ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পৰিস্থিতি অতি গুৰুতৰঃ নাৰাভানে
লেহত উপস্থিত হোৱাৰ পিছতে মই বিভিন্ন বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈছো ৷ মই পৰিস্থিতি পৰ্যবেক্ষণ কৰিছো ৷ জোৱানসকলৰ মনোবল অতি উচ্চ আৰু তেঁওলোক সকলো পৰিস্থিতিৰে মুখামুখী হোৱাৰ বাবে প্ৰস্তুত ৷’- সেনা প্ৰধান এম.এম.নাৰাভানে ৷
সমাগত বিশ্বকৰ্মা পূজা: মৃৎ শিল্পীসকলৰ মাজত পূৰ্বৰ দৰে নাই উছাহ
অন্য বৰ্ষত পূজাৰ পূৰ্বে বিৰ দি বাট নোপোৱা অৱস্থা হোৱা মহানগৰীৰ লাচিত নগৰৰ মূৰ্তিৰ বিপণীসমূহত এতিয়া মাথো বিৰাজ কৰিছে নিমাওমাও পৰিৱেশে ৷ কিয়নো এইসমূহ বিপণীত কৰ’ণা ভাইৰাছৰ বাবে অহা নাই কোনো অৰ্ডাৰ ৷ তদুপৰি মূৰ্তি নিৰ্মাণ কৰিবলৈ প্ৰয়োজনীয় কেঁচা সামগ্ৰী সমূহৰো কৰ’ণাৰ বাবে অত্যধিক দাম হোৱা বুলি শিল্পীসকলে প্ৰকাশ কৰিছে ৷
জম্মু-কাশ্মীৰৰ অৰ্ধ সামৰিক বাহিনীত কৰ্মৰত অসমীয়া বিষয়াৰ আত্মহত্যা
জম্মু-কাশ্মীৰৰ দ'ডা জিলাৰ কুট্লি,ভদেৰৱাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহকাৰী উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ থকা অমৃত বৰদলৈ নামৰ বিষয়াগৰাকীৰ আত্মহত্যা ৷ নিজৰ চাৰ্ভিছ ৰাইফলেৰে গুলিয়াই আত্মহত্যা কৰে বিষয়াগৰাকীয়ে ৷
পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি, প্ৰাণ হেৰুৱালে মাতৃ-পুত্ৰই
নগাঁৱত পাৰিবাৰিক কন্দলৰ পৰিণতিস্বৰূপে পত্নী, কন্যা আৰু পুত্ৰক জ্বলাই দিলে ৰফিকুল ইছলাম নামৰ এজন লোকে ৷ ইতিমধ্যে মৃত্যু হৈছে পত্নী আৰু কন্য়াৰ আৰু চিকিৎসাধীন অৱস্থাত আছে পুত্ৰ ৷
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: সীমান্ত অঞ্চল পৰিদৰ্শন লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ
অসমীয়া আৰু অৰুণাচলীৰ লোকৰ মাজত অনুষ্ঠিত এখন সীমা সম্পৰ্কীয় বৈঠকত এগৰাকী অৰুণাচলী মহিলাই প্ৰহাৰ কৰিছিল লখিমপুৰ জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰশান্ত সোণোৱালক ৷ এই বিষয় সন্দৰ্ভত বিশদভাৱে বাতৰি প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত ৷ ইয়াৰ পিছতে সীমান্ত অঞ্চল পৰিদৰ্শন কৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ এটা দলে ৷
শাৰদীয় দূৰ্গোৎসৱ উদযাপনত বাধা আলফা স্বাধীনৰ
শাৰদীয় দূৰ্গোৎসৱলৈ মাজত মাথো এটা মাহ ৷ এনে সময়ত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)য়ে অসমবাসীলৈ উদ্দেশ্যি প্ৰেৰণ কৰিছে এক বাৰ্তা ৷ বাৰ্তাটোৰ জড়িয়তে এইবাৰৰ শাৰদীয় দূৰ্গোৎসৱ উদযাপন নকৰিবলৈ জনাইছে আহ্বান ৷ কিন্তু কিয় ?
ডেকা সত্ৰীয়া নৱজিৎ দাসলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
সত্ৰীয়া সংস্কৃতিৰ সাধক, বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া স্বৰ্গীয়া নৱজিৎ দাসক সোঁৱৰি বৰপেটা সত্ৰৰ শাখা-সত্ৰ সমাজে আয়োজন কৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত স্বৰ্গীয়া নৱজিৎ দাসৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই ৷
কৰ'ণাৰ সংকটকালত বিদেশী ছাত্ৰক নিজ দেশলৈ উভতাই নিবলৈ আহ্বান ভাৰতৰ
G20 ৰ বৈঠকত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বিদেশী ছাত্ৰ তথা নাবিক সকলক স্বদেশলৈ উভতাই নিয়া আৰু তেওঁলোকৰ সুৰক্ষাৰ ক্ষেত্ৰত থকা প্ৰট'কলৰ বিকাশ সাধন কৰাৰ এক প্ৰস্তাৱ আগবঢ়ায় ।
আজমীৰত বোৱাৰীয়েকক পণবন্দী শহুৰ আৰু শাহুৱেকৰ
আজমীৰত সংঘটিত হৈছে এটা দুখজনক ঘটনা । এগৰাকী বিবাহিত মহিলাক স্বামী গৃহত শহুৰ আৰু শাহুৱেকে এটা কোঠাত তলা বন্ধ কৰি আবদ্ধ কৰি ৰাখে । এই কথা প্ৰকাশ কৰিছে মহিলাগৰাকীৰ উদ্ধাৰ কৰিবলৈ যোৱা আজমীৰ আৰক্ষীয়ে । জানিব পৰা অনুসৰি মহিলাগৰাকীৰ লগতে তেখেতৰ দুইবছৰীয়া কন্যাকো তলাবন্ধ কৰি কোঠাত আবদ্ধ কৰি থৈছিল ।
শ্বহীদ চুবেদাৰ ৰাজেশ কুমাৰৰ স্মৃতিত উদ্যান অথবা বিদ্যালয় নিৰ্মাণৰ আহ্বান কন্যাৰ
জম্মু-কাশ্মীৰত দেশৰ বাবে প্ৰাণ আহুতি দিয়া চুবেদাৰ ৰাজেশ কুমাৰৰ কন্যাৰ বিশেষ আহ্বান। শ্বহীদ চুবেদাৰ ৰাজেশ কুমাৰৰ স্মৃতিত উদ্যান অথবা বিদ্যালয় নিৰ্মাণৰ অনুৰোধ জনালে কন্যাই।