ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten at 1 pm

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten at 1 pm
1 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : May 15, 2021, 1:10 PM IST

তিনিমাহৰ বাবে স্থগিত আলফা(স্বা)ৰ সামৰিক অভিযান

কৰ’ণাই সৃষ্টি কৰা অনাহুত পৰিস্থিতিৰ বাবে শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী তিনিমাহৰ বাবে আলফা(স্বা)এ স্থগিত ৰাখিছে সংগঠনটোৰ সকলো ধৰণৰ সামৰিক অভিযান ৷ শনিবাৰে পুৱা এক বিবৃতিযোগে একপক্ষীয়ভাৱে সামৰিক অভিযান তিনিমাহলৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে নিষিদ্ধ ঘোষিত সংগঠনটোৱে ৷

ঘনশ্যাম দাসক মুখ্যমন্ত্ৰীৰ সচিবৰূপে নিযুক্তি

অসম চৰকাৰে জ্যেষ্ঠ আইএএছ বিষয়া ঘনশ্যাম দাসক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সচিব হিচাপে নিযুক্তি দিয়ে । শুকুৰবাৰে এক নিৰ্দেশনাযোগে এই ঘোষণা কৰা হয় ৷

ভাৰতত এদিনতে ৩.২৬ লাখ লোক কৰ'ণাত আক্ৰান্ত

যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৩,২৬,০৯৮ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । আনহাতে, মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ৩,৮৯০ জন ৰোগীয়ে ।

ক'ভিড আক্ৰান্তৰ পদূলিত ওলমিব পোষ্টাৰ

ক'ভিড আক্ৰান্ত বুলি চিনাক্ত হোৱা সকলো লোকৰে ঘৰৰ পদূলিত ওলমিব পোষ্টাৰ । মুখ্য সচিব জিষ্ণু বৰুৱাই এই নিৰ্দেশ জাৰি কৰিছে । ইয়াৰ পিছতেই দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা সকলো জিলালৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ।

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

শনিবাৰে পুৱা 8.33 মিনিটত ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত ৷ এই ভূমিকম্পৰ মূল অভিকেন্দ্ৰ শোণিতপুৰ আৰু ইয়াৰ প্ৰাবল্য 3.9 ৰিখটাৰ স্কেলত বুলি জানিব পৰা গৈছে ৷

ৰাইজৰ কাষত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ

নাহৰকটীয়া কণ্টেইনমেণ্ট জ’নত থকা গাঁৱবাসীক খাদ্য সামগ্ৰী যোগান ধৰিছে বিধায়ক তৰংগ গগৈয়ে । দৈনন্দিন প্ৰয়োজনীয় খাদ্য, সামগ্ৰী যোগান ধৰে বিধায়ক তৰংগ গগৈয়ে ।‌

অসম আৰক্ষীত ব্যাপক ৰদ-বদল

মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম বাৰৰ বাবে সাল-সলনি কৰিছে আৰক্ষী অধীক্ষক সকলক ৷ কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াক অসম আৰক্ষীৰ মুখ্য কাৰ্যালায়লৈ বদলি ৷

মুম্বাইৰ ধৰ্মীয় অনুষ্ঠানসমূহ ক'ভিড কেন্দ্ৰলৈ ৰূপান্তৰিত

মহাৰাষ্ট্ৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লক ডাউন জাৰি কৰাৰ লগতে মুম্বাইৰ মন্দিৰ-গুৰুদ্বাৰসমূহ ক'ভিড কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হৈছে । কান্দিভালীৰ পৱন্ধম মন্দিৰ ১০০ খন বিচনা আৰু অক্সিজেনৰ সৈতে ক'ভিড কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হৈছে ।

বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ত্ৰিপুৰাৰ এজন লোকে

বনৰীয়া হাতীৰ আক্ৰমণত ত্ৰিপুৰাত এজনৰ মৃত্যু ৷ হাতীৰ আক্ৰমণত 55 বৰ্ষীয় এজনে লোকে মৃত্যুক সাৱটি লোৱাৰ পৰিৱৰ্তে আন এজনক গুৰুতৰ অৱস্থাত হাস্পতালত ভৰ্তি ৷

বৰ্ণবাদী মন্তব্য কৰি বিপদত অভিনেত্ৰী মুনমুন দত্ত

অভিনেত্ৰী মুনমুন দত্তৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ বৰ্ণবাদী মন্তব্য কৰাৰ অভিযোগত অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে ৷ মনিষ সাংখলে নামৰ এগৰাকী ব্যক্তিয়ে মধ্য প্ৰদেশৰ বাৰৱানিত দত্তৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.