কৰিমগঞ্জত ভূমিস্খলন : প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে 5 সদস্যই
কৰিমগঞ্জত ভয়াবহ ভূমিস্খলনৰ ফলত একেটা পৰিয়ালৰে পাঁচ জন সদস্যই প্ৰাণ হেৰুৱাব লগা হ'ল ৷ কৰিমগঞ্জৰ কালীগঞ্জ এলেকাৰ কৰিমপুৰ 10 নম্বৰ ৱাৰ্ডত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা ৷
আই আই টি গুৱাহাটীত ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিবাদী সভা
লক ডাউনৰ সময়ত নীতি বৰ্হিভুত ভাবে আই আই টি গুৱাহাটীৰ 99 জন শ্ৰমিকক কামৰ পৰা উলিয়াই দিয়াকলৈ সোমবাৰে প্ৰতিবাদ মুখৰ হৈ পৰে ভাৰতীয় মজদুৰ সংঘ । এই কাৰ্যৰ বিৰোধিতাৰে গুৱাহাটী আই আই টিৰ লঠিয়াবাগিছা গেটৰ সন্মুখৰ খেলপথাৰত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় মজদুৰ সংঘই ৷
নিৰ্বিকাৰ বন বিভাগঃ শোণিতপুৰত ব্যাপক হাৰত চলিছে বন ধ্বংস অভিযান
নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলত বছৰ বছৰ ধৰি বনধ্বংস যজ্ঞ চলি থকাৰ লগতে জীয়াভৰলী নদীত চলি আছে অবৈধ শিল বালি খনন কাৰ্য ৷ জীয়াভৰলী নদীখনত চলি থকা অবাধ খননৰ বাবেই লুপ্ত পাবলৈ ধৰিছে প্ৰাকৃতিক সৌন্দৰ্য্য ।
ফাষ্টট্ৰেক আদালতত কৰা হ'ব দেৱশীষ গগৈ হত্যাকাণ্ডৰ বিচাৰ !
30 মে'ত মৰিয়নিৰ গাভৰু চাহবাগিছাৰ সমীপত একাংশ উন্মত্ত লোকে হত্যা কৰিছিল দেৱাশীষ গগৈ নামৰ যুৱকজনক ৷ সামান্য এটি দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতেই গণ ৰোষৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছিল যুৱকজনে ৷ এই ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী তুলিছে ৰাজ্যবাসীয়ে ৷ ইয়াৰ কেইদিনমান পূৰ্বে চাবুৱাত এজন যুৱক আৰু হাজোত এগৰাকী পাচলি বিক্ৰেতাই মৃত্যুক সাৱটিব লগীয়া হৈছিল গণৰোষৰ বলি হৈ ৷
'কা' বিৰোধী আন্দলোনৰ সক্ৰিয় আছু নেতাই পিন্ধিলে গেৰুৱা বসন !
বিজেপি বিৰোধী শ্ল'গান দিয়া মুখেৰেই বিজেপি গুণ গাবলৈ আগবাঢ়িছে এগৰাকী আছু নেতা ৷ ডিব্ৰুগড়ৰ আছু নেতা দিব্যজ্যোতি গগৈয়ে সোমবাৰে আনুষ্ঠানিকভাৱে যোগ দিয়ে গেৰুৱা দলত ৷
বহিৰাজ্যৰ পৰা উভতি অহা যুৱকলৈ শূণ্য শতাংশত ঋণঃ অতুল বৰা
অসমৰ অৰ্থনৈতিক ব্যৱস্থা পুনৰ টনকিয়াল কৰি তুলিবলৈ ৰাজ্যৰ কৃষি বিভাগে ভৱিষ্যত দিনৰ এক নতুন কৰ্ম আচনিৰ ৰূপৰেখা প্ৰস্তুত কৰিছে । ৰাজ্যৰ বাহিৰৰ পৰা উভতি অহা অসমৰ যুৱকসকলক উৎসাহিত কৰিবলৈ কৃষি বিভাগে মৌ পালন,কাঠফুলা আদি খেতিৰ বাবে পুজিৰ যোগান ধৰিব । শূণ্য শতাংশ সুতত এইসকল যুৱকক কে চি চিৰ ঋণ প্ৰদান কৰা হ'ব ৷
অখিল গগৈক ৰাজনৈতিক অভিসন্ধিৰে কাৰাবন্দী কৰি ৰাখিছে : দেৱব্ৰত শইকীয়া
শাসকীয় দলৰ নেতা কৰ্মীয়ে লক ডাউনৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ উপৰিও সামাজিক ব্যৱধান অমান্য কৰাৰ অভিযোগ উত্থাপন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷
নগাঁও আৰু নলবাৰীত আতংকঃ ৰাজপথত উদ্ধাৰ ব্যৱহৃত পিপিই কিট
ৰাজ্যৰ দুই পৃথক স্থানত পুনৰ উদ্ধাৰ ব্যৱহৃত পিপিই কিট । নগাঁৱৰ ৰাজপথত পৰি থকা পিপিই কিটক লৈ এতিয়া জিলাখনত সৃষ্টি হৈছে চাঞ্চল্য ৷ ব্যৱহৃত কিটতো কোনে এনেদৰে ৰাজপথত পেলালে সেয়া নিশ্চিত হোৱা নাই ৷ অনুৰূপধৰণে নলবাৰীৰ সমীপৰ ঘগ্ৰাপাৰৰ ৰাজপথতো উদ্ধাৰ হৈছে ব্যৱহৃত পিপিই কিট ৷
শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ ৪৭৪ সংখ্যক জন্ম জয়ন্তী উদযাপন
দেশজুৰি বাহাল থকা লক ডাউনৰ বাবে মহাপুৰুষ জনৰ ৪৭৪ সংখ্যক জন্ম জয়ন্তী ভাগ উলহ মালহেৰে উদযাপন কৰিব পৰা নাই তেঁওৰ শিষ্য সকলে ৷ মহাপুৰুষ মাধৱদেৱে উজনি অসমত ধৰ্মপ্ৰচাৰক হিচাপে দ্বায়িত্ব অৰ্পন কৰিছিল এই গৰাকী মহাপুৰুষ শ্ৰীশ্ৰী বদলা পদ্ম আতাক ৷
অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ বিশেষ পদক্ষেপ
অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণে লক ডাউনৰ সময়ত ঘৰুৱা হিংসা,স্বামীৰ অত্যাচাৰ উৎপীড়ণৰ বলি হোৱা মহিলা সকললৈ আগবঢ়াব আইনী সুবিধা ৷