ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি... - TOP 10 @ 5 PM

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 @ 5 PM
পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Sep 2, 2020, 5:09 PM IST

বদৰুদ্দিন আজমল চাহাবৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো লোভ নাই: আমিনুল ইছলাম

বুধবাৰে সদনৰ বাহিৰত সংবাদ মাধ্যমযোগে "বদৰুদ্দিন আজমল চাহাবৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো লোভ নাই" বুলি মন্তব্য কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ৷

মাত্ৰ 60 শতাংশ উৎপাদনৰে চলি আছে নুমলীগড় তেল শোধনাগাৰ

কৰ'ণা মহামাৰীৰ বাবে NRL ত বিৰূপ প্ৰভাৱ ৷ 60 শতাংশ উৎপাদনৰে চলি আছে NRL ৰ উৎপাদন ক্ষমতা ৷ আনহাতে, তেল বিক্ৰীৰ অভাৱত বৃহৎ লোকচানৰ সন্মুখীন NRL কৰ্তৃপক্ষ ৷

(SCO)ৰ বৈঠক: চীনৰ কোনো নেতাৰ সৈতে মিলিত নহয় ৰাজনাথ সিং

৪ চেপ্তেম্বৰত SCOৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত ভাগ লোৱাৰ পিচত ৰাজনাথ সিঙে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই ছোইগু আৰু কেবাজনো উচ্চপদস্থ সামৰিক বিষয়াৰ সৈতে এক বৈঠকত মিলিত হ'ব । ভাৰত আৰু ৰাছিয়াৰ মাজত সম্পাদিত হোৱা কেবাখনো গুৰুত্বপূৰ্ণ ছুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিশেষ আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে ।

অচিৰেই পৰিৱৰ্তন সাধন হ’ব অসমৰ শিক্ষা বিভাগত

ৰাজ্যৰ সকলো হাইস্কুল ৰূপান্তৰিত হ'ব উচ্চতৰ মাধ্যমিকলৈ । ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণী এম.ই শাখাৰ বিদ্যালয়ত অন্তৰ্ভুক্ত হ'ব । হাইস্কুল শাখাত থাকিব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী ।

আধাৰ কাৰ্ডৰ নামত তেজপুৰত ক'ভিড-19 ৰ নীতি-নিৰ্দেশনা উলংঘা

শোণিতপুৰত প্ৰতিদিনে কৰ'ণা ৰোগীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাই অহাৰ পিচতো একাংশ লোক সজাগ হোৱা পৰিলক্ষিত হোৱা নাই ৷ তেজপুৰৰ প্ৰধান ডাকঘৰত আধাৰ কাৰ্ডৰ নামত বুধবাৰে গ্ৰাহকে সকলো ধৰণৰ নীতি-নিৰ্দেশনা ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৷

বিটিচিৰ উন্নয়নৰ ধনেৰে বৈধ-অবৈধ মাৰণাস্ত্ৰ ক্ৰয় কৰা হৈছিলঃ নৱ কুমাৰ শৰণীয়া

বিটিচিৰ নিৰ্বাচন লৈ ঠায়ে ঠায়ে গণ সুৰক্ষা পাৰ্টী বা অন্য লোকৰ ওপৰত হৈ থকা আক্ৰমণ সন্দৰ্ভত নৱ শৰণীয়াই কয় যে, এয়া কোনো পধ্যেই সহ্য কৰিবলগীয়া কথা নহয়, এয়া অতিকে দুৰ্ভাগ্যজনক। প্ৰশাসনক নিৰপেক্ষ ভাৱে এনে অপশক্তি সমূহক দমন কৰিবলৈ দাবী জনায় সাংসদগৰাকীয়ে ।

আহোম সেনাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

ৰংঘৰৰ বাকৰিত আহোম সেনা অসমৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ বিজেপিক শাসনৰ গাদীৰ পৰা উৎখাত কৰাৰ হুংকাৰ প্ৰদান ৷

উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ ৰূপান্তৰিত হ'ব ৰাজ্যৰ সকলো উচ্চ মাধ্যমিক বিদ্যালয়!

উচ্চতৰ মাধ্যমিকলৈ ৰূপান্তৰিত হ'ব ৰাজ্যৰ সকলো উচ্চ মাধ্যমিক বিদ্যালয় । ষষ্ঠ, সপ্তম আৰু নৱম শ্ৰেণী এম. ই শাখাৰ বিদ্যালয়ত অন্তৰ্ভুক্ত হ'ব । হাইস্কুল শাখাত থাকিব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী ।

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰী সন্দৰ্ভত সৰৱ বিধানসভাৰ মজিয়া

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ বিষয়টোৱে অৱশেষত স্থান লাভ কৰিলে বিধানসভাৰ মজিয়াত ৷ বিষয়টি সদনৰ মজিয়াত উত্থাপন কৰে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷ বিধায়ক পুৰকায়স্থই সমগ্ৰ বিষয়টো সদনত উপস্থাপন কৰি চি বি আই তদন্তৰ দাবী তোলে ৷

চীনে এলএচিত দ্বি-পাক্ষিক চুক্তি,প্ৰ’টকল ভংগ কৰিছে: ভাৰতৰ প্ৰত্যুত্তৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাই য়িৰ লগতে দুয়ো দেশৰ বিশেষ প্ৰতিনিধি একমত হৈছে যে,অতি দায়ৱদ্ধতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লাগে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ শ্ৰীবাস্তৱে তেওঁৰ বিবৃতিত প্ৰকাশ কৰিছে ৷ দুয়োপক্ষই কোনোধৰণৰ উচতনিমূলক কাৰ্য-কলাপৰ আশ্ৰয় লৈ শান্তি, সুস্থিৰতা বিঘ্নিত আৰু দ্বি-পাক্ষিক চুক্তি, প্ৰট’কল ভংগ কৰিব নালাগে বুলি সন্মত হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.