ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি... - 9 বজাৰ শীৰ্ষ 10 টা বাতৰি...

9 বজাৰ শীৰ্ষ 10 টা বাতৰি...

TOP 10 @ 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি...
author img

By

Published : Aug 17, 2021, 9:00 AM IST

ওপজা দিনত বিহু সম্ৰাট খগেন মহন্তলৈ শ্ৰদ্ধাঞ্জলি...

অসমৰ প্ৰসিদ্ধ সংগীত শিল্পী, গীতিকাৰ তথা সুৰকাৰ খগেন মহন্ত(Khagen Mahanta)ৰ আজি জন্ম বাৰ্ষিকী ৷ 1942 চনৰ 17 আগষ্ট অৰ্থাৎ আজিৰ দিনটোতেই নগাঁও জিলাৰ জাজৰিত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে ৷ অসমীয়া থলুৱা গীত-পদৰ স্বকীয়তাক হেৰাই যাবলৈ নিদি লোকসংগীতৰ ভেটিতে বহু কালজয়ী গীত ৰচনা কৰিছিল খগেন মহন্তই ৷

মহাৰজত জয়ন্তী বৰ্ষত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়

ঐতিহ্যমণ্ডিত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ে সম্পূৰ্ণ কৰিলে 75 টা বছৰ ৷ সোমবাৰে মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তী উদযাপন কৰা হয় ৷ সেই উপলক্ষে মহাবিদ্যালয়খনৰ বাকৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰে ভৰি পৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷

APSC কেলেংকাৰী : পুনৰ পাঁচগৰাকী বিষয়ালৈ জাননী ন্যায়াধীশ শৰ্মা আয়োগৰ

শেহতীয়াকৈ পাঁচগৰাকী এ পি এছ(APS), এ চি এছ(ACS) আৰু সংযুক্ত সেৱাৰ বিষয়াৰ উত্তৰবহীত বিসংগতি ধৰা পেলাইছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে । ইতিমধ্যে আয়োগে এই পাঁচগৰাকী বিষয়াক পোন্ধৰ দিনৰ ভিতৰত জবাব বিচাৰি জাননী জাৰি কৰিছে ।

লাভলীনা আহিব বাৰমুখীয়ালৈ : গাত তৰণি নাই গাঁওবাসীৰ

জন্মস্থানলৈ আহি আছে লৌহ কন্যা লাভলীনা বৰগোহাঁই(lovlina borgohain) । অলিম্পিকৰ এশ পঁচিশ বছৰীয়া বুৰঞ্জীত নিজৰ নাম খোদিত কৰি উভতিছে গাঁৱৰ গাভৰুজনী । মঙলবাৰে পাবহি লাভলীনা ।

ভৱিষ্যতৰ শংকাত ভুগিছে বহিঃৰাষ্ট্ৰত বাস কৰা আফগানী নাগৰিকে

এক বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে বহিঃৰাষ্ট্ৰত বাস কৰা আফগান নাগৰিকসকল ৷ ভাৰতত বাস কৰা তেনে এগৰাকী আফগানী নাগৰিকে উল্লেখ কৰিছে তালিবানী শাসন সন্দৰ্ভত কেতবোৰ বিস্ফোৰক তথ্য ৷

প্ৰতাৰণাৰ অন্য নাম ছয় জনগোষ্ঠীৰ জনজাতিকৰণ !

নিৰ্বাচনী শ্ল’গানত পৰিণত হৈছে নেকি ছয় জনগোষ্ঠীক জনজাতিকৰণ(tribal status of six tribes of Assam)ৰ বিষয় ৷ অৰুণাচলৰ 12 টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পাছতো কিয় বঞ্চিত হৈ ৰ’ল অসমৰ ছয় জনগোষ্ঠী ?

১৮৯৪ চনৰ ২৪ জানুৱাৰী; কৃষক বিদ্ৰোহৰ ইতিহাস প্ৰসিদ্ধ এখন ঠাই

সৰ্থেবাৰীৰ এখন ঐতিহাসিক গাঁও ৷ য’ৰ পৰাই সূত্ৰপাত ঘটিছিল কৃষক বিদ্ৰোহৰ ৷ বৃটিছৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে সমবেত হৈছিল শত সহস্ৰ কৃষক ৰাইজ ৷

অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

দুলীয়াজানত পুনৰ অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ ৷ অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ কিয়নো অইলে স্থায়ী নিযুক্তিৰ পৰিৱৰ্তে বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগত ঠিকা ভিত্তিক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

তৃণমূল কংগ্ৰেছত যোগদান সুস্মিতা দেবৰ

কংগ্ৰেছ দলত মোক্ষম আঘাত ৷ এইবাৰ কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিলে সুস্মিতা দেবে ৷ টুইটাৰ একাউণ্টত Bio সলনি কৰাৰ পাচতে দেবে দল ত্যাগ কৰাক লৈ চলিছিল বহু চৰ্চা ৷ তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰেইনে সুস্মিতা দেবক দললৈ আদৰণি জনায় ৷

চিয়াং নদীৰ বাঢ়নী পানীত ককবকাইছে কুৰিৰো অধিক পৰিয়ালে

চিয়াং নদীৰ বাঢ়নী পানীয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে চিয়াং নদীৰ বাঢ়নী পানীত বুৰ গৈছে বেৰাচাপৰিৰ বেৰা বেংগলি অঞ্চলৰ প্ৰায় কুৰিৰো অধিক পৰিয়ালৰ বাসগৃহ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.