিশা সন্ত্ৰাস চলায় কেইবাজনো লোকৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰে ৷
6. বিধায়ক দিলীপ পালৰ ভাতৃৰ গুণ্ডাগিৰী
বিজেপি বিধায়ক দিলীপ পালৰ ভাতৃ পিকলু পালৰ বিৰুদ্ধে অভিযোগ ৷ অসম ৰাজ্যিক যুৱ মৰ্চাৰ সদস্য তথা হাইলাকান্দি জিলাৰ প্ৰভাৰী কুলদীপ চৌধুৰী মাৰ-ধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে পিকলু পালৰ বিৰুদ্ধে ৷ ঘটনাৰ উচিত ন্যায় বিচাৰি শিলচৰ সদৰ আৰক্ষী চকীত গোচৰ ৰুজু কুলদীপৰ ৷
7. ডিব্ৰুগড়ত আবৈধ মাটি খননত ব্যৱহৃত এক্সকেভেটৰ, ২ খন ডাম্পাৰ জব্দ
অবৈধভাৱে মাটি খনন কৰা অসাধু চক্ৰৰ বিৰুদ্ধে তৎপৰ ডিব্ৰুগড় প্ৰশাসন । জিলাখনৰ নাহৰসাঁকোত প্ৰশাসনৰ অভিযানত অবৈধভাৱে মাটি খনন কৰা কাৰ্যত ব্যৱহাৰ হোৱা এখন এক্সকেভেটৰ আৰু দুখন ডাম্পাৰ জব্দ ।
8. ক’ভিড-19ৰ ভেকচিন সন্দৰ্ভত প্ৰচাৰ হোৱা ভুৱা তথ্য আঁতৰাব টুইটাৰে
ক’ভিড-19ৰ ভেকচিন সন্দৰ্ভত প্ৰচাৰ কৰা সকলো ভুৱা তথ্য টুইটাৰ চাইটৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত টুইটাৰ কৰ্তৃপক্ষৰ ৷ আগন্তুক বৰ্ষৰ আৰম্ভণিৰ পৰাই এই পদক্ষেপ গ্ৰহণ কৰিব টুইটাৰে ৷
9. ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত স্ক্ৰীনিং কেম্প
ডিব্ৰুগড় জিলা প্ৰশাসনে সমাজ কল্যাণ বিভাগৰ সহযোগত বুধবাৰে ডিব্ৰুগড় জিলাৰ টিপলিঙ ঘাট হাইস্কুলত ডিব্ৰুগড় বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰমাণীকৰণৰ বাবে এক বিশেষ স্ক্ৰীনিং কেম্পৰ আয়োজন কৰা হয় ৷ জিলাখনৰ বিভিন্ন ঠাইত এই স্ক্ৰীনিং কেম্প অনুষ্ঠিত কৰা হ'ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে ।
10. মাহমৰাত অস্তিত্বহীন হোৱাৰ দিশে কংগ্ৰেছ
2021 ৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী থকাৰ অৱস্থাতে মাহমৰাত অস্তিত্বহীন হোৱাৰ দিশে কংগ্ৰেছ ৷ বুধবাৰে মাহমৰা ডবা পঞ্চায়তৰ পৰছনি গাঁৱৰ অৰ্ধশতাধিক পুৰুষ মহিলাৰ কংগ্ৰেছ ত্যাগ ৷ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান ৷