ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি... - TOP 10 @ 9 AM

9 বজাৰ শীৰ্ষ 10 টা বাতৰি...

9 বজাৰ শীৰ্ষ 10 টা বাতৰি...
9 বজাৰ শীৰ্ষ 10 টা বাতৰি...
author img

By

Published : Mar 27, 2021, 9:18 AM IST

নিৰ্বাচন 2021 : আজি 47 টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

অসম বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ ৷ উজনি অসমৰ 12খন জিলাৰ মুঠ 47 টা সমষ্টিত 81,09,815গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 264 গৰাকী প্ৰাৰ্থীৰ ৷

মৰাণত পুৱাৰে পৰা ভোটাৰৰ লানি নিচিগা ভিৰ

আৰম্ভ হ'ল প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ৷ মৰাণত পুৱাৰে পৰা ভোটাৰ ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গ'ল ৷ মৰাণত এইবাৰ 142493 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 6 জনকৈ প্ৰাৰ্থীৰ ৷ ক'ভিড প্ৰটকল মানি ভোটাৰসকলক ভোট প্ৰদানৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷

তিতাবৰত কংগ্ৰেছ আৰু এজেপিৰ দুই প্ৰাৰ্থীৰ ভোটদান

বহু প্ৰতীক্ষাৰ অন্তত আজি পুৱাৰে পৰা অনুষ্ঠিত হৈছে পঞ্চদশ অসম বিধান সভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ সমগ্ৰ ৰাজ্যখনৰ লগতে তিতাবৰ বিধানসভা সমষ্টিতো পুৱাৰে পৰা জনসাধাৰণে মুক্ত মনেৰে ভোট দিবলৈ ওলাই আহিছে ৷ তিতাবৰ তাঁতিগাঁৱৰ 52 নং ভোটগ্ৰহণ কেন্দ্ৰতো আজি পুৱাই তিতাবৰৰ দুগৰাকী প্ৰাৰ্থীয়ে ভোটদান সাব্যস্ত কৰে ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাস্কৰজ্যোতি বৰুৱা আৰু অসম জাতীয় পৰিষদৰ শৈলেন্দ্ৰ হাজৰিকাই নিজৰ ভোটদান সাব্যস্ত কৰে ৷

মহাজোঁটৰ প্ৰাৰ্থী শৈলেন সোণোৱালে সাব্যস্ত কৰিলে ভোটদান প্ৰক্ৰিয়া

পুৱা প্ৰায় ৭ বজাৰ পৰা ১৬৫নং ধেমাজি টাউন হাইস্কুলৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সকলে সাব্যস্ত কৰিছে ভোটদান প্ৰক্ৰিয়া ৷ ১১৩নং ধেমাজি সমষ্টি কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শৈলেন সোণোৱালেও সাব্যস্ত কৰিছে নিজৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া ৷

তিনিচুকীয়াত ৩৬ গৰাকী ক’ভিড ৰোগী চিনাক্ত

তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত থকা এটা হোষ্টেলত ধৰা পৰা ক’ভিড ৰোগী সকলৰ ভিতৰত ৩৪ গৰাকী ছাত্ৰী আৰু ২ জন ছাত্ৰী নিবাসৰ কৰ্মী বুলি চিনাক্ত কৰা হৈছে ৷

পুৱাই শিৱসাগৰৰ ভোট কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী

ৰাজ্যত আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ শিৱসাগৰৰ অ’ এন জি চিৰ ষ্টাফ ক্লাৱঘৰৰ পশ্চিম খণ্ডৰ 36নং ভোট গ্ৰহণ কেন্দ্ৰত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া ৷ পুৱাৰে পৰাই দেখিবলৈ পোৱা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী ৷

পৰীৰ সন্ধানত উত্তৰাখণ্ড পালেগৈ অসমৰ যুৱক

সামাজিক মাধ্যমত পৰীৰ কাহিনী শুনি পৰীৰ সন্ধানত উত্তৰাখণ্ডৰ খেন্ট পাহাৰত উপস্থিত হ'ল অসমৰ 21 বছৰীয়া যুৱক ইব্ৰাহিম আলী৷ ইউটিউবৰ ভিডিঅ'ত পাহাৰত পৰী থকা দেখি তেহৰী জিলাৰ খেণ্ট পৰ্বতত উপস্থিত হোৱাৰ পাচত পৰীৰ কোনো বাস্তৱ সত্যতা নেদেখি দুখ মনেৰে উভতি আহে যুৱকজনে ৷

ৰিগিং কৰা ভোট: নিৰ্বাচনী আয়োগক দোষাৰোপ চিপিআইৰ

কেৰালাত ৰিগিং কৰা ভোট সন্দৰ্ভত নিৰ্বাচনী আয়োগক সমালোচনা চিপিআইৰ । দলটোৰ মুখপত্ৰ 'জনযোগম'ৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত এক লেখাত উল্লেখ কৰা মতে, এজন ব্যক্তিৰ নামত এখনতকৈ অধিক পৰিচয় পত্ৰ থাকিলে ইয়াৰ বাবে নিৰ্বাচন আয়োগ দায়ী ।

দুলীয়াজানত প্ৰথমবাৰৰ বাবে ১৭ টা ভোট কেন্দ্ৰত নিয়োজিত মহিলা বিষয়া

দুলীয়াজান সমষ্টিত মুঠ ২৩৩ টা ভোট গ্ৰহণ কেন্দ্ৰত ১,৬০,০০০ ভোটাৰে ৪ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব । ইফালে দুলীয়াজানত প্ৰথমবাৰৰ বাবে ১৭ টা ভোট গ্ৰহণ কেন্দ্ৰত প্ৰিজাইডিং আৰু পুলিং বিষয়া হিচাপে অকল মহিলা বিষয়াই ভোটদান প্ৰক্ৰিয়াত সহায় কৰিব ।

বৰাক উপত্যকাত ৰণ ডংকা বজালে অমিত শ্বাহে

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শুকুৰবাৰে বৰাক উপত্যকাত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ শিলচৰৰ বিজেপি প্ৰাৰ্থী দ্বীপ্যায়ণ চক্ৰৱৰ্তীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৷ এই নিৰ্বাচনী সভাৰ পৰাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.