ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ খবৰ - TOP 10 AT 5PM

5 বজাৰ দহটা শীৰ্ষ খবৰ

5 বজাৰ দহটা শীৰ্ষ খবৰ
5 বজাৰ দহটা শীৰ্ষ খবৰ
author img

By

Published : Aug 27, 2021, 5:00 PM IST

এবছৰৰ ভিতৰত ৰাজ্যৰ চিকিৎসা খণ্ডত সংযোজন হ'ব আৰু আঠখন চিকিৎসা মহাবিদ্যালয়ৰ

লখিমপুৰ, নলবাৰী, তিনিচুকীয়া, নগাঁও, ধুবুৰী, কোকৰাঝাৰ, বিশ্বনাথ আৰু চৰাইদেউত নিৰ্মাণকাৰ্য চলি থকা নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ স্বাস্থ্যমন্ত্রীৰ । ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় সমূহত শিশুৰ বাবে আই চি ইউ নির্মাণ প্রায় সম্পূর্ণ । সম্ভাব্য তৃতীয় ঢৌৰ বাবে সাজু স্বাস্থ্য বিভাগ ।

'জন আশীৰ্বাদ যাত্ৰা' পুনৰ আৰম্ভ কৰিব কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেই

শুকুৰবাৰৰ পৰা কেন্দ্ৰীয় এম এছ এম ই মন্ত্ৰী নাৰায়ণ ৰাণে(Narayan Rane)ই পুনৰ আৰম্ভ কৰিব 'জন আশীৰ্বাদ যাত্ৰা' । ৰত্নগিৰিৰ পৰা তেওঁ এই যাত্ৰা আৰম্ভ কৰিব । যোৱা ২৩ আগষ্টত 'জন আশীৰ্বাদ যাত্ৰা'(Jan Aashirwad Yatra)ৰ সময়ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে(Uddhav Thackeray)ক চৰ সোধোৱাৰ কথা কৈ গ্ৰেপ্তাৰ হৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ।

মৎস্য উৎপাদনৰ ক্ষেত্ৰত অসমক স্বাৱলম্বী কৰাৰ লক্ষ্য মীন মন্ত্ৰীৰ

বৃহস্পতিবাৰে মীন বিভাগৰ(Fishery Department) শীৰ্ষ বিষয়াসকলৰ সৈতে আঁ‌চনিসমূহৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্য(Parimal Suklabaidya) । প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা(PM Matsya Sampada Yojana) আঁচনিৰ অধীনত 2000 টা পুখুৰীৰে অসমক মৎস্য উৎপাদনত আত্মনিৰ্ভৰ কৰাৰ লক্ষ্য মন্ত্ৰী শুক্লবৈদ্যৰ ।

মাধৱদেৱৰ তিৰোভাৱ তিথিত দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত মাজুলী

আজি মহাপুৰষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি ৷ 1596 চনত কোচবিহাৰৰ ভেলা সত্ৰত দেহাৱসান ঘটিছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৷ মহাপুৰুষ গৰাকীৰ তিৰোভাৱ তিথি উপলক্ষে শুকুৰবাৰে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ সত্ৰ নামঘৰৰসমূহ ৷ লগতে দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত হয় সত্ৰভূমি মাজুলী ৷

নগাঁও আৰক্ষীৰ সফলতা : খৰ্গ সহ আটক তিনি সৰবৰাহকাৰী

নগাঁও আৰক্ষীৰ এইবাৰ আন এক বৃহৎ সফলতা । বৃহস্পতিবাৰে এক অভিযান চলাই গঁড়ৰ খৰ্গৰ চোৰাং বেহাৰ সৈতে জড়িত তিনি অভিযুক্তৰ লগতে এটা গঁড়ৰ খৰ্গ জব্দ কৰে নগাঁও আৰক্ষীয়ে ৷

কোনে ৰচনা কৰিছিল পাপনৰ জনপ্ৰিয় গীত ‘শ্যামৰায় কলিয়া’ ?

এটা অতিকৈ চিনাকী গীত.. বহু চৰ্চিত বহু জনপ্ৰিয়... বিশ্বৰ দৰবাৰত অসমীয়া লোকসংগীতক চিনাকী কৰাই দিয়া এই গীতটো জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্তই পৰিৱেশন কৰিছিল জনপ্ৰিয় টিভি চেনেল MTV ত প্ৰচাৰ হোৱা COKE STUDIO ত ৷ কিন্তু এই গীতটিৰ প্ৰকৃত শ্ৰষ্টা কোন আপুনি জানেনে ? চাঁওক এই প্ৰতিবেদন...
অসম-মিজোৰাম সীমান্তত পুনৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণ

কেতিয়া সমাধান হ’ব উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজৰ সীমা বিবাদ(Border Dispute) ? কেতিয়া সামৰণি পৰিব অসমৰ ওপৰত চুবুৰীয়া ৰাজ্যৰ দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণ ? পুনৰ কাছাৰৰ অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ আক্ৰমণ ৷ অধিক জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক...

দিল্লীৰ পৰা অসমলৈ কোনে কুৰিয়াৰত পঠিয়ায় কোকেইন ?

বিগত প্ৰায় 6 মাহ ধৰি দক্ষিণ দিল্লীৰ পৰা অসমৰ এক নিৰ্দিষ্ট ঠিকনালৈ সৰবৰাহ হৈ আহিছে কোকেইন । দক্ষিণ দিল্লীৰ পৰা গুৱাহাটীৰ এই নিৰ্দিষ্ট ঠিকনাটোলৈ কোকেইন আহে কুৰিয়াৰ চাৰ্ভিছত । কিন্তু কোন দিল্লীৰ পৰা অসমলৈ পঠায় কোকেইন ?

গ্ৰামাঞ্চলৰ লোকৰ সুবিধাৰ্থে এম্বুলেঞ্চ প্ৰদান সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

হোজাই জিলাৰ লংকাৰ ওমপ্রকাশ প্রমীলা দেৱী সোঁৱৰণী দাতব্য ন্যাসক (Omprakash Pramila Devi Memorial Charitable Trust) নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (MP Pradyut Bordoloi) প্ৰদান কৰিলে এখন এম্বুলেঞ্চ । ন্যাসৰ উদ্যোগত অনুষ্ঠিত এক কাৰ্যসূচীত সাংসদগৰাকীয়ে এম্বুলেঞ্চখন (Ambulance) ওমপ্রকাশ প্রমীলা দেৱী সোঁৱৰণী দাতব্য ন্যাসৰ অধ্যক্ষ ৰোহিত কুমাৰ আগৰৱালাৰ হাতত অৰ্পণ কৰে । অনুষ্ঠানত সাংসদগৰাকীক ন্যাসৰ তৰফৰ পৰা বিশেষভাৱে আদৰণি জনোৱা হয় ।

আজিৰ পৰা পুনৰ বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা

অনিদিষ্ট কালৰ বাবে বন্ধ হ'ল মাজুলী-নিমাতী ফেৰী সেৱা । শুকুৰবাৰৰ পৰা বন্ধ ৰখা হৈছে ফেৰীৰ চলাচল । ফেৰী ঘাটত যাত্ৰীৰ হাহাকাৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.