ETV Bharat / state

বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : May 11, 2021, 3:06 PM IST

বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 @ 3 PM
বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি

কৰ'ণাত আক্ৰান্ত হৈ হায়দৰাবাদত জীৱন মৃত্যুৰে যুঁজিছে অসমৰ যুৱকে

নগাঁও জিলাৰ পুৰণিগুদাম হাতীগাঁৱৰ নিবাসী তিলক দাস নামৰ যুৱকজনে কৰ্মৰ সন্ধানত হায়দৰাবাদলৈ গৈ কৰ'ণাত আক্ৰান্ত হয় ৷ হায়দৰাবাদত থকা চৰকাৰী ক‘ভিড কেয়াৰ চেন্টাৰত ক‘ভিড সংক্ৰমিত ৰোগীৰ বাবে থকা ঠাইৰ যথেষ্ট অভাৱ হোৱাত এখন নাৰ্চিং হোমত যুৱকজনক ভৰ্তি কৰায় যদিও চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট আৰ্থিক সংকটে দেখা দিছে ৷ সেয়েহে যুৱকজনৰ চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে সহায় বিচাৰিছে সদাশয় লোকৰ ৷

জাগুনত গ্ৰেনেড বিস্ফোৰণত নিহত কিশোৰ

তিনিচুকীয়া জিলাৰ জাগুনৰ কথাকাঠনিত মঙলবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক গ্ৰেনেড বিস্ফোৰণ কাণ্ড ৷ বিস্ফোৰণত থিতাতে এজন 12 বছৰীয়া কিশোৰ নিহত হোৱাৰ লগতে আহত হয় এজন যুৱক ৷ নিহত কিশোৰজনৰ নাম সুৰজ হাজং বুলি জানিব পৰা গৈছে ৷

প্ৰতিমাহে এখনকৈ সংবাদমেল সম্বোধন কৰিম: মুখ্যমন্ত্ৰী হিমন্ত

মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লোৱাৰ পাচত মঙলবাৰে পুৱাৰ ভাগতে গুৱাহাটীস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়ত উপস্থিত হয় ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ দলীয় কাৰ্যালয়ত উপস্থিত হৈ দলীয় নেতা-কৰ্মীসকলক সাক্ষাৎ কৰে নৱ নিযুক্ত মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ বিজেপিৰ নেতা-কৰ্মীৰ সৈতে এক আলোচনাত মিলিত হয় ।

ক'ভিড ৰোগীৰ বাবে সাজু নগাঁও কাগজ কলৰ ক’ভিড চিকিৎসালয়

ক'ভিড ৰোগীৰ বাবে সাজু কৰি তুলা হৈছে জাগীৰোডস্থিত নগাঁও কাগজ কলৰ ক’ভিড চিকিৎসালয় ৷ বৰ্তমান চিকিৎসালয়খনত 60 খন বিচনাৰ লগতে প্ৰতিখন বিচনাৰ লগতে অক্সিজেনৰ চিলিণ্ডাৰৰো সু-ব্যবস্থাও কৰা হৈছে ৷

জোনাইত গুলীচালনা: গুৰুতৰভাৱে আহত এজন ব্যৱসায়ী

জোনাইত সোমবাৰে নিশা সংঘটিত হয় এক গুলীয়াগুলিৰ ঘটনা ৷ জোনাই মহকুমাৰ অন্তৰ্গত 1 নং চিৰামপুৰীয়া গাঁৱৰ নিৱাসী সুভাষ চাহু নামৰ ব্যৱসায়ীজনৰ ওপৰত চাৰিজনীয়া অচিনাকি দুৰ্বৃত্তৰ দলে গুলিচালনা কৰা বুলি জানিব পৰা গৈছে ৷

ডুমাডুমাত স্বাস্থ্যকৰ্মীয়ে এম্বুলেঞ্চত নিনিলে কৰ'ণা ৰোগী

ডুমডুমা চহৰৰ বিবেকানন্দ পথৰ মনোৰঞ্জন সূৰ ফলতত্ৰধৰ নামৰ 60 বছৰীয়া লোকজন ক'ভিড আক্ৰান্ত হোৱা লোকজনৰ অৱস্থা অতি সংকটজনক হোৱাত জীয়ৰীয়ে ফোন যোগে ১০৮ এম্বুলেঞ্চ মাতি পঠিয়ায় ৷ কিন্তু পিপিই কিট পৰিধান কৰি অহা স্বাস্থ্যকৰ্মী কেইগৰাকীয়ে লোকজনক স্থানীয় ৰাইজক দাঙি আনিবলৈ কোৱাত হতভম্ব হৈ পৰে স্থানীয় লোকসকল ৷

জনপ্ৰিয় কবি পল শেনছোৱাৰ দেহাৱসান

সোমবাৰে নিশা অসমৰ জনপ্ৰিয় কবি পল শেনছোৱাৰ ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত মৃত্যু হয় । জনপ্ৰিয় কবি প্ৰেংকাইটিছত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লয় পল শেনছোৱাই ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন আমুলৰ

দেশৰ অন্যতম সৰ্ববৃহৎ দুগ্ধজাত কোম্পানী আমুলৰ প’ষ্টাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি সৃদৃশ কাৰ্টুন ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ টুইটযোগে কাৰ্টুন প’ষ্টাৰ শ্বেয়াৰ কৰি তেওঁৰ ওপৰত বিশ্বাস কৰিবলৈ আহ্বান জনায় আমুল কোম্পানীয়ে ৷

ত্ৰিপুৰাত ৰে'লৰ দবাত ক'ভিড ৰোগীৰ বাবে আইচ'লেশ্যনৰ ব্যৱস্থা

ক'ভিড মহামীৰৰে যুঁজ দিয়াৰ ক্ষেত্ৰত ত্ৰিপুৰা চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে উত্তৰ-পূব সীমান্ত ৰে'লৱেই । আগৰতলা ৰে'ল ষ্টেচনত ৰে'লৰ দবাত ২০০ খন বিচনা সাজু কৰা হৈছে ক'ভিড ৰোগীৰ বাবে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ত্ৰিপুৰাৰ সঞ্চালক সিদ্ধাৰ্থ শিৱ জৈছৱালে এই কথা প্ৰকাশ কৰিছে ।

ক'ভিড-১৯: ত্ৰিপুৰাত যোৱা ২৪ ঘণ্টাত ৪ জনৰ মৃত্যু

দেশৰ ভিন্ন ৰাজ্যৰ লগতে ক'ভিড-১৯ৰ দ্বিতীয়ে ঢৌৱে ভাবুকি আনিছে ত্ৰিপুৰালৈ । যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ১৩৩ জন লোক মহামাৰীৰ কবলত পৰিছে । মাত্ৰ এটা দিনতে কৰ'ণাই প্ৰাণ কাঢ়িলে ত্ৰিপুৰাৰ ৪ জন লোকৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.