ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি... - TOP10 @ 5PM

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

TOP10 @ 5PM
পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Sep 24, 2020, 5:21 PM IST

এ জে পিত যোগদানৰ প্ৰস্তুতি সম্পূৰ্ণ কংগ্ৰেছ-অগপৰ তিনি নেতাৰ

তেজপুৰৰ বিধায়ক তথা অগপৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী, পাটাছাৰকুছিৰ বিধায়ক তথা জ্যেষ্ঠ অগপ নেতা পবীন্দ্ৰ ডেকা আৰু কংগ্ৰেছৰ নিলম্বিত নেতা তথা হাজো সমষ্টিৰ যুৱ নেতা দুলু আহমেদ । এক শীৰ্ষ সুত্ৰ অনুসৰি এই তিনি গৰাকী নেতাৰ অসম জাতীয় পৰিষদত যোগদানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ ৷

বৰপেটাত আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত হাৰাশাস্তিৰ অভিযোগ

আধাৰ কেন্দ্ৰলৈ সময়মতে নাহে কৰ্মচাৰী; লগতে আধাৰ কেন্দ্ৰটোত দালালৰ মতেহে কাম হোৱাৰ অভিযোগ ৷ আধাৰ কাৰ্ড প্ৰস্তুতৰ বাবে একোজন লোক ৫/ ৭ দিন আহিও প্ৰস্তুত কৰিব পৰা নাই নিজৰ আধাৰ কাৰ্ডখন ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ভাৰতত 57 লক্ষাধিক লোকলৈ অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই ৷ আনহাতে 91,149 গৰাকী লোকলৈ বৃ্দ্ধি পালে মৃতকৰ সংখ্যা ৷

হোটেল ভাৰ্গৱত মহানগৰ ক্ৰাইম ব্ৰাঞ্চ আৰু চিআইডিৰ হাতোৰা

চাকৰিৰ খালী পদত নিযুক্তি সন্দৰ্ভত পোহৰলৈ অহা কেলেংকাৰীয়ে তোলপাৰ লগাইছে ৰাজ্য ৷ অসম আৰক্ষীৰ মহানগৰ অপৰাধ শাখা আৰু চিআইডি-য়ে যুটীয়াভাৱে চলোৱা অভিযানত নাম সাঙোৰ খাইছে নামী-দামী ৰাজনৈতিক নেতা-পালিনেতাৰ ৷ সম্প্ৰতিও অব্যাহত আছে এই অভিযান ৷

স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰি টীয়কৰ এদল মহিলা

যি সয়মত কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱে ভিন্ন ক্ষেত্ৰৰ লগত জড়িত লোকৰ জীৱনলৈ আৰ্থিক মন্দাৱস্থাৰ দৰে দুৰ্যোগ নমাই আনিছে, তেনে সময়তে ব্যতিক্ৰমী পদক্ষেপেৰে মাস্ক বিক্ৰী কৰি পোৱা টকাৰ লাভাংশৰে টীয়কৰ একাংশ মহিলাই প্ৰশস্ত কৰিছে স্বাৱলম্বীতাৰ পথ ৷

শৰীৰ চৰ্চাৰ জৰিয়তে বিশ্ব জয় কৰাৰ সপোন এজন যুৱকৰ

ৰাজ্যৰ এজন উদীয়মান শৰীৰ চৰ্চাবিদ। বহুকেইটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে তেঁও। নাম প্ৰজেশ দাস । তেঁও লাভ কৰিছে কেইবাটাও ৰাষ্ট্ৰীয় পুৰষ্কাৰ । তেঁওৰ সপোন অলিম্পিয়াত অংশ গ্ৰহণ কৰি বিশ্ব জয় কৰা ।

কৃষি বিধেয়কৰ বিৰোধিতাৰে যোৰহাটত আপৰ প্ৰতিবাদ

কৃষি বিধেয়কৰ বিৰোধীতা আম আদমী পাৰ্টীৰ ৷ কৃষি বিধেয়কখনৰ বিৰোধীতাৰে যোৰহাটত প্ৰতিবাদ সাৱ্যস্ত ৷ জিলা উপায়ুক্তৰ জড়িয়তে ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ ৷

বিধ্বংসী ৰূপ ধাৰণ আই নদীৰ খহনীয়াৰ

চিৰাঙত অব‍্যাহত আই নৈৰ খহনীয়া ৷ ভূটানৰ পৰা অহা বাঢ়নী পানীৰ ফলত পুনৰাই উফন্দি উঠিছে আই নৈৰ বক্ষ ৷ ফলত চপৰা-চপৰে বিস্তীৰ্ণ ভূমি জাহ গৈছে নদীৰ বুকুত ৷ আজিলৈকে সমাধান নহ’ল এই সমস্যা ৷

বঙাইগাঁৱত অচিন ৰোগত আক্ৰান্ত হৈছে শ শ বিঘাৰ ধান খেতি

বঙাইগাঁৱত অচিন ৰোগত উচন হ’বলৈ ধৰিছে শ শ বিঘা ভূমিৰ ধান খেতি ৷ কোনো অচিন ৰোগত ক্ৰমাৎ শুকাই যাবলৈ ধৰিছে ধাননি সমূহ ৷ ঔষধেও কোনো কাম নিদিয়াত দুঃশ্চিন্তাত ভুগিছে খেতিয়ক ৰাইজ ৷ ধানৰ গুটি লাগিবৰ সময়তে অহা এই দুৰ্যোগৰ ফলত এতিয়া মূৰে কপালে হাত দিছে কৃষকসকলে

যুৱকৰ মৃত্যুক লৈ নাৰায়ণপুৰত চাঞ্চল্য

নাৰায়ণপুৰৰ মধুপুৰত অৰ্ধমৃত অৱস্থাত উদ্ধাৰ হৈছে এজন লোক ৷ নিশা ঘৰৰ পৰা ওলাই যোৱা বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে বৰ্তমানো এয়া হত্যাকাণ্ড নে আত্মহত্যা জানিব পৰা হোৱা নাই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.