ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহ বাতৰি... - TOP 10 @ 3 PM

তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 @ 3 PM
তিনি বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Sep 23, 2020, 3:00 PM IST

স্বাস্থ্য বিভাগৰ কাণ্ড: বিদ্যালয়তে এৰিলে কোভিড কেন্দ্ৰৰ সামগ্ৰী

মৰাণত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ আজৱ কাণ্ড ৷ কোভিড কেন্দ্ৰত ব্যৱহৃত সামগ্ৰী এৰি গ’ল বিদ্যালয়ৰ চৌহদত ৷ বিভাগৰ এনে অবিবেচকী কাণ্ডৰ বাবে বিদ্যালয়ত পুনৰ আৰম্ভ কৰিব পৰা নাই পাঠদান ৷

ডিব্ৰুগড় বিমানবন্দৰত জব্দ কেইবা লক্ষাধিক নগদ ধন

ডিব্ৰুগড় বিমানবন্দৰত বুধবাৰে উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন ৷ বিমানবন্দৰটোলৈ অহা যাত্ৰীৰ পৰা উদ্ধাৰ কৰা হৈছে এই টকাখিনি ৷

কৰিমগঞ্জত সংঘটিত চুৰিৰ ঘটনা

ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কৰিমগঞ্জৰ লংগাই ৰোডৰ নিবাসী পদ্মাৱতী দাসৰ ঘৰত চোৰে চলালে লুট ৷ চোৰে লুটি নিয়ে প্ৰায় 15 লক্ষাধিক টকাৰ সামগ্ৰী ৷

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এটা দুৰ্ভগীয়া পৰিয়াল

মানুহক জীয়াই থাকিবলৈ খাদ্য,বস্ত্ৰ আৰু বাসস্থানৰ বাহিৰেও লাগে এটা পৰিৱেশ ৷ সকলোৱে নিজ সন্তানক দিব বিচাৰে সকলো সুখ ৷ কিন্তু পাঠশালাৰ এটা পৰিয়ালে দিনৰ পাছত দিন পাৰ কৰিছে এমুঠি অন্নৰ বাবে ৷ নিজ সন্তানক অনাহাৰে ৰাখিব লগীয়া হোৱাত চকুলো টুকিছে পিতৃ প্ৰমোদ কাকতিয়ে ৷

11 সদস্যক বিদায় সম্ভাষণ জনালে ৰাজ্যসভাই

বুধবাৰে 11 গৰাকী সাংসদক বিদায় সম্ভাষণ প্ৰদান কৰে ৰাজ্যসভাই ৷ চলিত বৰ্ষৰ নৱেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰিব এই 11 গৰাকী সাংসদে ৷

কোভিডৰ মৃত্যুৰ ক্ষেত্ৰত কেন্দ্ৰৰ বিভ্ৰান্তিকৰ স্থিতি

যেতিয়া কোভিড-১৯ সংক্ৰমণ আৰম্ভ হৈছিল তেতিয়া চিকিৎসক, পেৰামেডিকেল কৰ্মী, আৰক্ষী আৰু চাফাই কৰ্মীসকলক সহযোগ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীক আহ্বান জনাইছিল । দেশবাসীয়ে সানন্দে সেয়া মানিছিল । আনকি কৰ’ণা যোদ্ধাসকলক সন্মান জনাই চিকিৎসালয়ত পুষ্প বৃষ্টি বৰ্ষণৰ বাবে কেন্দ্ৰই লোৱা পদক্ষেপকো ৰাইজে আদৰণি জনাইছিল ।

বাইহাটাত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

বাইহাটা চাৰিআলিৰ কৰৰা পিংগলেশ্বৰ দেৱালয় পথৰ পৰা খৰিকটা হাইস্কুললৈ যোৱা পথ নিৰ্মাণত ঠিকাদাৰ কামাল উদ্দিন আহমেদে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ক'লাজান নৈত উদ্ধাৰ হাত-ভৰি বন্ধা অচিনাক্ত মৃতদেহ

কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাৰেগাঁৱৰ পুৰণি মছজিদৰ সমীপৰ ক'লাজান নৈত উদ্ধাৰ অচিনাক্ত মৃতদেহ ৷ মৃতদেহটো হাত-ভৰি বন্ধা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷

আৰক্ষীৰ জালত প্ৰলোভনেৰে ধন লুট কৰা মহিলা

এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ এই ফকৰা যোজনাৰ যেন সত্যাসত্য প্ৰমাণিত হ'ল গোলাঘাটত ৷ ঋণ দিয়াৰ প্ৰলোভনেৰে গাঁৱৰ সহজ সৰল মহিলাক আভুৱা ভাৰি ধন লুট কৰি অহা এগৰাকী মহিলা পৰিল আৰক্ষীৰ জালত ৷

সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীত জড়িত দুজনক গ্ৰেপ্তাৰ

কৰিমগঞ্জ আৰক্ষীয়ে সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰ সৈতে জড়িত ইকবাল হুছেন আৰু জমছেদ আহমেদ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰি কৰিমগঞ্জ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ এই কাৰ্যৰ লগত জড়িত থকাৰ বহু নথি-পত্ৰ লোক দুজনৰ পৰা জব্দ কৰে আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.