নিৰ্বাচনী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে ৰাজীৱ কুমাৰে
নিৰ্বাচনী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে প্ৰাক্তন আমোলা ৰাজীৱ কুমাৰে। ঝাৰখণ্ড কেডাৰৰ সৰ্বভাৰতীয় সেৱা বিষয়া হিচাপে অৱসৰপ্ৰাপ্ত ৰাজীৱ কুমাৰে ২০২৪ৰ লোকসভা নিৰ্বাচনত অধ্যক্ষৰ দায়িত্ব পালন কৰিব ।
আমৰণ অনশনত বহিল ডুমডুমাৰ শ্বহীদ নিৰ্যাতিত পৰিয়াল
তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আমৰণ অনশন কাৰ্যসূচীৰ আয়োজন কৰিছে সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদে ৷ শ্বহীদৰ পৰিয়ালৰ সদস্যসকলক কৰ্ম সংস্থাপন প্ৰদানৰ দাবীত মঙলবাৰে ডুমডুমাত পালন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 বাতিলৰ দাবীত প্ৰতিবাদত বহিছে চাচনী আঞ্চলিক ছাত্ৰ সন্থা ৷ পুৱা 9 বজাৰ পৰা 24 ঘণ্টীয়া অনশনেৰে আৰম্ভ হৈছে এই প্ৰতিবাদী কাৰ্যসূচী ৷
গাঁও পঞ্চায়তলৈ আৱন্টিত পুঁজিত ব্যাপক অনিয়ম
চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত গাঁও পঞ্চায়তলৈ আৱন্টিত পুঁজিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ কৰিমগঞ্জত ৷ বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অবগত কৰিছে যদিও কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷
ভাৰতক ৩,৫০০কোটি টকাৰ জৰুৰীকালীন ঋণ প্ৰদান কৰিব জাপানে
জাপানৰ ৰাষ্ট্ৰদূত সন্তোষী ছুজুকিয়ে মঙলবাৰে টুইটযোগে ঘোষণা কৰে যে, জাপানে ৫০ বিলিয়ন য়েন পৰ্যন্ত ঋণ প্ৰদান কৰি ভাৰতক সমৰ্থন আগবঢ়াব । কৰ'ণাৰ সংকটকালত ভাৰতক জৰুৰীকালীন ঋণ দি সহায় কৰিব জাপানে । ঋণ পৰিশোধৰ বাবে ১৫বছৰ সময় দিয়াৰ লগতে প্ৰতিবছৰে ভাৰতে এই ঋণৰ বাবদ ০.০১% সুদ আদায় দিব লাগিব ।
আমিনগাঁৱত PMAY গৃহৰ পৰা বঞ্চিত হিতাধিকাৰীৰ উত্তাল প্ৰতিবাদ
PMAYৰ আঁচনিত দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি একাংশ ধনী আৰু চাকৰিয়াল ব্যক্তিৰ নাম প্ৰকাশ পোৱাত জাঙুৰ খাই উঠে স্থানীয় ৰাইজ ৷ অতি শীঘ্ৰে উক্ত তালিকা খন বাতিল কৰিবলৈ উপয়ুক্তক আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷
বজালীৰ পিছত এইবাৰ বিশ্বনাথৰ পঞ্চায়তত প্ৰতিবাদৰ জোৱাৰ
বিহালী সমষ্টিৰ পঞ্চায়ত প্ৰতিবাদৰ জোঁৱাৰ ৷ মোনাবাৰী গাঁও পঞ্চায়ত আৰু জৰাবাৰী গাঁৱত সোমবাৰে বিয়লি একাংশ স্থানীয় লোকে পঞ্চায়ত কৰ্মচাৰীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷
মইনবড়িত গৰা খহনীয়াত উচন হ'ল ৯১২ টা পৰিয়াল
মহাবাহু ব্ৰহ্মপুত্ৰ আৰু বলিয়া বেঁকী নৈত জাহ গ'ল শতাধিক পৰিয়াল ৷ উপযুক্ত ক্ষতি পূৰণ বিচাৰি চৰকাৰক আহ্বান জনাইছে ভুক্তভোগি লোক সকলে ৷
বিশেষভাৱে সক্ষম শিশুৰ সৈতে সুশান্তৰ কিছু মধুৰ মুহূৰ্ত
প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ২টা ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ভিডিঅ'ত কেইটিমান বিশেষভাৱে সক্ষম শিশুৰ সৈতে দেখা গৈছে সুশান্তক। বিদ্যালয়ৰ অনুষ্ঠান পৰিৱেশন কৰি থকা শিশুকেইটাক আবেগিক হৈ চুম্বন আৰু আলিংগন কৰিছে প্ৰয়াত অভিনেতাজনে।
এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগিছে কাছাৰৰ বাগবাহাৰবাসী
একবিংশ শতিকাতো উন্নয়নৰ মুখ নেদেখা এখন গাঁও ৷ কাছাৰ জিলাৰ ধলাই সমষ্টিৰ এখন গাঁৱত আজিও ৰাইজে বিশুদ্ধ খোৱা পানীৰ অভাৱত দিন পাৰ কৰিছে ৷ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধ ক্ষোভ গাঁওবাসীৰ ৷