ETV Bharat / state

বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি - top news

বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি

top-10-at-3-pm
বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : May 12, 2021, 3:01 PM IST

হোমেন বৰগোহাঞিৰ মৃত্যুত আলফা(স্বা)ৰ শোক প্ৰকাশ

বিশিষ্ট লেখক,সাহিত্যিক,গল্পকাৰ,চিন্তাবিদ,সাংবাদিক, কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞি দেৱৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম (স্বা)য়ে ৷

বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব অধিক কঠোৰ নীতি নিয়ম

ভয়াৱহ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিছে পূৰ্বতকৈ অধিক কঠোৰ কেতবোৰ নীতি-নিৰ্দেশনা । ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বুধবাৰে এখন সংবাদমেলযোগে ঘোষণা কৰে এই কথা।

আমি বহু সময়লৈ দিশহাৰা হৈ থাকিম : ড৹ নগেন শইকীয়া

হোমেন বৰগোহাঞিৰ মৃত্যুত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাহিত্যিক ড৹ নগেন শইকীয়াই ৷ তেখেতে কয় যে, "নতুন প্ৰতিভাৰ আবিষ্কাৰত তেখেতৰ বৰঙণি অপৰিসীম । এই সকলৰ মাজৰ পৰাই ওলাই আহক, যি সকলে অসমক তেখেতৰ ইচ্ছাৰ বাটেৰে গৈ সমৃদ্ধ কৰি তুলিবলৈ সমৰ্থ হ'ব" ৷

হোমেন বৰগোহাঞিৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য

হোমেন বৰগোহাঞিৰ মৃত্যুত সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ । বৰগোহাঞিৰ মৃত্যুত পুত্ৰ অনিন্দ্ৰ বৰগোহাঁই, বিশিষ্ট শিক্ষাবিদ অমৰজ্যোতি চৌধুৰী আৰু বিশিষ্ট শিল্পী-চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে ব্যক্ত কৰে নিজ প্ৰতিক্ৰিয়া ।

হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্তৰ

প্ৰসিদ্ধ সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ তেওঁৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহুকেইগৰাকী ৰাজনৈতিক নেতাই গভীৰ শোক প্ৰকাশ কৰে ৷

শিলচৰ অসামৰিক চিকিৎসালয়ত ক’ভিড প্ৰতিষেধকৰ কেলেংকাৰী !

শিলচৰ অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা ৷ সমগ্ৰ দেশত মহামাৰী কৰ’ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰা সময়তে শিলচৰ অসামৰিক চিকিৎসালয়ত একাংশ সুবিধাবাদী স্বাস্থ্যকৰ্মীয়ে কৰ’ণা প্ৰতিষেধকৰ নামত কেলেংকাৰী চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কৰ’ণা মহামাৰীৰ এনে বিভীষিকাৰ সময়তে শিলচৰ অসামৰিক চিকিৎসালয়ত কৰ’ণা প্ৰতিষেধকৰ প্ৰদানৰ এটা বিকল্প ৰাস্তা ধৰা পৰিছে । যি ৰাজ্যত বিভিন্ন প্ৰান্তত কৰ’ণাৰ প্ৰতিষেধকৰ অভাৱ পৰিলক্ষিত হৈছে তেনে সময়তে শিলচৰ অসামৰিক চিকিৎসালয়ত প্ৰতিষেধকৰ চিণ্ডিকেট চলাৰ আশংকা কৰিছে একাংশই ৷

কিয় টীয়কত মাটি কিনাৰ মন মেলিছিল হোমেন বৰগোহাঞিয়ে?

টীয়কত মাটি কিনি খেতি কৰিবলৈ মনস্থ কৰিছিল হোমেন বৰগোহাঞিয়ে ৷ বৰগাহাঞিৰ সান্নিধ্য লাভ কৰা টীয়কৰ এগৰাকী আদৰ্শ কৃষকে সদৰি কৰে এই কথা ৷ তেওঁ কয় যে, টীয়কৰ পথাৰ চাবলৈ আহিছিল হোমেন বৰগোহাঞি । এবাৰ নহয়, দুবাৰকৈ আহিছিল আৰু টীয়কতে মাটি কিনি খেতি কৰাৰ মনস্থ কৰিছিল । লগ পাইছিল টীয়কৰ বলমা মৰাণ গাঁৱৰ আদৰ্শ কৃষক নবনিধি গগৈকে ধৰি এচাম কৃষকক । কেনেকৈ এগৰাকী সাহিত্যিক হিচাপে পৰিচিত ব্যক্তিয়ে কৃষি সন্দৰ্ভতো গভীৰ জ্ঞান আয়ত্ব কৰিছিল, সেই সম্পৰ্কে ব্যক্ত কৰে কৃষক নবনিধি গগৈয়ে ৷

ৰাষ্ট্ৰীয় মৰ্যাদাৰে হ’ব হোমেন বৰগোহাঞিৰ অন্ত্যেষ্টিক্ৰিয়া

ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সমাপন কৰা হ’ব প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ ৷ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব সাহিত্যিক গৰাকীৰ ৷

ত্ৰিপুৰাৰ ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন ২৫ গৰাকীকৈ ৰোগীৰ, আটক ৭

সোমবাৰে নিশা ত্ৰিপুৰাৰ জিলাৰ অম্বাচা ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন ২৫ গৰাকী ক'ভিড ৰেগীৰ । পাচত আৰক্ষীৰ তৎপৰতাত স্থানীয় ৰে’ল ষ্টেচনৰ পৰা ৭ জনক আটক কৰিবলৈ সক্ষম হয় । বুধবাৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ক'ভিড কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ পূৰ্বে সংঘটিত এই ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে ।

ত্ৰিপুৰাত অভিলেখ ভংগ: এদিনতে ১১ জনকৈ কৰ'ণা ৰোগী নিহত

সমগ্ৰ দেশৰ লগতে ত্ৰিপুৰাতো বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ । যোৱা ২৪ ঘন্টাত ১১ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱায় মহামাৰী কৰ’ণাত । বৰ্তমানলৈ ত্ৰিপুৰাত ২৯১৭ টা ঘটনা সক্ৰিয় হৈ আছে । আনহাতে, ১৩৭ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.