ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ খবৰ - Tokyo Olympics

7 বজাৰ দহটা শীৰ্ষ খবৰ...

TOP 10 AT 7 PM
7 বজাৰ দহটা শীৰ্ষ খবৰ
author img

By

Published : Aug 4, 2021, 6:58 PM IST

কৃষি বিভাগৰ কেলেংকাৰী-চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনক লৈ উত্তাল বিধানসভা

দুসপ্তাহৰ বিৰতিৰ অন্তত পুনৰ বুধবাৰৰ পৰা আৰম্ভ হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) চৰকাৰৰ আমোলৰ প্ৰথমখন বাজেট অধিবেশন ৷ 26 জুলাইত অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তই অসম আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰাৰ ফলত 6 জনকৈ আৰক্ষীৰ জোৱান নিহত হৈছিল ৷

গাদী ৰক্ষাৰ বাবে যুঁজিব লগা হৈছিল প্ৰদেশ কংগ্ৰেছৰ বিদায়ী সভাপতি ৰিপুন বৰাই

গাদী তথা চকী ৰক্ষাৰ বাবে যুঁজ দি অৱশেষত অসম ৰাজ্যিক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অব্যাহতি ল’লে ৰিপুন বৰাই ৷ বৰাৰ বিদায়ী ভাষণত প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ'ৰাত চলি থকা ক্ষমতাকেন্দ্ৰিক সংঘাতৰ স্পষ্ট স্বৰূপ প্ৰতিফলিত হয় ।

স্বৰ্ণৰ দিশে আগবাঢ়ি ব্ৰঞ্জত স্তব্ধ লাভলীনাৰ অলিম্পিক যাত্ৰা

ছেমিফাইনেলত তুৰ্কীৰ বুছেনাজ চুৰমেনেলী (Busenaz Surmeneli)ৰ হাতত পৰাস্ত হয় অসম কন্যা লাভলীনা বৰগোহাঁই (Lovlina Borgohain) ৷ ব্ৰঞ্জ (Bronze)ৰ পদকতে সীমাবদ্ধ থাকিল অসম কন্যাগৰাকী ৷

Tokyo Olympics : ছেমি ফাইনেলত স্তব্ধ ভাৰতীয় মহিলা হকী দলৰ জয় যাত্ৰা

টকিঅ’ অলিম্পিকৰ মহিলা হকীৰ ছেমি ফাইনেলত আৰ্জেণ্টিনাৰ হাতত ২-১ গ'লত পৰাস্ত ভাৰতীয় মহিলা হকী দল ৷ ৬ আগষ্টত ব্ৰঞ্জৰ পদকৰ বাবে গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব দলটো ।

টকিঅ’ অলিম্পিকত মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ ৰবি কুমাৰ দহিয়াৰ

ৰবি কুমাৰ দহিয়াই টকিঅ’ অলিম্পিকত মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ । ইয়াৰ পূৰ্বে ২০১২ চনত সুশীল কুমাৰে লণ্ডন অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰিছিল ৷

পোন্ধৰ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল কৃষি বিষয়া জ্যোতিৰেখা দাস

মঙলদৈত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । কৃষি বিভাগৰ খাৰুপেটীয়া কৃষি খণ্ডৰ ADO জ্যোতিৰেখা দাসক গেপ্তাৰ কৰে । ১৫,০০০ টকা লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ।

পুৰণি নোট ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত সতৰ্কবাণী ভাৰতীয় ৰিজাৰ্ভ বেংকৰ

ৰিজাৰ্ভ বেংকে ৰাইজক পুৰণি নোটৰ ক্ৰয় আৰু বিক্ৰীৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছে ৷ এনে ধৰণৰ ভুৱা আৰু প্ৰৱঞ্চনামূলক অফাৰৰ জৰিয়তে ধন আহৰণ কৰিবলৈ ৰিজাৰ্ভ বেংকৰ নাম ব্যৱহাৰ কৰা চক্ৰসমূহৰ পৰামৰ্শ দিছে ।

ৰাজ্যসভাত গৃহীত হ'ল জমা বীমা আৰু ক্ৰেডিট গেৰাণ্টি কৰ্পৰেছন(সংশোধনী) বিধেয়ক

বুধবাৰে ৰাজ্যসভাত জমা বীমা আৰু ক্ৰেডিট গেৰাণ্টি কৰ্পৰেছন(সংশোধনী) বিধেয়ক, ২০২১ গৃহীত হয় । ম'ৰেট'ৰীয়াম পিৰিয়ডৰ ৯০ দিনৰ ভিতৰত ৫ লাখ টকা পৰ্যন্ত বীমা দাবী বাধ্যতামূলকভাৱে পৰিশোধ কৰাৰ বাবে এই বিধেয়ক গৃহীত কৰা হৈছে ।

এণ্টিলিয়া কাণ্ড:অভিযোগ নামা দাখিলৰ বাবে আৰু ৩০ দিনৰ সময় লাগে NIAক

অভিযোগ নামা দাখিলৰ বাবে আদালতত অতিৰিক্ত ৩০ দিনৰ সময় বিচাৰিছে সংস্থাটোৱে । সংস্থাটোৱে আদালতক কৈছে যে এণ্টিলিয়া কাণ্ডৰ পাছত মনসুখ হীৰেণক হত্যা কৰিবলৈ অভিযুক্তসকলক ৪৫ লাখ টকা দিয়া হৈছিল ।

আৰু বহু ছবিত অভিনয় কৰিব বিচাৰে নীনা গুপ্তাই...

বলীউডত এতিয়া পৰিচালকৰ প্ৰিয় অভিনেত্ৰী হৈ পৰিছে প্ৰবীণ অভিনেত্ৰী নীনা গুপ্তা(Neena Gupta) । চুপাৰহিট ছবিত কাম কৰিবলৈ পাই কৃতজ্ঞতা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.