ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি... - Top 10 @ 5 PM

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

Top 10 @ 5 PM
পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Sep 11, 2020, 4:54 PM IST

বকোত পাৰিবাৰিক কন্দলৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ

বকোত লোমহৰ্ষক হত্যাকাণ্ড ৷ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ ৷ পাৰিবাৰিক কন্দলৰ বাবে পুত্ৰই হত্যা কৰিলে পিতৃক ৷ বকো আৰক্ষীৰ তদন্ত আৰম্ভ ৷

জনীয়া সত্ৰত লুটপাতৰ চেষ্টা দুৰ্বৃত্তৰ

শুকুৰবাৰে পুৱতি নিশা বৰপেটা জিলাৰ জনীয়াস্থিত শ্ৰীশ্ৰীপুৰুষোত্তম ঠাকুৰদেৱ সত্ৰত লুটপাতৰ উদ্দেশ্যৰে প্ৰৱেশ কৰে এটা চোৰ ৷ অঞ্চলটোৰ প্ৰাতঃভ্ৰমণলৈ অহা একাংশ লোকৰ এই ঘটনা দৃষ্টিগোচৰ হোৱাত চোৰটোৰ চেষ্টা বিফল হয় ৷ ততালিকে স্থানীয় ৰাইজে চোৰটোক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷

গোৱালপাৰাত PMAY গৃহৰ নামত হিতাধিকাৰীৰ পৰা লয় ধন!

গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ অন্তৰ্গত কল্যাণপুৰ গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সৃষ্টি হৈছে ব্যাপক কেলেংকাৰী । একেটা পৰিয়ালৰ মাজত 2-3 টা ঘৰ পোৱাৰ বিপৰীতে প্ৰকৃত হিতাধিকাৰীয়ে চৰকাৰী ঘৰ লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ভুক্তভোগীৰ ।

বন বিভাগৰ অভিযানত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

বৃহস্পতিবাৰে পুৱতি নিশা কুকুৰমাৰা খণ্ড বন বিষয়াৰ নেতৃত্বত ছমৰীয়াৰ বৰালীমাৰত জব্দ কৰে এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক ৷ জব্দকৃত কাঠ খিনিৰ মূল্য হ’ব প্ৰায় ৬০ হেজাৰ টকা ৷

গীত কামৰূপাক গ্ৰেপ্তাৰৰ দাবীত শিৱসাগৰত দল সংগঠনৰ প্ৰতিবাদ

মহিলা শক্তি সংবৰ্ধন ক্ষেত্ৰ অসম নামৰ এক অনুষ্ঠানৰ নেত্ৰী গীত কামৰূপাৰ বিৰুদ্ধে শুকুৰবাৰে সৰৱ হৈ পৰে শিৱসাগৰৰ বহু কেইটা দল-সংগঠন ৷ অভিযোগ অনুসৰি,নেত্ৰী গৰাকীয়ে শিৱসাগৰৰ ৰাইজ,মহিলা আৰু দল-সংগঠন সমূহক ভিত্তিহীনভাৱে সমালোচনা কৰি কেতবোৰ অহেতুক অভিযোগ জাপি দিছিল । অনতিপলমে নেত্ৰী গৰাকীক গ্ৰেপ্তাৰৰ দাবী জনাইছে ৷

নিৰ্বাচনৰ পূৰ্বে বিটিচিত অপ্ৰীতিকৰ পৰিস্থিতি

নিৰ্বাচনৰ পূৰ্বে বিটিচিত বিৰাজ কৰিছে অপ্ৰীতিকৰ পৰিস্থিতিয়ে ৷ ভিন্ন সময়ত ৰাজনৈতিক দলসমূহৰ মাজত বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বিটিচিত ৷

গোলাঘাটৰ ধনশিৰি নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

গোলাঘাট মইনাপাৰা ধনশিৰি নদীত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। কোনো দুৰ্বৃত্তই যুৱকজনক হত্যা কৰি মৃতদেহটো ধনশিৰিত পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । মৃতদেহটোৰ ডিঙিত বেল্ট আৰু হাত দুখন ৰচীৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। পুৱাই স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ।

ক'ভিড-19 ৰ ভয়াবহতাৰ মাজতে বৃদ্ধি ভাৰতীয় ৰেলৰ টিকেট বুকিং

অতিৰিক্ত 80 বিশেষ ট্ৰেইনৰ টিকেট বুকিঙৰ প্ৰথমটো দিনতে যাত্ৰীৰ সংখ্য়া বৃদ্ধি হোৱাটো প্ৰত্যক্ষ কৰিলে ভাৰতীয় ৰেলৱে'ই ৷ বৃহস্পতিবাৰে 5 লাখতকৈ অধিক লোকে টিকেট বুক কৰাৰ কথা জানিব পৰা গৈছে ৷

দ্বিতীয় বাঘজান হোৱাৰ দিশে গোলাঘাটৰ তামুলীপথাৰ

গোলাঘাট জিলাৰ কমাৰগাঁৱৰ তামুলীপথাৰত অইল ইণ্ডিয়াৰ ভুলৰ বাবে খাৰুৱা তেল নিৰ্গত হৈছে তেল পৰিবাহী পাইপ লাইনৰ পৰা। যাৰবাবে কৃষি ভূমি বিনষ্ট হোৱাৰ উপৰিও বাঘজান সদৃশ পৰিৱেশৰ দিশে ধাৱমান হৈছে গোলাঘাট জিলাৰ তামুলীপথাৰ ।

পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে মৰাণত ধন আত্মসাৎ কৰাৰ অভিযোগ

মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ ঘনিষ্ঠ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ ৷ গৰাখহনীয়া ৰোধৰ বাবে অহা ধন আত্মসাৎ কৰাৰ অভিযোগ পঞ্চায়ত সভাপতিগৰাকীৰ বিৰুদ্ধে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.