ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা খবৰ - শীৰ্ষ সংবাদ

5 বজাৰ শীৰ্ষ দহটা খবৰ

top-10-news-at-5-pm
5 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Apr 26, 2021, 5:11 PM IST

অ’ এন জি চিৰ অপহৰণ কাণ্ডত জড়িত অসম আৰক্ষীৰ জোৱান !

লাকুৱাৰ অ’ এন জি চিৰ অপহৰণ কাণ্ডৰ সন্দৰ্ভত এতিয়া ন ন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ প্ৰথমে বিপ্লৱজ্যোতি-বিৰাজ আৰু এতিয়া সকলোকে আচৰিত কৰি এই অপহৰণৰ লগত সাঙেৰ খাই পৰিছে অসম আৰক্ষীৰ জোৱানৰ ৷ কিয়নো লাকুৱাৰ অপহৰণৰ ঘটনাত অসম আৰক্ষীৰ তিনি জোৱান জড়িত থকাৰ খবৰ ইতিমধ্যে প্ৰকাশ পাইছে ৷

মহামাৰীৰ গ্ৰাসত হেৰাই যাব নেকি ভ্ৰাম্যমাণ থিয়েটাৰ ?

কোন দিশে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ । নৃত্য,গীত, হাঁহি,কান্দোন, ৰোমাঞ্চেৰে দৰ্শকৰ মন জয় কৰা নাট্যদলসমূহ ইতিহাস হ’ব নেকি ? অসমৰ সৰ্ববৃহৎ সাংস্কৃতিক উদ্যোগ ভ্ৰাম্যমাণ থিয়েটাৰ এতিয়া অনিশ্চয়তাৰ দিশত । মহামাৰী কৰ’ণাৰ মহা প্ৰলয়ত উটি-ভাহি যোৱাৰ উপক্ৰম হৈছে সাতাম পুৰুষীয়া নাট্যদলসমূহ ।

মাওবাদী আক্ৰমণ : ছুকমাৰ ৰাজপথত জ্বলিল ৭ খন বাহন

ছত্তিশগড়ৰ ছুকমা জিলাত পুনৰ মাওবাদীয়ে সংঘটিত কৰিলে হিংসাত্মক ঘটনা । দেওবাৰে মাওবাদীৰ এটা দলে ৰাজপথতে জ্বলাই দিলে ৭ খনকৈ বাহন । ছুকমাৰ আৰক্ষী অধীক্ষক এল ধ্ৰুৱই জনোৱা মতে, ভাৰত বন্ধ আহ্বান জনোৱাৰ এদিন পূৰ্বে ছুকমাৰ এৰাব'ৰেত এই ঘটনা সংঘটিত হয় । এই আক্ৰমণত বাহনকেইখনৰ চালক আহত হোৱা নাই বুলি জানিবলৈ দিছে আৰক্ষীয়ে

ক’ভিড-১৯ সন্দৰ্ভত বিৰোধীৰ সদিচ্ছা নাই: সৰ্বানন্দ সোণোৱাল

বিৰোধীৰ কোনো সদিচ্ছা নাই যে ক’ভিড -১৯ মহামাৰীৰ সময়ত জন সাধাৰণৰ মাজত সোমাই কি দৰে সজাগতা সৃষ্টি কৰিব লাগে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচনী আয়োগৰ পৰামৰ্শ মতে, প্ৰশাসনে প্ৰতি জিলাত ক’ভিড-১৯ ৰ পৰিস্থিতিৰ বুজ লোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

হোজাইত চীপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

হোজাইত সংঘটিত হৈছে এক অঘটন ৷ নিজ বাসগৃহতে চীপ লৈ থকা অৱস্থাত সোমবাৰে উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ ৷ যুৱকজন পূৱ ধনীৰাম পথাৰৰ বাবলু দাস বুলি জানিব পৰা গৈছে ৷

টপ গ'ল্ড সন্মানেৰে সন্মানিত জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰা

ইটালীৰ Foto Arte এ আয়োজন কৰা বিশ্বমানৰ ফটোগ্ৰাফী প্ৰতিযোগিতাত টপ গ'ল্ড সন্মানেৰে সন্মানিত হ'ল ডিব্ৰুগড়ৰ জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰা ৷

মৰিগাঁৱত নিখোজ কেৰালাৰ মহিলা

কৰ্মসূত্ৰে কেৰালাত থকা অসমৰ যুৱকৰ সৈতে পলাই যায় কেৰালাৰ এগৰাকী 3 মহীয়া সন্তানৰ মাতৃ ৷ মৰিগাঁৱলৈ আহি নিখোজ হৈ পৰে মহিলাগৰাকী ৷

কোন হ'ব বিজেপিৰ পৰৱৰ্তী সভাপতি: শিবিৰে শিবিৰে অংক আৰম্ভ

বিজেপিৰ ৰাজ্যিক সভাপতি কোন হ'ব, তাকলৈ এতিয়া বিভিন্ন মহলত চৰ্চা চলিছে । দলৰ বৰ্তমানৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস এইবাৰ আৰু এটা কাৰ্যকালৰ বাবে সভাপতিৰ আসনত অধিস্থিত হৈ থাকিব খোজা নাই । তেনে স্থলত সভাপতিৰ বাবে কেইবাগৰাকী নেতাৰ নাম এতিয়া দলৰ ভিতৰে বাহিৰে চৰ্চাত আছে ।

ৰেমদেচিভিৰ বেজী বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুই চিকিৎসাকৰ্মী

উত্তৰ প্ৰদেশৰ মেৰঠৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দুজন পুৰুষ কৰ্মচাৰীক ৰেমদেচিভিৰ বেজী বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৷ চিকিৎসালয় খনত কৰ্মৰত পুৰুষ কৰ্মচাৰী গৰাকীয়ে চিকিৎসালয়ৰ পৰা গোপনে নি মুকলি বজাৰত উক্ত বেজীটো ৩২,০০০ টকাত বিক্ৰী কৰিছে ৷

পৰিয়ালৰ বাবে অশ্বিনে আধাতে সামৰিলে আইপিএল !

কৰ’ণা মহামাৰীক লৈ জাৰি কৰা নিৰ্দেশ অনুসৰি, যদি এজন খেলুৱৈয়ে মাজতে খেলৰ পৰা বিৰতি লয়, তেন্তে তেওঁ পুনৰ কোৱাৰেণ্টাইন হ’ব লাগিব ৷ উদাহৰণস্বৰূপে, যদি অশ্বিনে দিল্লী কেপিটেলছত পুনৰ যোগদান কৰিব বিচাৰে, তেন্তে তেওঁ পুনৰবাৰ কোৱাৰেণ্টাইন হ’ব লাগিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.