ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি... - TOP10 @ 5PM

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

TOP10 @ 5PM
পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Sep 28, 2020, 5:06 PM IST

অসম আৰক্ষীত মকৰলৰ বাবে অনুশীলনৰত অৱস্থাতে যুৱকৰ মৃত্যু

চামগুৰি মঙলা মাউৎ খেলপথাৰত শাৰীৰিক অনুশীলন চলাই থকা অৱস্থাতে হৰ্ঠাৎ ঢলি পৰে মৃত্যু হয় যুৱকজনৰ ৷ যুৱক জনৰ মৃত্যুত ক্ষতিপুৰণৰ দাবী কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

কৃত্ৰিম বানত বুৰিল নীলবাগানৰ বৃহত্তৰ অঞ্চল

হোজাইৰ নীলবাগানৰ বাট-পথ, ঘৰ-দুৱাৰ, চৰকাৰী কাৰ্যালয় সকলো সম্প্ৰতি কৃত্ৰিম বানৰ কবলত ৷ পানী নিষ্কাশনৰ কোনো ব্যৱস্থা নথকাৰ লগতে বেদখলৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

বিটিচি পৰিষদীয় নিৰ্বাচনৰ দাবীৰে বিপিএফৰ প্ৰতিবাদ

বিটিএডিৰ পৰ্বতঝোৰাত সোমবাৰে বিপিএফ দলে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ শীঘ্ৰেই বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে দলটোৱে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ শাসনাধীন চৰকাৰে নিজৰ মুনাফা আদায়ৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷

কৃষি আইনৰ বিৰুদ্ধে ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান

ৰাজ্যপালক সাক্ষাৎ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কংগ্ৰেছে কোনো কাৰণতে এই কৃষি বিৰোধী আইন মানি নোলোৱাৰ কথা স্পষ্টকৈ প্ৰকাশ কৰে ৷ কংগ্ৰেছ সদায় কৃষকৰ পক্ষত আছে আৰু থাকিব বুলি প্ৰকাশ কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ আনহাতে,SI কেলেংকাৰীৰ তদন্তৰ সন্দৰ্ভতো মন্তব্য আগবঢ়াই ৰিপুণ বৰায়ে ৷ বৰাই বিজেপি দলক তাচ্ছিল্যসূচকভাৱে “চোৰকেই চোৰ ধৰিব দিছে, ক’ত ধৰা পৰিব" বুলি সমালোচনা কৰে ৷

কাৰ্বি আংলঙত 25 কোটি টকাৰ নিষিদ্ধ হেৰ'ইন জব্দ

কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ'ইন জব্দ ৷ আৰক্ষীয়ে এজন লোকক আটক কৰাৰ লগতে 50 হাজাৰ টকা উদ্ধাৰ কৰে যুৱকজনৰ পৰা ৷

স্বগৃহ পালেহি সেনা বিষয়া লেফ. কৰ্ণেল মায়ংক বৰাৰ নশ্বৰদেহ

ভাৰত চীন সীমান্তত কৰ্মৰত হৈ থকা অসমীয়া সেনা বিষয়াৰ উত্তৰ-প্ৰদেশত মৃত্যু হয় ৷ ভাৰত চীন সীমান্তৰ উত্তৰাখণ্ডৰ অতি দুৰ্গম পাহাৰীয়া অঞ্চল দ্ৰছলা চেক্টৰত কৰ্মৰত অসমীয়া সেনা বিষয়া এজনৰ আকস্মিক মৃত্যু হয় । নিহত বিষয়াগৰাকী স্থলসেনাৰ আৰ্টিলাৰী ৰেজিমেন্টৰ লেফটেনেন্ট কৰ্ণেল মায়ংক বৰা বুলি জানিব পৰা গৈছে ৷ বৰাই বিগত 26 ছেপ্টেম্বৰত আকস্মিক মৃত্যুক আকোৱালি লয় ।

পি কে দত্তৰ পৰ্বতসম সম্পত্তিৰ অনুসন্ধানৰ বাবে ৰুজু হ’ব গোচৰ:ভাস্কৰজ্যোতি মহন্ত

সম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সোমবাৰে সম্বোধন কৰে এক সংবাদমেল ৷ উক্ত সংবাদমেলৰ জৰিয়তে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাছনি পৰীক্ষাত সংঘটিত কেলেংকাৰী সন্দৰ্ভত আলোচনা কৰে মহন্তই ৷

জাগীৰোড কাগজ কলৰ চুৰি সামগ্ৰী উদ্ধাৰ

জাগীৰোড আৰক্ষীৰ এটা অভিযানকাৰী দলে গোপন সূত্ৰৰ পম খেদি কাগজ কলৰ ওচৰৰ কৰ্কটবস্তিৰ জাৰণিৰ পৰা উদ্ধাৰ কৰে চুৰি হোৱা লোহাৰ সামগ্ৰী ৷ নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে আন্দোলনৰ কৰি থকাৰ সময়তে জাগীৰোড কাগজ কলৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে ।

শীঘ্ৰেই পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ BPF ৰ দাবী

বাক্সাৰ মুছলপুৰত BPFৰ প্ৰতিবাদ ৷ প্ৰতিবাদযোগে অচিৰেই BTC নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে BTADত ৰাজ্যপালৰ শাসন পুনৰ বৃদ্ধি নকৰিবলৈ দাবী জনায় ৷

বলুকা ভাস্কৰ্যৰে লতা মংগেশকাৰলৈ জন্মদিনৰ শুভেচ্ছা সুদৰ্শন পাটনায়কৰ

কন্ঠশিল্পী লতা মংগেশকাৰৰ 91 সংখ্যক জন্মদিন উপলক্ষে প্ৰখ্যাত বলুকা শিল্পী সুদৰ্শন পাটনায়কে ওড়িশাৰ পুৰী সাগৰৰ তীৰত বালিৰে কন্ঠশিল্পীগৰাকীৰ ভাস্কৰ্য নিৰ্মান কৰি উলিয়াইছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.