ETV Bharat / state

বিয়লি পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি... - TOP 10 @ 5 PM

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 @ 5 PM
পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Sep 3, 2020, 5:01 PM IST

Updated : Sep 3, 2020, 7:03 PM IST

অসম-নাগালেণ্ড সীমান্তত নিষিদ্ধ হেৰইনসহ আটক দুজন

কাৰ্বি আংলং-নাগালেণ্ড সীমান্তত জব্দ ড্ৰাগছ ৷ দুজনক আটক ৷ বিগত ছমাহত বোকাজানত জব্দ হৈছে প্ৰায় ২ কেজি ৫০০ গ্ৰাম ব্ৰাউন চুগাৰ যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ১৭ কোটিৰো অধিক ।

মুম্বাইখন 'পাক অধিকৃত কাশ্মীৰ' যেন কিয় অনুভৱ হয়?:কংগনা

শিৱ সেনা সাংসদ সঞ্জয় ৰাৱটৰ কঠোৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে অভিনেত্ৰী কংগনা ৰাণাৱটে। টুইটযোগে কংগনাই প্ৰশ্ন কৰিছে যে, মুম্বাইত থাকিলে 'পাক অধিকৃত কাশ্মীৰ'ত থকা যেন কিয় অনুভৱ হয় ।

এপল মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত ঘাইপথ অৱৰোধ

এপল মিল পুনৰ উজ্জীৱিত কৰাৰ দাবীত বৃহস্পতিবাৰে ৰঙিয়া-ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে এপল শ্ৰমিক সন্থাৰ লগতে বৈদ‍্যগড় আঞ্চলিক ছাত্ৰ সন্থাই । লগতে বিধানসভাত চলি থকা বৰ্ষাকালীন অধিৱেশনত বিধায়ক ভৱেশ কলিতাই এপল মিলৰ বিষয়টো উপস্থাপন নকৰাত ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ।

প্ৰমোদ বড়ো এজন পাগলঃ জগদীশ সৰকাৰ

প্ৰমোদ বড়ো এজন পাগল । ছাগলে নাখায় কি, পাগলে নকয় কি । এই বিস্ফোৰক মন্তব্য মুদৈবড়ী সমষ্টিৰ প্ৰাক্তন ইম এম জগদীশ সৰকাৰৰ ৷

তেলেংগনাত আৰক্ষীৰ গুলীত নিহত মাওবাদী

তেলেংগনা আৰক্ষীৰ গুলীত নিহত সন্দেহযুক্ত মাওবাদী সংগঠনৰ সদস্য। বৃহস্পতিবাৰে তেলেংগনাৰ ভাদ্ৰদ্ৰী-কথাগুডেম জিলাত যান-বাহনৰ তালাচী চলি থকা অৱস্থাতে মাওবাদী সংগঠনৰে জড়িতৰ সন্দেহত আৰক্ষীয়ে এজন লোকক গুলীয়াই হত্যা কৰে।

'কা' আৰু EIA বাতিলৰ দাবীত বাক্সাত তিনি সংগঠনৰ মানৱ শৃংখল

'কা' আৰু 'EIA' বাতিলৰ দাবীত বাক্সাত শতাধিক লোকৰ প্ৰতিবাদ ৷ হাতে হাতে বেনাৰ লৈ বিভিন্ন শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ লগতে, বিজেপিত যোগদান কৰা শিল্পীকো সমালোচনা প্ৰতিবাদকাৰীৰ ৷\

4 বছৰে নিৰুদ্দিষ্ট পুত্ৰক বিচাৰি হাহাকাৰ অসহায় পিতৃ-মাতৃৰ

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত চিয়াজুলি পঞ্চায়তৰ, দীৰ্ঘা মাজগাঁৱৰ বাসিন্দা ৰূদ্ৰ শৰ্মা আৰু যোগমায়া দেৱীৰ একমাত্ৰ পুত্ৰ কাঞ্চন শৰ্মা নামৰ যুৱকগৰাকী 4 বছৰ পূৰ্বে ওলাই গৈছিল ঘৰৰ পৰা ৷ তাৰ পাচৰ পৰাই নিৰুদ্দিষ্ট হৈ আছে যুৱকজন ৷

ৰঙাপৰাত পৌৰ কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

তৃতীয় দিনলৈ ৰঙাপাৰাত অব্যাহত আছে পৌৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ ৷ সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰাজ্যজুৰি পৌৰসভা কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰী সকলে নিয়মীয়া সকলো কাম-কাজ পৰিহাৰ কৰি অব্যাহত ৰাখিছে এই প্ৰতিবাদ ৷

অভিনেত্ৰী চেতনা দাসৰ স্বামীৰ দেহাৱসান

কৰ’ণাত আক্ৰান্ত হৈ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাসে ৷ বিগত কিছুদিন ধৰি মহানগৰীৰ জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট অভিনেত্ৰীগৰাকীৰ স্বামী ৷ ইফালে, অভিনেত্ৰীগৰাকীও কোভিড 19 ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷

উত্তৰ গুৱাহাটীত জব্দ 10 লাখ টকা মূল্যৰ বিদেশী চিগাৰেট

উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ট্ৰাকসহ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰা হয় ৷ আৰক্ষীয়ে ট্ৰাকখনৰ চালক সঞ্জয় চেত্ৰী আৰু হেণ্ডিমেন আমিৰ হুছেইনক আটক কৰিছে ৷

Last Updated : Sep 3, 2020, 7:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.