ETV Bharat / state

পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Jun 20, 2020, 11:02 AM IST

পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 11 AM
পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি

চিৰাঙত বিপিএফ দলৰ গুদামঘৰত আৰক্ষীৰ অভিযান

বিটিচি নিৰ্বাচনৰ আচৰনবিধি বলবৎ থকাৰ মাজতে চিৰাঙত বিপিএফ দলৰ গুদামঘৰত আৰক্ষীৰ অভিযান । বৃহৎ পৰিমানৰ টিন, সুতা, কম্বল আৰু আঠুৱা জব্দ । বিটিচি নিৰ্বাচন উপলক্ষে বিপিএফ দলে এই সামগ্ৰী সমূহ মজুত কৰাৰ অভিযোগ

কলগাছিয়াত পথৰ দুৰৱস্থাঃ পথত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ

বিধ্বস্ত পথছোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে যান-বাহন চলাচল একেবাৰে বন্ধ হৈ পৰে । ৰোগীসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰটো অসুবিধাৰ সন্মুখীন হয় অঞ্চলটোৰ ৰাইজ ।

জম্মু-কাশ্মীৰৰ তংগাধৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘা পাক সেনাৰ

জম্মু-কাশ্মীৰৰ তংগাধৰ চেক্টৰত পাক সেনাৰ আক্ৰমণ । শুকুৰবাৰে সন্ধিয়া যুদ্ধ বিৰতি উলংঘা কৰি গুলীবৰ্ষণকে ধৰি অন্য বিস্ফোৰক সামগ্ৰীৰে আক্ৰমণ কৰে পাকিস্তানী সেনাই ।

ৰাজস্থানৰ ৰাজ্যসভা নিৰ্বাচনত পিপিই কীট পৰিধান কৰি ভোটদান প্ৰাক্তন বিধায়কৰ

শুকুৰবাৰে ৰাজস্থান ৰাজ্যসভা নিৰ্বাচনত পিপিই কীট পৰিধান কৰি ভোটদান সাব্যস্ত কৰিলে প্ৰাক্তন বিএছপি বিধায়ক ৱাজিব আলীয়ে । ১৮ জুনত অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ অহা প্ৰাক্তন বিধায়ক গৰাকীয়ে মহামাৰী আইন উংলঘা কৰি ভোটদান সাব্যস্ত কৰাৰ অভিযোগ উত্থাপন কৰে ৱাজিব আলীৰ বিৰুদ্ধে ।

ৰাজ্যসভা নিৰ্বাচন 2020 : গুজৰাটত বিজেপিৰ তিনি, কংগ্ৰেছৰ এখন আসন দখল

অন্ধ্ৰ প্ৰদেশ আৰু গুজৰাটৰ চাৰিখন, মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ তিনিখন, ঝাৰখণ্ডৰ দুখন আৰু মনিপুৰ, মিজোৰাম আৰু মেঘালয়ৰ এখনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷

মাৰ্ঘেৰিটাত চিকিৎসকৰ বিৰুদ্ধে মেছেজত অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ

মাৰ্ঘেৰিটা কেন্দ্ৰীয় চিকিৎসালয়ৰ চিকিৎসক সঞ্জীৱ সোণোৱাল নামৰ চিকিৎসকজনৰ বিৰুদ্ধে উত্থাপিত হৈছে মেছেজত অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে তদন্ত ৷

কলিয়াবৰত পুনৰ দুজনৰ দেহত কোভিড-19 পজিটিভ

শুকুৰবাৰে কলিয়াবৰত পুনৰ 2 জন লোকৰ দেহত ধৰা পৰে কোভিড-19 ৰ অৱস্থিতি ৷ ইয়াৰে এগৰাকী মহিলা আৰু আনগৰাকী বহিঃ ৰাজ‍্যৰ পৰা অহা যুৱক।

চীনৰ বিৰুদ্ধে শিলচৰত প্ৰতিবাদ

শুকুৰবাৰে কাছাৰ জিলাৰ ভিন্ন স্থানত জ্বলিল চীনৰ পতাকা, ৰাষ্ট্ৰপতি ঝি জিনপিংৰ প্ৰতিকৃতি ৷ মালোগ্ৰাম শাখা বজৰং দলৰ কৰ্মকৰ্তা সকলে শিলচৰৰ কেপিটেল তিমুখীৰ সম্মুখত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিংৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

মিছামাৰীৰ সেনা ছাউনীৰ ২৫ জনৰ দেহত ক'ভিড-১৯ পজিটিভ !

উত্তৰ–পূবৰ সৰ্ববৃহৎ সেনা ছাউনীৰূপে খ্যাত মিছামাৰী সেনা ছাউনীত থকা কোৱাৰেইণ্টাইন চেণ্টাৰত থকা ১৮০গৰাকী সেনাৰ ভিতৰত ২৫ জনেই ক'ৰণাত আক্ৰান্ত হোৱা বুলি প্ৰকাশ পোৱাৰ পিছত সেনা ছাউনীৰ ভিতৰত থকা হাজাৰ হাজাৰ ভাৰতীয় সেনা তথা সেনা পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ ।

বৰপেটাৰ ৰাউলীত পথ দুৰ্ঘটনা থিতাতে নিহত এজন

বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰাউলীত শুকুৰবাৰে নিশা সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাটোত থিতাতে নিহত এজন পথচাৰী । নিহত লোকজন ভকুৱাটেপাৰ খনীন নাথ (৪৫) বুলি জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.