ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি... - Top 10 @ 5 pm

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

Top 10 @ 5 pm
পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Sep 15, 2020, 5:04 PM IST

তেজপুৰত ব্যক্তিগত চিকিৎসালয়ৰ অৱহেলাৰ বাবে যুৱকৰ মৃত্যু

তেজপুৰত ব্যক্তিগত চিকিৎসালয়ৰ গাফিলতিৰ বাবে প্ৰাণ গ'ল যুৱকৰ ৷ টকা জমা দিব নোৱাৰাৰ বাবে চিকিৎসালয়ৰ কৰ্তৃপক্ষই দুৰ্ঘটনাত পতিত হোৱা যুৱকক ICUৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷

মীৰুটত দেহ ব্যৱসায়ত জড়িত মহিলা গ্ৰেপ্তাৰ

শকিলা নামৰ এগৰাকী দেহ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে মীৰুট আৰক্ষীয়ে ৷ মহিলাগৰাকীয়ে দীৰ্ঘদিনৰ পৰা এই ব্যৱসায়ত জড়িত হৈ আছিল ৷ মহিলাগৰাকীয়ে অসম তথা পশ্চিমবংগৰ পৰা নাবালিকাসকলক চল-চাতুৰীৰে ক্ৰয় কৰি এই ব্যৱসায়ত লিপ্ত হ’বলৈ বাধ্য কৰিছিল ৷

নগাঁৱৰ শৃঙ্গাৰাপট্টিত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ৰাষ্ট্ৰীয় ঘাইপথৰ এছোৱা অংশ বিভাগীয় কৰ্তৃপক্ষই মেৰামতি নকৰাৰ বাবে উক্ত স্থানত বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷

গাঠিৰ ধন ভাঙি দলং নিৰ্মাণৰ সিদ্ধান্ত ল'লে দক্ষিণ শালমাৰাৰ ৰাইজে

জনপ্ৰতিনিধিৰ আশ্বাস হেৰুৱাই জনসাধাৰণে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে পকী দলং ৷ সৰ্বস্তৰৰ লোকে জিলা উপায়ুক্তৰ পৰা অনুমতি সাপেক্ষে নৈখনত ৰাইজৰ দান বৰঙণিৰে এখন পকী দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

চীনেই সৃষ্টি কৰিছিল ক'ৰণা ভাইৰাছঃ চীনা বিজ্ঞানীৰ দাবী

এগৰাকী চীনা বিজ্ঞানীৰ চাঞ্চল্যকৰ দাবী, চীনেই সৃষ্টি কৰিছিল ক'ৰণা ভাইৰাছ ৷ চীনৰ বিজ্ঞানী ডঃ লি মেঙ য়ানৰ দাবী চীনা চৰকাৰ নিয়ন্ত্ৰিত য়ুহানস্থিত এক পৰীক্ষাগাৰত সৃষ্টি কৰা হৈছিল ক'ৰণা ভাইৰাছ ৷ সমগ্ৰ প্ৰক্ৰিয়াটো পোহৰলৈ নানিবৰ বাবে তেওঁক আনকি ভাবুকিও প্ৰদান কৰা হৈছে ৷ অতি সোনকালেই সমগ্ৰ তদন্তৰ প্ৰতিবেদন বিশ্ববাসীৰ সন্মুখলৈ আগবঢ়াই দিব বুলি সদৰি কৰিছে চীনা বিজ্ঞানী গৰাকীয়ে ৷

শাওনৰ পথাৰৰ অনুৰূপ দৃশ্যৰে বোকাময় এটা পথ

শাওনৰ পথাৰৰ দৰেই অনুৰূপ দৃশ্যৰ এটা বোকাময় পথে জ্বলাক'লা খোৱাইছে স্থানীয় ৰাইজক ৷ হাতীঘূলী গাঁও পঞ্চায়তৰ পদুমনি গাঁৱৰ এটা পথৰ দুৰৱস্থাই এতিয়া স্থানীয় ৰাইজলৈ বিপদ মাতি আনিছে ৷

লাডাখত ক্ৰীড়া আঁচনিৰ আধাৰশিলা স্থাপন কিৰেণ ৰিজিজুৰ

লাডাখত প্ৰায় 12 কোটি টকা মূল্যৰ বহুকেইটা ক্ৰীড়া আঁচনিৰ আধাৰশিলা স্থাপন ৷ উপস্থিত থাকে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু ৷

শোণিতপুৰত দৈনিক বৃদ্ধি পাইছে কৰ'ণা সংক্ৰমণত মৃত্যুৰ সংখ্যা

তেজপুৰত দৈনিক বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা ৷ সোমবাৰে পুৱতি নিশা প্ৰায় তিনি বজাত চেন্নাইৰ গ্লোবেল হাস্পতালত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে তেজপুৰৰ নপাম নিবাসী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী খোকন সৰকাৰৰ ৷ আনহাতে তেজপুৰ মেডিকেলত মৃত্যু ঘটিছে কৃষ্ণ বাস্তুলা মানচিৰি আৰু দিলীপ দত্ত নামৰ লোকদুজনৰ ৷

আমাৰ উদাৰতাক দুৰ্বলতা বুলি নাভাবিবঃ কৃষক মুক্তি

আছু আৰু AJYCPৰ নতুন দলক লৈ সংবাদ মাধ্যমৰ আগত ক্ষোভ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ কৃষক মুক্তিক একাষৰীয়া কৰাৰ অভিযোগ সংগঠনটোৰ ৷ 20 ছেপ্টেম্বৰৰ ভিতৰত কোনো গঠন মূলক সঁহাৰি নাপালে কৃষক মুক্তিয়ে নতুন দল গঠনৰ হুংকাৰ ৷

গোলাঘাট আৰক্ষীৰ জালত ম'ষ্ট ৱাণ্টেড গাড়ী চোৰ

যোৰহাটত গাড়ী চুৰিৰে দীৰ্ঘদিনে আৰক্ষীৰ নিদ্ৰাহৰণ কৰি আহিছিল অজয় সিং নামৰ এটা চোৰে ৷ অৱশেষত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে চোৰটো ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.