ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি... - TOP 10 AT 5 PM

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 AT 5 PM
পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Oct 6, 2020, 5:02 PM IST

SI কাণ্ডঃ পোহৰলৈ আহিছে দিবন ডেকাৰ বহু কেলেংকাৰী

নিতৌ পোহৰলৈ আহিছে SI পৰীক্ষাৰ কেলেংকাৰিৰে জড়িত দিবন ডেকাৰ ন ন কু-কীৰ্তি। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ চাকৰিৰ বিনিময়তো ধন সংগ্ৰহ কৰি নিজৰ পকেট গৰম কৰিছিল 'দিবন এণ্ড কোম্পানী'য়ে।'দিবন এণ্ড কোম্পানী'ত দালাল ৰূপে খ্যাত ছফি জামাল, ৰকিবুল ইছলাম আৰু ৰাজীৱ আহমেদ।

চাংসাৰীত পথ দুৰ্ঘটনাঃ নিহত এক

চাংসাৰীত পথ দুৰ্ঘটনা ৷ চাংসাৰী থানাৰ সমীপতে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো ।

দৰঙত জাতীয় শ্বহীদ মোজাম্মিল হকৰ স্মৃতি দিৱস উদযাপন

আজি শ্বহীদ মোজাম্মিল হকৰ স্মৃতি দিৱস ৷ মোজাম্মিল হকৰ মৃত্যু দিৱস গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ দৰং জিলা সমিতিয়ে যৌথভাৱে দৰং জিলা সাহিত্য সভাৰ পেক্ষাগৃহত উদযাপন কৰে ।

পথ নিৰ্মাণৰ অনিয়মক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়াৰ ফিল’বাৰীত পথ নিৰ্মাণত বিসংগতি ৷ এই পথ নিৰ্মাণৰ কামত নিয়োজিত আছিল বিধায়কৰ ঘনিষ্ঠ হিচাপে পৰিচিত ঠিকাদাৰ সুনীল শ্বাহ ৷

COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

দেশত COVID-19 ত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা মুঠ 66,85,083 গৰাকীলৈ বৃদ্ধি পায় ৷ আনহাতে শেহতীয়াকৈ 884 গৰাকী লোকে মৃত্যুক সাৱটি লোৱাৰ লগে লগে দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ সংখ্যা 1,03,569 গৰাকীলৈ বৃদ্ধি পাইছে ৷

ৰঙিয়াত ৰাইজৰ প্ৰচেষ্টাত মেৰামতি গড়কাপ্তানী পথ

ৰঙিয়াত ৰাইজৰ প্ৰচেষ্টাত মেৰামতি কৰা হল গড়াকপ্তানী পথ ৷ তিনিমাহ পূৰ্বে বানপানীয়ে পথটি ছিঙি লৈ যোৱাৰ পিচত যাতায়তৰ অনুপযোগী হোৱাৰ বাবে ৰাইজে নিজাববীয়াকৈ মেৰামতি কৰিলে পথটি ৷

কুকি উগ্ৰপন্থী সংগঠনৰ সেনাধ্যক্ষ মাৰ্টিন গুইটে নিহত

কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা ৷ আৰক্ষীৰে সৈতে হোৱা এক মুখামুখি সংঘৰ্ষত ইউআৰপিএফ-ৰ সেনাধ্যক্ষ মাৰ্টিন গুইটে নিহত ৷

ভাংনামাৰী চৰৰ আঠকোটি টকীয়া এটা বিশেষ পথ

নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ চৰ অঞ্চল সমূহৰ উন্নয়নৰ নমুনাই চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ ৷ ভাংনামাৰী চৰৰ আঠকোটি টকীয়া পথৰ দৃশ্যাংশই উদঙাই দিছে চৰাঞ্চলত উন্নয়নৰ নামত হোৱা চৰম দুৰ্নীতিৰ প্ৰকৃত ছবিখন ৷

পোষ্টেল বেলটক লৈ নতুন নিৰ্দেশনা জাৰি নিৰ্বাচনী আয়োগৰ

পোষ্টেল বেলট সন্দৰ্ভত কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচনী আয়োগে। এই নতুন নিৰ্দেশনা বিশেষভাৱে সক্ষম লোক আৰু ৮০ৰ উৰ্দ্ধৰ বয়োজ্যষ্ঠৰ বাবে অধিক সুবিধাজনক হ'ব।

কাজলগাঁৱত গণসুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদ

বিটিআৰ চুক্তিৰ পুনৰ নিৰীক্ষণ আৰু বিটিআৰৰ পৰা অবড়ো গাঁওসমূহ কৰ্তন কৰা আদি কেইবাটাও দাবীত কাজলগাঁৱত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে গণসুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিয়ে ৷ বিটিআৰত 80 শতাংশ অবড়ো লোকক উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰিছে গণ সুৰক্ষা পাৰ্টীৰ নেতৃবৃন্দই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.